শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

দেশ বিৰোধী মন্তব্যই ভৰি পৰিছে অসমৰ সামাজিক মাধ্যম ! এইজন নজমুল হকক বিচাৰি হাবাথুৰি খাইছে গোৱালপাৰা আৰক্ষী

এইবাৰ সামাজিক মাধ্যমত দেশ বিৰোধী মন্তব্য কৰি বিপদত পৰিছে গোৱালপাৰা জিলাৰ এজন যুৱক। যুৱকজনৰ নাম হৈছে নজমুল হক। অভিযোগ অনুসৰি, যুৱকজনে কাশ্মীৰৰ পহলগামত সংঘটিত হোৱা অমানৱীয় ঘটনাৰ সমৰ্থন জনাই সামাজিক মাধ্যমত লিখিছে যে, পাকিস্থান জিন্দাবাদ।

দেশ বিৰোধী মন্তব্যই ভৰি পৰিছে অসমৰ সামাজিক মাধ্যম ! এইজন নজমুল হকক বিচাৰি হাবাথুৰি খাইছে গোৱালপাৰা আৰক্ষী
manas-borah
Manas Borah | Updated On: 27 Apr 2025 18:53 PM

পহলগামৰ সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হয় পৰ্যটকসহ ২৬ জন লোক । এই ঘটনাই সমগ্ৰ বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সীমান্ত সিপাৰে সন্ত্ৰাসবাদক সমৰ্থন কৰা অভিযোগত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে । ইয়াৰ ভিতৰত অন্যতম সিদ্ধু জল সন্ধি বাতিল । ভাৰতৰ এই সিদ্ধান্তৰ পাছতে এতিয়া পাকিস্তানত সৃষ্টি হৈছে জোকাৰণিৰ ।

ইফালে, অসমত এই ঘটনাক কেন্দ্ৰ কৰি সামাজিক মাধ্যমত দেশ বিৰোধী মন্তব্য দি ইতিমধ্যে ৰঙা ঘৰৰ আলহী হৈছে বহু জন। সামাজিক মাধ্যমত দেশ বিৰোধী মন্তব্য কৰাসকলৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশকো ভয় নকৰে একাংশ কথিত দেশ-বিৰোধীয়ে ।

এইবাৰ সামাজিক মাধ্যমত দেশ বিৰোধী মন্তব্য কৰি বিপদত পৰিছে গোৱালপাৰা জিলাৰ মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত ধোপতলা লেৱাবাৰীৰ এজন যুৱক। যুৱকজনৰ নাম হৈছে নজমুল হক। অভিযোগ অনুসৰি, যুৱকজনে কাশ্মীৰৰ পহলগামত সংঘটিত হোৱা অমানৱীয় ঘটনাৰ সমৰ্থন জনাই সামাজিক মাধ্যমত লিখিছে যে,”পাকিস্থান জিন্দাবাদ। কাশ্মীৰৰ ঘটনাত নিহত সংখ্য়া কম হৈছে আৰু বেছিকৈ মৰিব লাগিছিল।” লগতে হিমন্ত বিশ্ব শৰ্মা মুর্দাবাদ বুলিও লিখিছে যুৱকজনে ।

এইদৰে সামাজিক মাধ্যমত লিখি এতিয়া আৰক্ষীৰ ভয়ত পলাতক হৈ আছে অভিযুক্ত নজমুল হক। জানিব পৰা মতে,মৰনৈ আৰক্ষীয়ে বিগত দুদিন ধৰি নজমুল হকক বিচাৰি ফুৰিছে। ইতিমধ্যে নজমুল হকৰ পৰিয়ালে আৰক্ষীৰ হাতত নজমুল হকে ব্যৱহাৰ কৰা মোবাইল ফোন গতাই দিছে যদিও নজমুল হকক আটক কৰিবলৈ সক্ষম হোৱা আৰক্ষী।

বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, সামাজিক মাধ্যমত দেশ বিৰোধী মন্তব্য কৰা নজমুল হকে আজি সন্ধিয়াৰ ভাগত মৰনৈ আৰক্ষী থানাত আত্মসমৰ্পণ কৰাৰ সম্ভাৱনা আছে । উল্লেখ্য যে, যি সময়ত কাশ্মীৰৰ পহলগামত পাকিস্তানৰ সত্ৰাসবাদীয়ে সংঘটিত কৰা নৃশংস হত্যাকাণ্ডৰ বিৰুদ্ধে সমগ্ৰ দেশ একত্ৰিত হৈছে, তেনে সময়ত এই যুৱকজনে সামাজিক মাধ্য়মত কৰা দেশ বিৰোধী মন্তব্যই সমগ্ৰ গোৱালপাৰা জিলাত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে।

সমগ্ৰ অসমতে এই ধৰণৰ মন্তব্য কৰা বাবে কমেও ১৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিছে । এক্সত প্ৰকাশ কৰা এটা পোষ্টত তেওঁ কয় যে, এতিয়ালৈকে মুঠ ১৬জনক গ্ৰেপ্তাৰ কৰা হৈছে ।