বিয়া চলি থকাৰ সময়তেই উপস্থিত আৰক্ষী; বিবাহথলীৰ পৰা জেল পোৱালেগৈ দৰা-কইনাৰ লগতে অভিভাৱকক
আলহী-অতিথিৰ সৈতে ৰজনজনাই থকা বিয়াঘৰত হঠাৎ উপস্থিত হ'লহি আৰক্ষী । নিৰ্দেশ দিলে বিয়া বন্ধ কৰিবলৈ । তাৰ পাছত দৰা-কইনাক কৰিলে গ্ৰেপ্তাৰ । চাওক সবিশেষ-

বিয়া বুলি ঘৰখনত উখল-মাখল পৰিৱেশ । আলহী অতিথি আহিছে, ভোজ-ভাতৰো আয়োজন চলিছে । আহিছে বৰযাত্ৰীও । দৰা-কইনাক সমাজলৈ আনি বিবাহ প্ৰক্ৰিয়া চলিছিলহে মাত্ৰ, হঠাৎ বিবাহস্থলীত উপস্থিত হ’লহি পুলিচ । নিৰ্দেশ দিলে বিয়া বন্ধ কৰিবলৈ ।
চলি থকা বিয়াখন এইদৰে বন্ধ কৰিবলৈ কোৱাত আচৰিত হৈ পৰিলো সকলো । বিয়াত এইদৰে কিয় হস্তক্ষেপ কৰিবলৈ আহিল আৰক্ষী ? তাৰো আছে কাৰণ ।
বিয়াখন অনুষ্ঠিত হৈছিল বিশ্বনাথৰ জামুগুৰিহাটৰ গইটামাৰিত । বিয়া চলি থকাৰ মাজতে বিবাহস্থলীত খাকী পোছাকধাৰী উপস্থিত হোৱাক লৈ সৃষ্টি হ’ল চাঞ্চল্যৰ । বিয়া বন্ধ কৰাৰ নিৰ্দেশ দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দৰা, কন্যা আৰু দুয়োৰে অভিভাৱকক ।
খাইৰুল ইছলাম নামৰ যুৱকজনৰ নিকাহ অনুষ্ঠিত হৈছিল গইটামাৰীত । কইনা আছিল নাবালিকা । ৰাজ্য চৰকাৰৰ নিৰ্দেশ তথা বাল্যবিবাহ প্ৰতিৰোধ আইনক অৱজ্ঞা কৰি নাবালিকাৰ নিকাহ সম্পন্ন কৰিবলৈ ওলাইছিল দুয়োটা পৰিয়ালে । কিন্তু গোপন সূত্ৰৰ পৰা এই খবৰ লাভ কৰে আৰক্ষীয়ে ।
বিবাহস্থলীত জামুগুৰি আৰক্ষী উপস্থিত হৈ গ্ৰেপ্তাৰ কৰে দৰা আৰু কইনাৰ লগতে দুয়োৰে অভিভাৱকক । POSCO আইনৰ অধীনত এটা গোচৰ ৰুজু কৰি অভিযুক্তক প্ৰেৰণ কৰা হৈছে জেললৈ ।
উল্লেখ্য যে বাল্যবিবাহ ৰোধৰ উদ্দেশ্য চৰকাৰে কঠোৰ আইন প্ৰণয়ন কৰাৰ লগতে ইয়াৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । বাল্য বিবাহৰ গোচৰত বহুতকে জেলতো ভৰোৱা হৈছে । তথাপিও একাংশই চৰকাৰৰ নিষেধাজ্ঞাক আওকাণ কৰি গোপনে বাল্য বিবাহৰ অপৰাধ সংঘটিত কৰি আহিছে । এই ঘটনা তাৰেই এক উদাহৰণ ।