২০২৪’ত কি ভয়ংকৰ কাণ্ডৰ বাবে চৰ্চাত থাকিল অসম? নৃশংস সময়ৰ তালিকাত কাৰ কাৰ নাম…
Good bye 2024: ২০২৪ বৰ্ষটি শেষ হ'বলৈ মাজত মাত্ৰ কেইটামান ক্ষণ বাকী। বিভিন্ন প্ৰাপ্তি অপ্ৰাপ্তিৰ মাজেৰে পাৰ হোৱাৰ দিশে ২০২৪। এই বৰ্ষটিত অসমত কেইবাটাও এনে অপৰাধমূলক ঘটনা সংঘটিত হয় যিয়ে বাতৰিৰ শিৰোণাম দখল কৰিবলৈ সক্ষম হয়।
বছৰটো শেষ হ’বলৈ মাজত মাত্ৰ কেইটামান ক্ষণ। অন্য কেইটাবৰ্ষৰ দৰে ২০২৪ বৰ্ষটিয়ে অসমবাসীক বহু দিলে আৰু বহু কাঢ়িলে। ৰাজনীতিৰ পৰা অৰ্থনীতিলৈ, সমাজৰ পৰা সংস্কৃতিক ক্ষেত্ৰখনলৈ অসমত বিভিন্ন কেইটা বিষয়ত চৰ্চাত থাকে। পিছ পৰি ৰোৱা নাই অপৰাধিক ক্ষেত্ৰখনো। ২০২৪ বৰ্ষত অসমত কিছুমান এনে অপৰাধ সংঘটিত হৈছে যি সন্দৰ্ভত সম্ভৱতঃ প্ৰতিগৰাকী অসমীয়াই জ্ঞাত। অপৰাধৰ এই তালিতাক নাম আছে চুমি বৰা, বিশাল ফুকনৰ পৰা আৰম্ভ কৰি সুনীল গগৈ কাণ্ড, ধিঙৰ ধৰ্ষণ কাণ্ড আদি। ২০২৪ চনত অসমৰ অপৰাধিক ক্ষেত্ৰখনৰ তেনে কেইটামান ঘটনা তলত উল্লেখ কৰা হ’ল-
সুনীল গগৈ- জাহাংগীৰ কাণ্ড
ৰাজ্য জোকাৰি যোৱা সুনীল গগৈ আৰু জাহাংগীৰ কাণ্ডৰ ঘটনা এইটো বৰ্ষতে সংঘটিত হয়। ১ জুনত ঢকুৱাখনাৰ সাপতীয়া চেতিয়া গাঁৱত সংঘটিত হোৱা এক ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনাই সমগ্ৰ অসমতে চাঞ্চল্যৰ সৃষ্টি কৰে। প্ৰায় সম্পূৰ্ণ জ্বলি যোৱা অৱস্থাত উদ্ধাৰ হৈছিল ছিন্ন মুণ্ড এটা মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহটোৰ কাষতেই পৰি ৰৈছিল বিজেপি কিষান মৰ্চাৰ সাধাৰণ সম্পাদক তথা ঠিকাদাৰ সুনীল গগৈ পৰিধান কৰা কাপোৰ। প্ৰথম অৱস্থাত এই মৃতদেহটো সুনীল গগৈৰ বুলি সন্দেহ কৰা হৈছিল যদিও পাছত পোহৰলৈ আহে যে মৃতদেহটো আছিল ৰাজমিস্ত্ৰী জাহাংগীৰৰ।
এই ঘটনাৰ কেইবাদিন পাছতো আৰক্ষীয়ে উদ্ধাৰ কৰিব পৰা নাছিল ছিন্নমুণ্ডা। কিন্তু আজিৰ পৰা কিছুমাহ পূৰ্বে এটা পুখুৰীত একাংশলোকে উদ্ধাৰ কৰে এই ছিন্ন মুণ্ডা। অৱশ্যে এই ছিন্ন মুণ্ডাটো কাৰ এতিয়ালৈকে তথ্য পোহৰলৈ অহা নাই। ইয়াৰোপৰি সুনীল গগৈৰো এতিয়ালৈকে কোনো সম্ভেদ পোৱা নাই আৰক্ষীয়ে।
অনলাইন ট্ৰেডিং কেলেংকাৰী
