Guwahati : ‘সাধাৰণ নাগৰিকৰ বিৰুদ্ধে আৰক্ষীয়ে অপ্ৰয়োজনীয় শক্তি প্ৰয়োগ কৰাৰ উচিত নহয়’, ফাঁচী বজাৰৰ ঘটনাকলৈ আৰু কি ক’লে মুখ্যমন্ত্ৰীয়ে…?
এজন ফুড ডেলিভাৰী বয়ক পাণবজাৰ থানাৰ অ’চি ভাৰ্গৱ বৰবৰাই প্ৰহাৰ কৰা ঘটনা চৰ্চাত থকাৰ মাজতে শেহতীয়াকৈ আৰক্ষীৰ আচৰণক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । আৰক্ষীয়ে অপ্ৰয়োজনীয়ভাৱে শক্তি প্ৰয়োগ কৰাকলৈ এক প্ৰকাৰে অসন্তুষ্টি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই ।
গুৱাহাটীৰ ফাঁচী বজাৰৰ জেইল ৰোডৰ সমীপত এজন ফুড ডেলিভাৰী বয়ক পাণবজাৰ থানাৰ অ’চি ভাৰ্গৱ বৰবৰাই প্ৰহাৰ কৰা ঘটনা চৰ্চাত থকাৰ মাজতে শেহতীয়াকৈ আৰক্ষীৰ আচৰণক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । আৰক্ষীয়ে অপ্ৰয়োজনীয়ভাৱে শক্তি প্ৰয়োগ কৰাকলৈ এক প্ৰকাৰে অসন্তুষ্টি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই । সামাজিক মাধ্যমৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘অসম আৰক্ষীয়ে ৰাজপথত সাধাৰণ নাগৰিকৰ বিৰুদ্ধে অপ্ৰয়োজনীয়ভাৱে শক্তি প্ৰয়োগ কৰা উচিত নহয় ৷’
উল্লেখ্য যে, শুকুৰবাৰে ফাঁচী বজাৰৰ জেইল ৰোডৰ সমীপত ফুড ডেলিভাৰী কাম কৰা জ্ঞানদীপ হাজৰিকা নামৰ এজন ছাত্ৰক পাণবজাৰ থানাৰ অ’চি ভাৰ্গৱ বৰবৰাই প্ৰহাৰ কৰা এটা ভিডিঅ’ পোহৰলৈ আহিছিল । ভিডিঅ’টোত ট্ৰেফিক চিগনেল অমান্য কৰাৰ অভিযোগত জ্ঞানদীপ হাজৰিকাক নিৰ্মমভাৱে প্ৰহাৰ কৰে আৰক্ষী বিষয়াজনে । আৰক্ষী বিষয়াজনে যুৱক জনক প্ৰহাৰ কৰাৰ সময়ত ‘মাৰি পেলাম, মাৰি পেলাম’ বুলি কোৱাও শুনা গৈছিল ।
Assam police must transform into a force that serves and protects the people with dignity and respect, not one that uses unnecessary force against common citizens on the streets. Those days of unchecked power are long gone. Society will no longer tolerate the misuse of authority…
— Himanta Biswa Sarma (@himantabiswa) November 16, 2024
এই ঘটনাৰ ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ লগে লগে সামাজিক মাধ্যমত ব্যাপক চৰ্চা আৰম্ভ হয় । প্ৰায় সংখ্যক লোকেই আৰক্ষী বিষয়া গৰাকীৰ এই ঘটনা তীব্ৰ ভাষাৰে গৰিহনা দিয়ে । শেহতীয়াকৈ সামাজিক মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰী শৰ্মাই কয় যে,’অসম আৰক্ষীয়ে ৰাজপথত সাধাৰণ নাগৰিকৰ বিৰুদ্ধে অপ্ৰয়োজনীয়ভাৱে শক্তি প্ৰয়োগ কৰা উচিত নহয় ৷ ইয়াৰ বিপৰীতে মৰ্যাদা আৰু সন্মানেৰে জনসাধাৰণক সেৱা আৰু সুৰক্ষা প্ৰদান কৰা শক্তিলৈ আৰক্ষী ৰূপান্তৰ হ’ব লাগিব।’
‘অনিয়ন্ত্ৰিত ক্ষমতা প্ৰয়োগ কৰা সেই দিনবোৰ এতিয়া অতীত হ’ল। আৰক্ষীয়ে ৰক্ষা কৰিবলৈ লোৱা মানুহখিনিৰ বিৰুদ্ধে কৰ্তৃত্বৰ অপব্যৱহাৰ বা হিংসা সমাজে আৰু সহ্য নকৰে। আৰক্ষীয়ে সংস্কাৰ, জবাবদিহিতা আৰু মমত্বক আঁকোৱালি লোৱাৰ সময় আহি পৰিছে। লগতে, এই মূল্যবোধসমূহক সঁচা অৰ্থত ৰক্ষা কৰা শক্তি এটাৰ বাবে নতুন পথ সৃষ্টি কৰিবলৈ খোজ দিয়াৰ সময় আহি পৰিছে।’ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
উল্লেখ্য যে, এই ঘটনা সংঘটিত হোৱাৰ পাছতে পাণবজাৰ থানাৰ অ’চি ভাৰ্গৱ বৰবৰাক নিলম্বন কৰাৰ কথা সদৰী কৰিছে ডিজিপি জিপি সিঙে। জানিব পৰা মতে, আৰক্ষী বিষয়াই প্ৰহাৰ কৰা ডেলিভাৰী বয় জ্ঞানদীপ হাজৰিকাই পঢ়াৰ খৰচ উলিয়াবলৈ কৰি আহিছে ডেলিভাৰী বয়ৰ কাম। পিতৃহীন তেজপুৰৰ জ্ঞানদীপ হাজৰিকাৰ আছে মাতৃ আৰু ভগ্নী। পিতৃহাৰা জ্ঞানদীপৰ ঘৰ তেজপুৰত।