গুণোৎসৱ ২০২৫ ৰ ফলাফল ঘোষণা, শীৰ্ষত উজ্বলিল শিৱসাগৰ জিলা…

Gunotsav 2025: গুণোৎসৱ ২০২৫ ৰ ফলাফল ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গুণোৎসৱ ২০২৫ ৰ মূল্যাংকনত এইবাৰ শীৰ্ষত আছে শিৱসাগৰ জিলা।

গুণোৎসৱ ২০২৫ ৰ ফলাফল ঘোষণা, শীৰ্ষত উজ্বলিল শিৱসাগৰ জিলা...

হিমন্ত বিশ্ব শৰ্মা

Updated On: 

27 Mar 2025 15:44 PM

মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে গুণোৎসৱ ২০২৫ ৰ ফলাফল। মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণা অনুসৰি এইবাৰ গুণোৎসৱৰ মূল্যাংকত শীৰ্ষত আছে শিৱসাগৰ জিলা। ইয়াৰ বিপৰীতে গোলঘাট জিলাই দ্বিতীয় স্থান আৰু ডিব্ৰুগড় জিলাই তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়।  ভাল ফলাফল দেখুওৱা আটাইকেইজন জিলাকে অভিনন্দন জ্ঞাপন কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

শৰ্মাই কয় যে, গুণোৎসৱে ৫ বছৰ অতিক্ৰম কৰিছে। ২০১৭ চনত এ প্লাছ গ্ৰেড হোৱা বিদ্যালয়ৰ সংখ্যা আছিল ৬,৩০৭ খন, ইয়াৰ বিপৰীতে ২০২৫ চনত ইয়াৰ সংখ্যা হয় ১৩,৩০০ খন। ২০১৭ চনত এ গ্ৰেড পোৱা বিদ্যালয়ৰ সংখ্যা ১২,৯২৭ খন থকাৰ বিপৰীতে ২০২৫ চনত ইয়াৰ সংখ্যা ১৩,৯৫২ খনলৈ বৃদ্ধি পায়। আজি ৰাজ্যৰ ২৭ হাজাৰ বিদ্যালয় উন্নত গুণগত মানলৈ ৰূপান্তৰিত হৈছে বুলি মন্তব্য কৰে শৰ্মাই।

ইয়াৰোপৰি ৰাজ্যত বি গ্ৰেড পোৱা বিদ্যালয়ৰ সংখ্যা হ্ৰাস পাইছে বুলি জনাই মুখ্যমন্ত্ৰীয়ে। তেওঁ কয় যে, ২০১৭ চনত ১৩,৬৩৬ খন বিদ্যালয়ে বি গ্ৰেড পোৱাৰ বিপৰীতে ২০২৫ চনত ইয়াৰ সংখ্যা হয় ৭০০০ খন। ২০২৫ চনত বি গ্ৰেড পোৱা বিদ্যালয়ৰ সংখ্যা ৪ হাজাৰলৈ কমি যায়। লগতে ২০১৭ চনত চি গ্ৰেড পোৱা ৯০০০ বিদ্যালয়ৰ সংখ্যা ২০২৫ চনত ৮০০ খনলৈ হ্ৰাস পায় আৰু ২০১৭ চনত ডি গ্ৰেড পোৱা ৭০০০ বিদ্যালয়ৰ সংখ্যা ২০২৫চনত ২১৮ খনলৈ হ্ৰাস পায়।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই সামাজিক মাধ্যমত লিখে যে- “২০২৫ বৰ্ষত অনুষ্ঠিত গুণোৎসৱৰ ফলাফল আজি ঘোষণা কৰা হয়। গুজৰাটৰ মাননীয় মুখ্যমন্ত্ৰী হিচাপে মাননীয় শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰ্যকালৰ দ্বাৰা অনুপ্ৰাণিত হৈ অসমৰ শিক্ষাৰ মান উন্নত কৰিবলৈ লোৱা এই অনন্য প্ৰচেষ্টাই এতিয়া আমাৰ ৰাজ্যত ষষ্ঠ সংস্কৰণত প্ৰৱেশ কৰিছে।

