মেৰাপানীত ঘৰৰ ভিতৰতে উদ্ধাৰ সেনা জোৱানৰ মৃতদেহ! দুই পত্নীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ
আছাম ৰেজিমেণ্টৰ জোৱান বেণুধৰ বৰাই দুমাহৰ ছুটী লৈ ঘৰলৈ আহিছিল । কিন্তু বৃহস্পতিবাৰে নিশা মৃত অৱস্থাত তেওঁক উদ্ধাৰ কৰে পৰিয়ালৰ লোকে । যোৱানিশা মেৰাপানীৰ পুলিবাগানৰ নিজা বাসগৃহতে মাটিত পৰি থকা অৱস্থাত উদ্ধাৰ হয় বেণুধৰ বৰাৰ মৃতদেহ। জোৱানজনৰ দুই পত্নীয়ে মিলি হত্যা কৰি পেলাই থোৱাৰ অভিযোগ পৰিয়ালৰ লোকৰ।
দেৱী দুৰ্গাৰ বন্দনাৰে মুখৰিত ৰাজ্যৰ চৌদিশ। ইয়াৰ মাজতে গোলাঘাটৰ মেৰাপানীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। ঘৰৰ ভিতৰতে উদ্ধাৰ এগৰাকী সেনা জোৱানৰ মৃতদেহ । মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত পুলিবাগান এলেকাত সংঘটিত হৈছে এই ৰহস্যজনক ঘটনাটো । মৃত জোৱানজন হৈছে বেণুধৰ বৰা । ভাৰতীয় সেনাৰ আছাম ৰেজিমেণ্ট চুবেদাৰ বেণুধৰ বৰা।
খবৰ অনুসৰি বেণুধৰ বৰা অৰুণাচল প্ৰদেশত কৰ্মৰত আছিল । আছাম ৰেজিমেণ্টৰ জোৱান বেণুধৰ বৰাই দুমাহৰ ছুটী লৈ ঘৰলৈ আহিছিল । কিন্তু বৃহস্পতিবাৰে নিশা মৃত অৱস্থাত তেওঁক উদ্ধাৰ কৰে পৰিয়ালৰ লোকে । যোৱানিশা মেৰাপানীৰ পুলিবাগানৰ নিজা বাসগৃহতে মাটিত পৰি থকা অৱস্থাত উদ্ধাৰ হয় বেণুধৰ বৰাৰ মৃতদেহ। জোৱানজনৰ দুই পত্নীয়ে মিলি হত্যা কৰি পেলাই থোৱাৰ অভিযোগ পৰিয়ালৰ লোকৰ।
ইয়াৰ পাছতেই পৰিয়ালৰ লোকে মেৰাপানী আৰক্ষীক খবৰ দিয়াত মেৰাপানী আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত কৰে আৰু পুৱাৰ ভাগতে ঘটনাস্থলীত সীমান্ত দণ্ডাধীশ উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পাছতহে সমগ্ৰ ঘটনা পোহৰলৈ আহিব। জোৱানজনৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ।
এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰিছে একাংশ আত্মীয়ই । মৃত জোৱানজনৰ একাংশ আত্মীয়ই অভিযোগ কৰা মতে তেওঁৰ দুগৰাকী পত্নী এই হত্যাকাণ্ডত জড়িত আছে । তেওঁলোকে অভিযোগ কৰা মতে জোৱানজনক প্ৰায়ে দুই পত্নীয়ে শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাইছিল । ছুটীত ঘৰলৈ আহিলেই দুই পত্নীয়ে তেওঁৰ ওপৰত নিৰ্যাতন চলায় । দুই পত্নীৰ এনে অত্যাচাৰৰ কথা প্ৰায়ে আত্মীয়ক কৈছিল জোৱানজনে । আত্মীয়ই অভিযোগ কৰা মতে দুই পত্নীয়ে জোৱানজনক দীৰ্ঘদিন ধৰি মৃত্যুৰো ভাবুকি দি আহিছিল ।
অভিযোগ অনুসৰি প্ৰথমা পত্নীয়ে বলপূৰ্বকভাৱে জোৱানজনক দ্বিতীয় বিবাহ কৰাই দিছিল । মৃত জোৱানজনৰ ভগ্নীয়ে অভিযোগ কৰা মতে দুই পত্নীয়ে বেণুধৰক অত্যাচাৰৰ কৰাৰ উপৰিও ঘৰৰ বিভিন্ন সা-সামগ্ৰীও ভাঙিছিল । দৰমহা পোৱাৰ লগে লগে ধনখিনি দুই পত্নীয়ে ভগাই লৈছিল আৰু পিছত জোৱানজনে আনৰ পৰা টকা বিচাৰিব লগা হৈছিল । জোৱানজনৰ দুয়োগৰাকী পত্নীৰ মাজত সমকামিতাৰ সম্পৰ্ক থকাৰো সন্দেহ কৰিছে আত্মীয়ই । এই অভিযোগ সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।
লগতে পঢ়ক: পূজাৰ আনন্দ-উছাহৰ মাজতে ৰাজ্যত ভয়ংকৰ দুৰ্ঘটনা! প্ৰাতঃভ্ৰমণলৈ যোৱা ৪ শিশুৰ কৰুণ মৃত্যু