কেনেকৈ মৃত্যু হ’ল বিজেপিৰ মণ্ডল সভাপতি কমল দে’ৰ, CCTV ফুটেজ পোহৰলৈ
এক দুৰ্ঘটনাত পতিত হৈ মৃত্যু বিজেপি নেতা কমল দে'ৰ। নেতাগৰাকীৰ মৃত্যুৰ পাছতেই এতিয়া সৃষ্টি হৈছে ৰহস্যৰ। পৰিয়ালৰলোকে এই ঘটনাৰ তদন্তৰ দাবী কৰিছে।
সোমবাৰে পুৱতি নিশা গুৱাহাটীৰ মাজ-মজিয়াত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। পুৱতি নিশা প্ৰায় ২.৪৭ মান বজাত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হয় জালুকবাৰী মণ্ডলৰ বিজেপি নেতা কমল দে’ৰ। জানিব পৰা মতে, পাণ্ডুৰ শংকৰ নগৰত এটা স্পীড ব্ৰেকাৰত খুন্দিয়াই ৰাস্তাত বাগৰি পৰে কমল দে’ আৰু পৰৱৰ্তী সময়ত তেওঁৰ মৃত্যু হয়। ঘটনাৰ পাছতেই সংকটজনক অৱস্থাত কমল দে’ক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। কিন্তু এই দুৰ্ঘটনা সাধাৰণভাৱে মানি ল’ব বিচৰা নাই কমল দে’ৰ পৰিয়ালৰলোকে। বিজেপি নেতাগৰাকীৰ পৰিয়ালৰ মতে এয়া এক হত্যাকাণ্ড।
এই সমগ্ৰ ঘটনা সন্দৰ্ভত অসম আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। কমল দে’ৰ মৃত্যু সন্দৰ্ভত গুৱাহাটী আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তই কয় যে, নিশা ২.৩০ ৰ পৰা ২.৪৫ মিনিটৰ ভিতৰত এই ঘটনাটো সংঘটিত হৈছে। ইতিমধ্যে তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। প্ৰাৰম্ভিক তদন্তত এয়া এক দুৰ্ঘটনা যে লাগিছে যদিও অধিক তদন্ত হ’ব আৰু তাৰ পাছতহে কমল দে’ৰ কেনেকৈ মৃত্যু হ’ল জানিব পৰা যাব।
উল্লেখ্য যে, কমল দে’ অতি জনপ্ৰিয় ব্যক্তি আছিল। পাণ্ডু- মালিগাঁৱৰ সামাজিক,ৰাজনৈতিক আদি কামত জড়িত হৈ আছিল তেওঁ। এই ঘটনাৰ পাছতেই পৰিয়ালৰ লগতে আত্মীয় স্বজন শোকত ভাগি পৰিছে। জানিব পৰা মতে, এজন ব্যক্তিয়ে কমল দে’ক ৰাজপথত পৰি থকা দেখি এজন ব্যক্তিয়ে আৰক্ষীক খবৰ দিয়ে আৰু পৰৱৰ্তী সময়ত জালুকবাৰী আৰক্ষী উপস্থিত হৈ তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে। এই সমগ্ৰ ঘটনাৰ ফলত পাণ্ডু- মালিগাঁও অঞ্চলত শোকৰ ছাঁ পৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।
এই ঘটনাৰ চিচিটিভি ফুটেজ ইতিমধ্যে পোহৰলৈ আহিছে। য’ত দেখা গৈছে যে, এজন ব্যক্তিয়ে দুচকীয়া বাহনেৰে আহি স্পীড ব্ৰেকাৰত খুন্দা মাৰি বাগৰি পৰিছে। স্কুটীখনৰ পৰা প্ৰায় ১৫ ফুট দূৰত কমল দে’ বাগৰি পৰে। জানিব পৰা মতে, এজন ব্যক্তিক ঘৰলৈ থ’ব গৈ উভতি আহি আছিল কমল দে’ আৰু তেতিয়াই এই ঘটনা সংঘটিত হয়। ইতিমধ্যে ঘটনাস্থলীৰ পৰা ফৰেন্সিক দলে যাৱতীয় তথ্য সংগ্ৰহ কৰিছে। কমল দে’ চলাই থকা স্কুটীখন জব্দ কৰাৰ লগতে চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰিছে। অৱশ্যে আৰক্ষীৰ তদন্তৰ অন্ততহে জানিব পৰা যাব কেনেকৈ মৃত্যু হ’ল জালুকবাৰী বিজেপিৰ মণ্ডল সভাপতি কমল দে’ ৰ।