ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত, উমৰাংছ’ৰ মৃতকৰ পৰিয়াললৈ ১০ লাখ টকাকৈ এককালীন সাহায্য ঘোষণা চৰকাৰৰ

উমৰাংছ'ৰ ঘটনাৰ ন্যায়িক তদন্ত ঘোষণা অসম কেবিনেটৰ। কেবিনেটে উমৰাংছ’ খনি দুৰ্ঘটনাৰ ফলত হোৱা প্ৰাণহানিৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰে আৰু এনে ঘটনাৰ পুনৰাবৃত্তি প্ৰতিহত কৰিবলৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত, উমৰাংছৰ মৃতকৰ পৰিয়াললৈ ১০ লাখ টকাকৈ এককালীন সাহায্য ঘোষণা চৰকাৰৰ

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Updated On: 

16 Jan 2025 15:58 PM

আজি মৰিগাঁৱত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয়। কেবিনেট বৈঠকৰ পিছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে ঘোষণা কৰে কেবিনেটৰ সিদ্ধান্তসমূহ।

উমৰাংছ’ৰ ঘটনাৰ ন্যায়িক তদন্ত ঘোষণা অসম কেবিনেটৰ। কেবিনেটে উমৰাংছ’ খনি দুৰ্ঘটনাৰ ফলত হোৱা প্ৰাণহানিৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰে আৰু এনে ঘটনাৰ পুনৰাবৃত্তি প্ৰতিহত কৰিবলৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম চৰকাৰে মৃত চাৰিজনৰ নিকটাত্মীয়লৈ ১০ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে। এতিয়ালৈ সম্ভেদ নোপোৱা আন পাঁচজন ব্যক্তিৰ পৰিয়াললৈও ১০ লাখ টকাৰ ক্ষতিপূৰণ অনুদান প্ৰদান কৰা হ’ব।

উমৰাংছ’ অসম কয়লাখনিত আবদ্ধ শ্ৰমিকসকলৰ এই দুৰ্ঘটনাৰ বিষয়টোপৰীক্ষা কৰি দায়বদ্ধ বিষয়া, ব্যক্তি আৰু প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে নিৰ্ণয় কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীক শ্ৰীমতী অনিমা হাজৰিকাৰ নেতৃত্বত এখন ন্য়ায়িক তদন্ত আয়োগ গঠন কৰা হ’ব।

ইফালে ৰাজ্যত ৰেট হোল খননক লৈ সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ সন্দৰ্ভত SOP প্ৰস্তুত কৰা হ’ব। উমৰাংছ’ খনি দুৰ্ঘটনাৰ ফলত হোৱা প্ৰাণহানিৰ বিষয়টোত ইতিমধ্যে পঞ্জীয়ন কৰা এজাহাৰৰ আধাৰত সমগ্ৰ ঘটনাটোৰ তদন্তৰ বাবে ন্যায়াধীক শ্ৰীমতী অনিমা হাজৰিকাৰ নেতৃত্বত এখন SIT গঠন কৰা হ’ব।

সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয়, “ৰেট হোলসমূহ ক’ৰ পৰা আৰম্ভ হ’ল সকলোৰে প্ৰশ্ন। সেই অঞ্চলত প্ৰায় ২০০ টা কয়লা খাদ আছে। খনি আৰু খনিজ বিভাগে কেন্দ্ৰীয় সংস্থাসমূহৰ সৈতে আলোচনা কৰি সকলো ৰেট হোল কেনেকৈ পুতি পেলাব পাৰে তাৰ বাবেও আমি বিভাগত নিৰ্দেশ দিছোঁ। আগতে সেই স্থানত জীৱ-জন্তু গাঁতত পৰিছিল।”

অন্যান্য কেবিনেট সিদ্ধান্ত

ইফালে মহিলা উদ্যমিতা আঁচনিক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে ৰাজ্যিক কেবিনেটে। এপ্ৰিল মাহত এই আঁচনিৰ শুভ উদ্বোধন কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে কয়, “৩১ লাখ মহিলা ‘মহিলা উদ্যমিতা আঁচনি’ৰ বাবে উপযুক্ত বুলি তথ্য লাভ কৰিছে চৰকাৰে। অসম চৰকাৰে ২৭ লাখ মহিলাই লাভ কৰিব এই আঁচনিৰ সুবিধা। আগন্তুক কেইটামান দিনৰ ভিতৰত ব্লক পৰ্যায়ত এই আঁচনিৰ চূড়ান্ত হিতাধিকাৰী নিৰ্বাচনৰ কাম আৰম্ভ হ’ব।”

আজি কেবিনেটে বিভিন্ন দিশত সিদ্ধান্ত গ্ৰহণ কৰে। পঞ্চায়ত নিৰ্বাচনকলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ” যিদিনাই উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা শেষ হ’ব, তাৰ পিছতেই পঞ্চায়ত নিৰ্বাচন পাতি দিম। বিজেপি চৰকাৰে অসমৰ ছাত্ৰ-ছাত্ৰীৰ কল্যাণক আটাইতকৈ বেছি গুৰুত্ব দিয়ে। মেট্ৰিক পৰীক্ষা বা উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ সময়ত মাইক বাজি থাকিব সেয়া কংগ্ৰেছে কৰিব পাৰে আমি নোৱাৰোঁ। গতিকে আমাৰ চৰকাৰখন জ্ঞান আৰু প্ৰজ্ঞাৰ সাধনাত ব্ৰতী এখন চৰকাৰ।”

 

 

 

ছেইফ আলী খানৰ মুম্বাইৰ ঘৰৰ দাম কিমান? য'ত কৰা হৈছিল আক্ৰমণ
বেগত হালধি টুকুৰা ৰাখিলে কি হয় জানেনে?
মহাকুম্ভ মেলাৰ আঁৰৰ আধ্যাত্মিক তাৎপৰ্যৰ বিষয়ে জানেনে?
ঠাণ্ডাত শৰীৰ গৰম কৰি ৰাখিবলৈ নাগা সন্ন্যাসীসকলে কি খায়?