চলিত বৰ্ষত ৰাজ্যত পোহৰলৈ আহিছিল অনলাইন ট্ৰেডিং কেলেংকাৰীৰ ভয়ংকৰ তথ্য । এই ঘটনাত বিশাল ফুকল, স্বপ্ননীল ফুকন, চুমি বৰা আদিকে ধৰি ৫০ জনৰো অধিকলোক গ্ৰেপ্তাৰ হৈছিল। চলিত বৰ্ষৰ আগষ্ট- ছেপ্টেম্বৰ মাহত পোহৰলৈ আহিছিল এই ঘটনা। জানিব পৰা মতে অভিযুক্তসকলে কম টকাৰ বিনিময়ত অধিক টকা লাভৰ প্ৰলোভন দেখুৱাই একাংশলোকৰ পৰা টকা লুটিছিল। এইসকলে হাজাৰ কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰিছিল। এতিয়াও কাৰাগাৰতে আছে চুমি, স্বপ্ননীল , তাৰ্কিক আজিৰ দৰে বহু অভিযুক্ত।
ধিং ধৰ্ষণ কাণ্ড
আগষ্টৰ ২২ তাৰিখে নগাঁৱৰ ধিঙত সংঘটিত হৈছিল অন্য এক জঘন্য ঘটনা। একাংশ যুৱকে দলবব্ধ ধৰ্ষণ কৰি এগৰাকী কিশোৰীক ৰাজপথত মুমূৰ্ষ অৱস্থাত পেলাই থৈ গৈছিল। এই ঘটনাই ৰাজ্যৰ ৰাজনীতিও গৰম কৰি তুলিছিল। পৰৱৰ্তী সময়ত আৰক্ষীয়ে ঘটনাৰ অভিযুক্ত তফাজ্জুল ইছলাম নামৰ এজনক গ্ৰেপ্তাৰ কৰে। কিন্তু ২৪ আগষ্টৰ দিনা ক্ৰাইম চিন ৰিক্ৰিয়েট কৰিবলৈ যোৱাৰ সময়ত অভিযুক্তই পুখুৰীত জঁপিয়াই আত্মহত্যা কৰে। এই ঘটনাই সমগ্ৰ ৰাজ্যতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল। ইযাৰোপৰি পৰৱৰ্তী সময়ত ঘটনাৰ আন দুই অভিযুক্ত গোলাপ উদ্দিন আৰু ফৰিদুল ইছলামক আটক কৰি সংখ্যালঘু নেতাই আৰক্ষীৰ হাতত চমজাই দিয়ে। কিন্তু ইয়াৰ পাছত তফাজ্জুলক লৈ আন এক বিতৰ্কৰ সূচনা হয়। অভিযোগ অনুসৰি আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা তফাজ্জুল ধিং কাণ্ডৰ অভিযুক্ত নাছিল। অৱশ্যে এই ক্ষেত্ৰত কোনো প্ৰমাণো নাই।
নগাঁৱৰ ভয়ংকৰ কাণ্ড
২২ নৱেম্বৰৰ নিশা নগাঁৱৰ ৰূপহীহাটৰ গড়াজান সংঘটিত হৈছিল এক চাঞ্চল্যকৰ হত্যাকাণ্ড। নিশাৰ ভাগত দুৰ্বৃত্তই ঘৰত প্ৰৱেশ কৰি ডিঙি কাটি হত্যা কৰে ৪ জনকৈলোকক। হত্যাৰ বলি হোৱা লোকসকলৰ ভিতৰত আছে একেটা পৰিয়ালৰ ৩ জন সদস্যসহ আন এজন যুৱক। মৃত লোককেইজনৰ ভিতৰত আছে গুণধৰ সৰকাৰ (৫৮), সুৰধ্বনি সৰকাৰ (৫০), জয়স্মিতা সৰকাৰ (২৩) আৰু ৩৫ বছৰীয়া যুৱক অনুপম সূত্ৰধৰ।
প্ৰথম অৱস্থাত এই ঘটনাৰ অভিযুক্ত আছিল মৃত অনুপম সূত্ৰধৰ। সন্দেহ কৰা হৈছিল, চুপাৰী কিলাৰ লগাই তেওঁ এই কাণ্ড সংঘটিত কৰিছে। পাছত পোহৰলৈ আহে যে, কিছুদিন পাছতেই হত্যাকাণ্ড সংঘটিত হোৱা ঘৰখনৰ ডাঙৰ কন্যাৰ আছিল বিয়া। সেই জ্যেষ্ঠ কন্যাৰে প্ৰাক্তন প্ৰেমিক আছিল অনুপম। বিগত সময়ত অনুুপমে যুৱতীগৰাকীক হাৰাশাস্তি কৰি আহিছিল আৰু ইয়াৰ পৰিণতিতে ২২ নৱেম্বৰত এই ঘটনা সংঘটিত হয়। ইয়াৰোপৰি পাছত পোহৰলৈ আহে যে, অনুপমে প্ৰথমে ৩ জনক হত্যা কৰিছিল আৰু এই দৃশ্য দেখিছিল গুণধৰ সৰকাৰ আত্মীয়ই। সেই আত্মীয়ই পৰৱৰ্তী সময়ত হত্যা কৰিছিল অনুপমক।
