মাতৃৰ মৃত্যুৰ এমাহৰ পাছতেই পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ঘগ্ৰাপাৰ থানাৰ OC বিৰিঞ্চি দাসে
এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এজন আৰক্ষী বিষয়াই। জানিব পৰা মতে, স্কুটিৰে গৈ থকা অৱস্থাত এখন তীব্ৰবেগী বাহনে খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় আৰক্ষী বিষয়া বিৰিঞ্চি দাস।

এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল এগৰাকী আৰক্ষী বিষয়াৰ। মহাশিৱৰাত্ৰিৰ নিশা গুৱাহাটী মহানগৰীৰ লালমাটিত এই পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে, তীব্ৰবেগী এখন চুইফট বাহনে মহতিয়াই নিয়ে এজন স্কুটি চালকক। এই স্কুটিখনেই চলাই আছিল আৰক্ষী বিষয়াগৰাকীয়ে। যাৰ ফলত তেওঁৰ থিতাতে মৃত্যু হয়। বুধবাৰে নিশা সংঘটিত হোৱা এই ঘটনাৰ ফলত সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।
দুৰ্ঘটনাত মৃত্যু হোৱা লোকজন ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী (OC) বিষয়া বিৰিঞ্চি দাস। জানিব পৰা মতে, নিশা ভেটাপাৰাৰ পৰা স্কুটিৰে গৈ আছিল বিৰিঞ্চি দাস। তেতিয়াই লালমাটিৰ গেম ভিলেজৰ সন্মুখত ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ’ব লওতেই তীব্ৰবেগী এখন চুইফট বাহনে তেওঁক খুন্দা মাৰে। যাৰ ফলত স্কুটিখন চূৰ্ণ বিচূৰ্ণ হৈ পৰে আৰু থিতাতে মৃত্য়ু হয় বিৰিঞ্চি দাসৰ।
নিয়ন্ত্ৰণ হেৰুৱাই স্কুটীখনত খুন্দা মাৰিছিল চাৰিচকীয়া বাহনখনে আৰু ঘটনা সংঘটিত কৰিয়েই উক্ত স্থানৰ পৰা পলায়ন কৰে গাড়ীৰ চালকে । ঘটনা সংঘটিত কৰা চুইফট বাহনখনৰ নম্বৰ AS 01AY 9101। এই ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছতেই উক্ত স্থানত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ইতিমধ্যে চুইফট বাহনখন আৰক্ষীয়ে জব্দ কৰিছে যদিও গাড়ীৰ চালক পলাতক অৱস্থাত আছে। চালকক বিচাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান।
জানিব পৰা মতে, কিছুদিন পূৰ্বে আৰক্ষী বিষয়া বিৰিঞ্চি দাসৰ মাতৃৰ মৃত্যু হৈছিল। সেই সূত্ৰে তেওঁ যোৱা এমাহ ধৰি ছুটীত ঘৰতে আছিল। ২৬ ফেব্ৰুৱাৰী আছিল তেওঁৰ ছুটীৰ শেষ দিন আৰু ২৭ ফেব্ৰুৱাৰীত তেওঁৰ চাকৰিত পুনৰ যোগদান কৰাৰ কথা। কিন্তু তাৰ পূৰ্বে কালি নিশা ২ মান বজাত সংঘটিত হয় এই শোকাবহ পথ দুৰ্ঘটনা।
উল্লেখ্য যে, অতি অমায়িক, সৎ আৰু সাহসী আৰক্ষী বিষয়া হিচাপে পৰিচিত আছিল বিৰিঞ্চি দাস। ঘগ্ৰাপাৰৰ পূৰ্বে তেওঁ যোৰহাট, পানবজাৰ আৰক্ষী থানা আদিত কৰ্মৰত আছিল। আৰক্ষী বিষয়াগৰাকীৰ মৃত্যুত তেওঁক পৰিয়ালৰ লগতে আত্মীয় স্বজনৰ মাজত শোকৰ ছাঁ পৰিছে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ অন্তত আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। মন কৰিবলগীয়া যে, এই অঞ্চলটোত প্ৰায়ে পথ দুৰ্ঘটনাৰ ঘটনা সংঘটিত হয়। ইয়াৰোপৰি কালি সংঘটিত হোৱা পথ দুৰ্ঘটনাৰ সময়ত গাড়ীৰ চালক সুৰাসক্ত অৱস্থাত আছিল নেকি সেয়াও তদন্তৰ অন্তত ওলাব।