১৪,৯০০ কোটি টকা ব্যয়েৰে ব্ৰহ্মপুত্ৰৰ তলেৰে হ’ব সুৰংগ, সেউজ সংকেত ৰাজহুৱা বিনিয়োগ ব’ৰ্ডৰ
চাৰিটা লেন থকা ১৫.৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ টুইন টিউবযুক্ত একদিশীয় পানীৰ তলৰ সুৰংগটোৱে অসমৰ গহপুৰ আৰু নুমলীগড়ক সংযোগ কৰিব । ব্ৰহ্মপুত্ৰৰ তলেৰে সুৰংগ নিৰ্মাণত সেউজ সংকেত প্ৰদান ।

দেশৰ বৰ্তমানলৈকে দীঘতম নদীৰ তলৰ সুৰংগ নিৰ্মাণৰ পথ প্ৰশস্ত কৰি আন্তঃমন্ত্ৰালয়ৰ পেনেলে অসমৰ ব্ৰহ্মপুত্ৰ নদীত প্ৰায় ১৪,৯০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা প্ৰকল্পটোৰ অনুমোদনৰ বাবে পৰামৰ্শ আগবঢ়াইছে । পথ পৰিবহণ মন্ত্ৰালয়ে প্ৰকল্পৰ ব্যয়ৰ ৮০% ধন আগবঢ়াব যদিও বাকী ২০% প্ৰতিৰক্ষা মন্ত্ৰালয়ে বহন কৰিব । চাৰিটা লেন থকা ১৫.৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ টুইন টিউবযুক্ত একদিশীয় পানীৰ তলৰ সুৰংগটোৱে অসমৰ গহপুৰ আৰু নুমলীগড়ক সংযোগ কৰিব ।
ইয়াৰ ফলত অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু অন্যান্য উত্তৰ-পূবৰ ৰাজ্যসমূহৰ সৈতে সংযোগ বৃদ্ধি পাব । ব্যয় সচিবৰ নেতৃত্বত গঠিত ৰাজহুৱা বিনিয়োগ ব’ৰ্ডে এই প্ৰকল্পৰ পৰামৰ্শ দিছে, অতি সোনকালে হ’বলগীয়া এপ্ৰ’চ ৰোডসমূহৰ সৈতে এই প্ৰকল্প কেবিনেটৰ সন্মুখত ৰখা হ’ব ।
আমোদজনক কথাটো হ’ল, প্ৰথম অৱস্থাত তিনিটা সমান্তৰাল সুৰংগ স্থাপনৰ প্ৰস্তাৱ আছিল । এটা পথৰ বাবে, এটা ৰে’লৰ বাবে আৰু আন এটা জৰুৰীকালীন ব্যৱহাৰৰ বাবে । যাৰ আনুমানিক ব্যয় প্ৰায় ৭,০০০ কোটি টকা । প্ৰকল্পটো প্ৰদানৰ পাঁচ বছৰৰ ভিতৰত এই সুৰংগ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে ।
দ্য টাইমছ অৱ ইণ্ডিয়া কাকতে প্ৰকাশ কৰা মতে, পি আই বিয়ে অসমৰ কৌশলগত আন্তঃগাঁথনি প্ৰকল্পটোক সেউজ সংকেত দিয়াৰ বিপৰীতে জম্মু-কাশ্মীৰৰ অনন্তনাগ-চেনানী কৰিড’ৰত দুটা সুৰংগ সিংপোৰা-ভাইলু আৰু সুধমহদেৱ-দ্ৰাংগা নিৰ্মাণৰ প্ৰস্তাৱ একাধিক কাৰণৰ উল্লেখ কৰি গড়কাপ্তানী মন্ত্ৰালয়লৈ ঘূৰাই পঠিয়াইছে । প্ৰায় ৮,৯০০ কোটি টকা প্ৰস্তাৱিত ব্যয় আৰু পেকেজ দুটাৰ প্ৰতিটোৰে ক্ষেত্ৰত উৎপত্তি আৰু গন্তব্যস্থান সংযোগ কৰা এটা বৰ্তমানৰ পথৰ উপৰিও এইবোৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ কৌশলগত পথৰ অন্তৰ্গত নহয় বুলিও পেনেলে লিপিবদ্ধ কৰে ।
২২ মাৰ্চৰ বৈঠকত পথ পৰিবহণ মন্ত্ৰালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড (এন এইচ আই ডি চি এল)ৰ বিষয়াসকলে এনে দাবী উত্থাপন কৰে । মন্ত্ৰালয়ৰ এজন জ্যেষ্ঠ বিষয়াই এই কথা নিশ্চিত কৰি কয় যে তেওঁলোকে ব’ৰ্ডে উত্থাপন কৰা বিষয়সমূহ চাব ।
পিআইবিয়ে লগতে লিপিবদ্ধ কৰিছে যে সংস্থাটোৱে উৎপত্তি আৰু গন্তব্যস্থানৰ মাজৰ বৰ্তমান আৰু প্ৰস্তাৱিত পথটোৰ যাতায়তৰ সবিশেষ প্ৰদান কৰা নাছিল । সূত্ৰসমূহে জনোৱা মতে, ৰাজহুৱা পুঁজিৰে চলি থকা সকলো প্ৰকল্প অনুমোদনৰ বাবে কেবিনেটৰ সন্মুখত ৰখাৰ পূৰ্বে মূল্যায়ন কৰা আন্তঃমন্ত্ৰালয় পেনেলে এইটোও লক্ষ্য কৰিছিল যে “প্ৰকল্প দুটাৰ ভিতৰত প্ৰত্যক্ষ লাভৰ কোনো প্ৰমাণ পোৱা নাই”। মন কৰিবলগীয়া যে উচ্চ মানৰ বিকল্প পথ আছে ।
যিহেতু বিত্ত মন্ত্ৰালয়ে ভাৰতমালাৰ অধীনত কোনো সতেজ প্ৰকল্পৰ অনুমোদন নিদিয়াৰ বাবে পথ পৰিবহণ মন্ত্ৰালয়ক নিৰ্দেশ দিছিল, সেয়েহে ক্ৰমে সম্পূৰ্ণ ৰাজহুৱা পুঁজিৰে আৰু পিপিপি প্ৰকল্পৰ ক্ষেত্ৰত পিআইবি আৰু ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্ব (পিপিপি) মূল্যায়ন সমিতিৰ মূল্যায়নৰ পিছত ১০০০ কোটি টকাৰ অধিক খৰচী সকলো ঘাইপথৰ কাম কেবিনেটত উপস্থাপনৰ প্ৰয়োজন ।
এটা সূত্ৰৰ উদ্ধৃতিৰে টাইমছে লিখিছে, “পিআইবিৰ শেহতীয়া বিকাশ আৰু পৰ্যবেক্ষণে দেখুৱাইছে যে কেনেকৈ বহু ক্ষেত্ৰত ভাৰতমালাৰ অধীনত লোৱাৰ যোগ্য নোহোৱা প্ৰকল্পসমূহ ৰূপায়ন হ’ব পাৰে । এই প্ৰকল্পটো যদি বিড আউট কৰা হ’লহেঁতেন, তেন্তে এই তথ্যসমূহ পোহৰলৈ নাহিলহেঁতেন ।”