আজি ঘোষিত ফলাফলৰ কিছু জিলিঙনি আপোনালোকলৈ আগবঢ়ালোঁ
২০১৭ চনত আৰম্ভ কৰা এই পদক্ষেপৰ জৰিয়তে কেৱল ১২,০০০ বিদ্যালয়ৰ মূল্যায়নৰ পৰা এই মূল্যায়নে এতিয়া ৪৪,০৭ বিদ্যালয়ক সামৰি লৈছে
২০২৫ চনত ২৭,২৫২খন বিদ্যালয়ক এ বা এ+ গ্ৰেড হিচাপে স্থান দিয়া হৈছে। ২০২৪ চনৰ পৰিসংখ্যাৰ তুলনাত এই বৃদ্ধিৰ হাৰ ৭%
যোৱা বছৰৰ দৰে শিৱসাগৰ আৰু ডিব্ৰুগড় জিলা শীৰ্ষ ৩ খন জিলাৰ ভিতৰত আছে। জিলাকেইখনৰ এই কৃতকাৰ্যতাৰ বাবে শলাগ জ্ঞাপন কৰিলোঁ
সামগ্ৰিকভাৱে ৮৩.৫% বিদ্যালয়ে এ+ আৰু এ গ্ৰেড লাভ কৰিছে
এই বছৰ প্ৰথমবাৰৰ বাবে আমি শিক্ষাৰ্থীসকলক প্ৰদান কৰা ইউনিফৰ্মৰ মান আৰু অনুশীলনৰ স্বচ্ছতাও মূল্যায়ন কৰিছিলোঁ
১৫ লাখ শিক্ষাৰ্থীয়ে লাভ কৰিছে এ+ গ্ৰেড
আমি প্ৰতিখন এ+ গ্ৰেড বিদ্যালয়ক উচ্চ প্ৰদৰ্শনৰ স্বীকৃতি স্বৰূপে ২৫,০০০ টকাকৈ উদগনিমূলক অনুদান প্ৰদানৰ ব্যৱস্থা কৰিছোঁ”।

এই ফল ঘোষণা কৰি মুখ্যমন্ত্ৰী শৰ্মাই শিৱসাগৰত কৃতজ্ঞতা জ্ঞাপন কৰে। ২০২৩ চনৰ পৰা ধাৰাবাহিকভাৱে শিৱসাগৰ জিলাই মূল্যাংকনৰ ক্ষেত্ৰত শীৰ্ষত থকাৰ বাবে জিলাখনৰ শিক্ষাক্ষেত্ৰ, ৰাজ্যৰ শিক্ষা বিভাগক ধন্যবাদ জ্ঞাপন কৰে।  ইয়াৰোপৰি গোলাঘাট জিলা প্ৰথমবাৰৰ বাবে প্ৰথম তিনিটা স্থানত অহা বুলি কয় শৰ্মাই।

স্বচ্চতাৰ ক্ষেত্ৰত প্ৰথম স্থান লাভ কৰে গোলাঘাট জিলাই, ইয়াৰ বিপৰীতে কামৰূপ (মঃ) জিলাই দ্বিতীয় স্থান আৰু যোৰহাট জিলাই তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয়। ইউনিফৰ্মৰ ক্ষেত্ৰত শিৱসাগৰ জিলাই প্ৰথম, মাজুলী জিলাই দ্বিতীয় আৰু চৰাইদেউ জিলাই তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয়। শৰ্মাই আনন্দ প্ৰকাশ কৰি কয় যে ৰাজ্যৰ ৯২ শতাংশ বিদ্যালয়ৰ ইউনিফৰ্মৰ মানদণ্ড উন্নত।

ইয়াৰ লগতে পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং জিলা, চিৰাং জিলাই ভাল ফলাফল দেখুৱাব পৰা নাই বুলি কয় শৰ্মাই। এই জিলাৰ শিক্ষকসকলক অনাগত দিনত ভাল কৰিবলৈ চেষ্টা কৰাৰ আহ্বান জনায়। লগতে তিনি জিলাত শিক্ষা বিভাগে ফলাফল বেয়া হোৱাৰ কাৰণ সমূহ বিচাৰিবলৈ নিৰ্দেশ দিয়ে।

ভাষণ প্ৰদান কৰি শৰ্মাই অসমৰ চৰকাৰী শিক্ষা ব্যৱস্থাৰ ভাল দিন ঘূৰি অহা বুলি মন্তব্য প্ৰকাশ কৰে। অসমত প্ৰায় ২০ হাজাৰতকৈ অধিক ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠান আছে। কিন্তু আমাৰ ইয়াত মাত্ৰ ২০ শতাংশ ছাত্ৰ ছাত্ৰী ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়ে। আজি অসমৰ চৰকাৰী বিদ্যালয়ৰ পৰিৱৰ্তন আমি দেখিব পাইছো। শিৱসাগৰৰ পৰা নলবাৰীলৈকে যি ধৰণে চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ বাবে নিশালৈকে শাৰী পাতিছে এনেবোৰ কথাই প্ৰমাণ কৰিছে বৰ্তমান চৰকাৰী বিদ্যালয়ৰ ভাল দিন আহিছে।

.

Ghibli আৰ্টৰ মাষ্টাৰমাইণ্ড কোন জানেনে?
কাৰ নামত কিমান সম্পত্তি লিখি থৈ গ'ল টাটাই? তালিকাত নাম ঘৰুৱা সহায়কৰ পৰা পোহনীয়া কুকুৰলৈ...
ৰিয়ান পৰাগ কিমান সম্পত্তিৰ মালিক? শুনি হ'ব আচৰিত...
শৰীৰৰ কোন ঠাইত তিল থকা শুভ? জানক ইয়াৰ প্ৰতিটো অৰ্থ...