গুৱাহাটীত প্ৰথমগৰাকী HMPV ৰোগী চিনাক্তঃ জানক এই ৰোগৰ লক্ষণ আৰু কেনেকৈ আক্ৰান্ত হয়…

HMPV Guwahati: গুৱাহাটীত প্ৰথমজন HMPV ভাইৰাছত আক্ৰান্ত ৰোগী চিনাক্ত। বৰ্তমান গুৱাহাটীৰ এপল' হাস্পাতালত চিকিৎসাধীন হৈ আছে মহিলাগৰাকী।

গুৱাহাটীত প্ৰথমগৰাকী HMPV ৰোগী চিনাক্তঃ জানক এই ৰোগৰ লক্ষণ আৰু কেনেকৈ আক্ৰান্ত হয়...

Hmpv ভাইৰাছ

Published: 

21 Jan 2025 14:40 PM

গুৱাহাটীত প্ৰথমগৰাকী HMPV ভাইৰাছত আক্ৰান্ত ৰোগী চিনাক্ত। কিছুদিন পূৰ্বে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পাতালত এইচ এম পি ভি ভাইৰাছত আক্ৰান্ত ৰোগী চিনাক্ত হোৱাৰ পাছতে সোমবাৰে গুৱাহাটীত এই ভাইৰাছত আক্ৰান্ত হয় এগৰাকী মহিলা। জানিব পৰা মতে মহানগৰীৰ খ্ৰীষ্টানবস্তিস্থিত এপল’ হাস্পাতালত বৰ্তমান ৰোগীগৰাকী চিকিৎসাধীন হৈ আছে। এপল’ হাস্পাতালত চিকিৎসাধীন অৱস্থাত থকা HMPV ভাইৰাছত আক্ৰান্ত ৰোগীগৰাকী এগৰাকী বয়োজ্যেষ্ঠ মহিলা।

প্ৰথম অৱস্থাত মহিলাগৰাকীয়ে উশাহ-নিশাহত কষ্ট পাইছিল আৰু চিকিৎসা কৰিবলৈ হাস্পাতালত উপস্থিত হৈছিল। পৰৱৰ্তী সময়ত চিকিৎসকে নিশ্চিত কৰে মহিলাগৰাকী HMPV ভাইৰাছত আক্ৰান্ত হোৱা বুলি। এই সন্দৰ্ভত হাস্পাতাল কৰ্তৃপক্ষৰ উদয় শংকৰ বৰকটকীয়ে কয় যে, হাস্পাতালত চিকিৎসাধীন‌ হৈ থকা ৭৫ বছৰীয়া মহিলাগৰাকী এইচ এম পি ভি ভাইৰাছত আক্ৰান্ত হোৱা বুলি নিশ্চিত হৈছে। বৰ্তমান মহিলাগৰাকীৰ চিকিৎসা চলি আছে। প্ৰথমে মহিলাগৰাকীয়ে উশাহ- নিশাহ লোৱাত কষ্ট পাইছিল আৰু পৰৱৰ্তী সময় এই ভাইৰাছত আক্ৰান্ত বুলি চিনাক্ত হৈছিল। উল্লেখ্য যে, HMPV ভাইৰাছত আক্ৰান্ত হোৱা অসমত প্ৰথমগৰাকী ৰোগী আছিল লখিমপুৰৰ ১০ মহীয়া এটি শিশু।

Human Metapneumovirus (HMPV)  কি

FAIMA Doctors Association ৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ পৃষ্ঠপোষক ৰোহন কৃষ্ণনৰ মতে, HMPV ভাইৰাছ শ্বাস-প্ৰশ্বাসজনিত এক ৰোগ। বিশেষকৈ শিশু আৰু বৃদ্ধসকল এই ভাইৰাছত আক্ৰান্ত হয়। এই ভাইৰাছত আক্ৰান্ত হ’লে শিশুৰ কাহ, চৰ্দি, জ্বৰ, উশাহ-নিশাহ লোৱা সমস্যা আদি হয়। ৫ বছৰৰ তলৰ শিশু বেছিকৈ এই ভাইৰাছত আক্ৰান্ত হয়। কিছুদিন পূৰ্বে বিশ্ব স্বাস্থ্য সংস্থাই স্পষ্ট কৰি কৈছিল যে, এই ভাইৰাছ ভয়ংকৰ নহয়। এয়া এক সাধাৰণ ভাইৰাছ। সাৱধানতা অৱলম্বন কৰাৰ লগতে চিকিৎসকৰ পৰামৰ্শ পালন কৰিলে এই ভাইৰাছৰ পৰা পৰিত্ৰাণ পাব পাৰি।

লক্ষণ

  • তীব্ৰ জ্বৰ (১০৩ৰ পৰা তাৰ ওপৰত)
  • উশাহ-নিশাহত সমস্যা
  • ওঁঠ বা নখ নীলা হোৱা, চায়ান’ছিছৰ দৰে
  • ছালৰ সমস্যা
  • কাহ- চৰ্দি

কেনেকৈ বিয়পে

এই ভাইৰাছ দূষিত বস্তু বা ভাইৰাছত সংক্ৰমণ হোৱা ব্যক্তিৰ প্ৰত্যক্ষ সংস্পৰ্শৰ জৰিয়তে বিয়পে। যেনে, আক্ৰান্ত ব্যক্তিৰ কাহ আৰু হাঁচি, সংক্ৰমিত ব্যক্তি বা শিশুৰ হাত ধৰা, সাৱটি ধৰা ইত্যাদি। ইয়াৰোপৰি এই ভাইৰাছ দুৱাৰৰ হেণ্ডেল, কিবৰ্ড বা খেলনা আদি বস্তু স্পৰ্শ কৰিলেও বিয়পিব পাৰে (যদি তেনে বস্তু সংক্ৰমিত ব্যক্তিয়ে স্পৰ্শ কৰিছে) । এনে বস্তু স্পৰ্শ কৰি মুখ বা নাকত হাত ধৰিলে এই ভাইৰাছ শৰীৰত প্ৰৱেশ কৰে।

কি কৰিব লাগে

  • এই হাত চাবোন বা পানীৰে ধুব লাগে।
  • হাঁচি বা কাহ হ’লে নাক আৰু মুখ কাপোৰেৰে ঢাকি ৰাখিব লাগে
  • যদি আপুনি অসুস্থ আৰু আনৰ কাষত থকাৰ পৰা আঁতৰি থাকিব নোৱাৰে তেন্তে মাস্ক পৰিধান কৰাৰ কথা চিন্তা কৰক
  • মুখ, চকু, নাক আৰু মুখ বেছি স্পৰ্শ নকৰিব।

 

 

অন্য খবৰ পঢ়কঃ কোৰোনাৰ দৰে একে লক্ষণ! চীনত বৃদ্ধি HMPV ৰোগীৰ সংখ্যা, জানক এই ভাইৰাছৰ বিষয়ে…

 

 

মহাকুম্ভৰ প্ৰথম দিনটোত কিমান মানুহ পৰিয়ালৰ পৰা বিচ্ছেদ হ'ল জানেনে?
প্ৰায়ে হয় নেকি বেমাৰ-আজাৰ? শিৱলিংগত অৰ্পন কৰক এই বস্তু...
প্ৰতিদিনে আলু খাই নেকি? তেন্তে সাৱধান...
প্ৰতিদিনে লাল চাহ খোৱাৰ অভ্যাস আছে নেকি? ইয়াৰ লাভৰ বিষয়ে জানিলে আচৰিত হ'ব আপুনি...