বিদ্যালয় কাণ্ড
২৩ ছেপ্টেম্বৰত দৰঙৰ পদুম পুখুৰী হাইস্কুলত সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ডৰ ঘটনা। জানিব পৰা মতে, শ্ৰেণী কোঠাৰ ভিতৰতেই দশম শ্ৰেণীৰ ৪ ছাত্ৰই প্ৰহাৰ কৰে ভৱেশ ডেকাক। যাৰ ফলত পৰৱৰ্তী সময়ত ভৱেশ ডেকা নামৰ নৱম শ্ৰেণীৰ ছাত্ৰগৰাকীৰ মৃত্যু হয়।
ইয়াৰোপৰি ৬ জুলাইত শিৱসাগৰৰ ছাই বিকাশ একাডেমীৰ শিক্ষক ৰাজেশ বাবুক ছুৰিৰে আক্ৰমণ কৰি হত্যা কৰে একাধিক ছাত্ৰই। আন এক ঘটনাত, দৰং জিলাৰ দলগাঁৱত মণিমালা ভৌমিক নামৰ এগৰাকী নৱম মানৰ শ্ৰেণীৰ ছাত্ৰীক বিদ্যালয়তে সহপাঠীয়ে চোকা অস্ত্ৰৰে প্ৰহাৰ কৰি হত্যা কৰে। কেৱল এয়াই নহয়, আৰু কেইবাটাও হিংসাত্মক ঘটনা সংঘটিত হয়।
সতীয়া ভাতৃৰ হত্যা
২১ ডিচেম্বৰত টংলাত উদ্ধাৰ হৈছিল ২ কিশোৰৰ মৃতদেহ। এই ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হৈছিল ২ কিশোৰৰ সতীয়া ভাতৃ নীৰজ। ঘটনাৰ বিৱৰণী অনুসৰি পুৱা দুই কিশোৰ ওলাই গৈছিল স্কুললৈ। সেই দুই কিশোৰৰ পাছে পাছে যোৱা নীৰজে তেওঁলোকক বাইকত উঠাই লৈ আহিছিল। পৰৱৰ্তী সময়ত নীৰজে ২ সতীয়া ভাতৃক হত্যা কৰিছিল। ইতিমধ্যে ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হৈছে নীৰজ আৰু ঘটনা সন্দৰ্ভত সকলো কথা স্বীকাৰ কৰিছে।
অসমৰ নিৰ্বাচন
এইবাৰ অসমৰ নিৰ্বাচনৰ সময়ত কেইবাটাও হিংসাত্মক ঘটনা সংঘটিত হয়। বিশেষকৈ চামগুৰি সমষ্টিক হিংসাত্মক কাৰ্য চৰম পৰ্যায়লৈ গৈ পাই যত এজনলোকৰ মৃত্যুও হয়। এই ঘটনাত বিজেপি, কংগ্ৰেছকে ধৰি বিভিন্ন দলৰ কেইবাজনো নেতা আঘাত প্ৰাপ্ত হয়। একাংশৰ মতে, অসমৰ বিধানসভাৰ উপ- নিৰ্বাচনৰ ইতিহাসত পূৰ্বতে এনে ঘটনা সংঘটিত হোৱা নাছিল।
কনমানি পুত্ৰক হত্যা কৰি চৰম পন্থা
জানিব পৰা মতে, চলিত মাহৰ নৱেম্বৰ মাহত গহপুৰত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। পিতৃয়ে শোৱাপাটীতে গাৰুৰে হেঁচি হত্যা নিজ পুত্ৰক আৰু পাছত নিজেও আত্মহত্যা কৰে। জানিব পৰা মতে সোলেঙীস্থিত এপল’ কোম্পানীৰ এটি টায়াৰ ডিলাৰৰ স্বত্বাধিকাৰী চিদানন্দ শইকীয়াৰ পুত্ৰ মৃগাংক শইকীয়াই এই ভয়ংকৰ কাণ্ড সংঘটিত কৰে। এই ঘটনাই সমগ্ৰ অসমতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল।
অন্য খবৰ পঢ়কঃ ২০২৪’ৰ অসমৰ ৰাজনীতিৰ কেইটামান ডাঙৰ পৰিবৰ্তন,আহক চাওঁ উত্থান-পতনৰ পৃষ্ঠাসমূহ…