অসম চুক্তিৰ ৩৯ বছৰ পূৰ্ণ হোৱাৰ দিনাই অবৈধ বিদেশীয়ে নাগৰিকত্ব লাভৰ খবৰ জাতিৰ বাবে দুৰ্ভাগ্যজনক
যিটো দিনত অসম চুক্তি স্বাক্ষৰৰ ৩৯ বছৰ সম্পূৰ্ণ হৈছে, সেই দিনটোতে অসম চুক্তিৰ সম্পূৰ্ণ বিপৰীতে অবৈধ বিদেশীয়ে নাগৰিকত্ব পোৱাটো জাতিৰ বাবেই এক দুৰ্ভাগ্যজনক খবৰ৷
নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা’ৰ অধীনত কাছাৰ জিলাৰ এগৰাকী ব্যক্তিয়ে নাগৰিকত্ব লাভ কৰাৰ পাছত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কা’ বিৰোধী জনগণ আৰু গণ আন্দোলনক তাচ্ছিল্য কৰাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে৷ দলটোৰ মতে, জনগণৰ মনত কা’ৰ বিৰুদ্ধে থকা ক্ষোভক তাচ্ছিল্য কৰি মুখ্যমন্ত্ৰীয়ে জনগণৰ আৱেগক অপমান কৰিছে ৷
আজি এক প্ৰেছ বিজ্ঞপ্তিত দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, “কা’ৰ অধীনত কেইজনে নাগৰিকত্ব লাভ কৰিছে, সেয়া গুৰুত্বপূৰ্ণ বিষয় নহয়৷ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল অবৈধভাৱে বাংলাদেশৰ পৰা অসমত প্ৰৱেশ কৰা লেকৰ নাগৰিকত্ব লাভৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গ’ল ৷ আজি এজনে নাগৰিকত্ব লাভ কৰিছে, কাইলৈ অসংখ্যজনে লাভ কৰিব৷ ভোট বেংকৰ স্বাৰ্থত বিজেপি চৰকাৰে অবৈধ অনুপ্ৰৱেশকাৰীক নাগৰিকত্ব প্ৰদান কৰাটোহে অসমবাসী ৰাইজৰ ইচ্ছা আৰু আৱেগৰ পৰিপন্থী৷”
বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এক কোটি বাংলাদেশী নাগৰিকে ভাৰতত প্ৰৱেশৰ অপেক্ষা কৰি থকা বুলি পশ্চিম বংগ বিধান সভাৰ বিৰোধী দলপতি তথা বিজেপি নেতা শুভেন্ধু অধিকাৰীয়ে অলপতে দিয়া বক্তব্য আৰু অসমত প্ৰৱেশ কৰিব বিচৰা বাংলাদেশীক কৰিমগঞ্জ সীমান্তত আটক কৰাৰ তত্য অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে ৰাজহুৱা কৰাৰ উদাহৰণে বাস্তৱ পৰিস্থিতি বৰ্ণনা কৰা বুলি মত প্ৰকাশ কৰি গগৈ আৰু ভূঞাই কয় যে বিজেপি চৰকাৰে কা’ প্ৰৱৰ্তনেৰে অবৈধ অনুপ্ৰৱেশকাৰীক নাগৰিকত্ব প্ৰদানৰ যি ব্যৱস্থা প্ৰৱৰ্তন কৰিলে, সি এদিন অসমীয়া জাতিক নিজৰ মাটিতে সংখ্যালঘুত পৰিণত কৰিব৷
গগৈ আৰু ভূঞাই কয় যে যিটো দিনত অসম চুক্তি স্বাক্ষৰৰ ৩৯ বছৰ সম্পূৰ্ণ হৈছে, সেই দিনটোতে অসম চুক্তিৰ সম্পূৰ্ণ বিপৰীতে অবৈধ বিদেশীয়ে নাগৰিকত্ব পোৱাটো জাতিৰ বাবেই এক দুৰ্ভাগ্যজনক খবৰ৷ ই বিদেশীমুক্ত অসম গঢ়াৰ ছবছৰীয়া আন্দোলনত প্ৰাণ আহুতি দিয়া ৮৫৫গৰাকী শ্বহীদৰ আত্মাৰ প্ৰতিও চূড়ান্ত অসন্মানৰ নামান্তৰ৷
কা’ প্ৰৱৰ্তনে অসম চুক্তিৰ ৫নং দফাক হত্যা কৰা বুলি উল্লেখ কৰি গগৈ আৰু ভূঞাই কয় যে অসম চুক্তি আখৰে আখৰে ৰূপায়ন কৰাটো বিজেপি দলৰে প্ৰতিশ্ৰুতি আছিল৷ কিন্তু কেৱল ভোট বেংকৰ স্বাৰ্থত বিজেপিয়ে নিজৰে দীৰ্ঘদিনীয়া দাবী আৰু প্ৰতিশ্ৰুতি ভংগ কৰিলে৷ অসম চুক্তিৰ ৬নং দফা অনুসৰি অসমীয়াৰ বাবে সাংবিধানিক সুৰক্ষাৰ যি পৰামৰ্শ ন্যায়াধীশ বিপ্লৱ শৰ্মা সমিতিয়ে দিছিল, সেয়াও কাৰ্য্যকৰী নকৰিলে বিজেপি চৰকাৰে৷ স্বয়ং ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে সংসদত দিয়া প্ৰতিশ্ৰুতিও বিজেপি চৰকাৰে ৰক্ষা নকৰিলে৷
দেশৰ ৭৮ তম স্বাধীনতা দিৱসত উক্ত বিষয়সমূহ নিস্পত্তি কৰিব পৰা বক্তব্য প্ৰধানমন্ত্ৰীৰ লালকিল্লালৰ ভাষণৰ পৰা অসমবাসীয়ে প্ৰত্যাশা কৰে বুলিও গগৈ আৰু ভূঞাই মত প্ৰকাশ কৰে৷