গুৱাহাটীত চাঞ্চল্য! বিহুৰ নিশা কিয় ৪ বন্ধুই মিলি প্ৰাণ ল’লে আকাশ চৌধুৰীৰ…

Guwahati: মাঘ বিহুৰ নিশা গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। ৪ বন্ধুৱে মিলি প্ৰাণ ল'লে এজন যুৱকৰ। নিহত যুৱকজন আকাশ চৌধুৰী বুলি চিনাক্ত হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।

গুৱাহাটীত চাঞ্চল্য! বিহুৰ নিশা কিয় ৪ বন্ধুই মিলি প্ৰাণ ললে আকাশ চৌধুৰীৰ...

৪ বন্ধু

Published: 

15 Jan 2025 13:26 PM

ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। হত্যা, ধৰ্ষণ, লুণ্ঠন আদিৰ দৰে জঘন্য ঘটনা টোপনি কাঢ়ে সাধাৰণ জনতাই। বিশেষকৈ গুৱাহাটী মহানগৰীখন অপৰাধীৰ হাবলৈ পৰিণত হৈছে। নিতৌ ন ন হত্যাকাণ্ডৰ কথা পোহৰলৈ আহে গুৱাহাটী মহানগৰীৰ পৰা। ইয়াৰ মাজতে গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ড। এইবাৰ বন্ধুৰ হাতত প্ৰাণ গ’ল এজন বন্ধুৰ। গুৱাহাটী মহানগৰীৰ কাহিলীপাৰাত সংঘটিত হৈছে এই জঘন্য হত্যাকাণ্ড। জানিব পৰা মতে, ৪ বন্ধুৱে মিলি হত্যা কৰে এজন যুৱকক। মৃত যুৱকজন আকাশ চৌধুৰী বুলি চিনাক্ত হৈছে।

ঘটনাৰ বিৱৰণী অনুসৰি মঙলবাৰে মাঘ বিহুৰ সন্ধিয়া বনজিৎ ৰাজবংশী,জিয়াৰুল আলী, দেৱব্ৰত মল্লিক, তৰুণ বুঢ়াগোঁহাই আৰু আকাশ চৌধুৰীয়ে মিলি সুৰাপান কৰি আছিল। তেনে সময়তে কিবা কথাক লৈ কাজিয়া লাগি ৪ বন্ধুৱে মিলি হত্যা কৰে আকাশ চৌধুৰীক। ৪ বন্ধুৰ প্ৰহাৰত আঘাতপ্ৰাপ্ত হোৱা আকাশত প্ৰথম অৱস্থাত সংকটজনক অৱস্থাত হাস্পাতাললৈ প্ৰেৰণ কৰা হয় যদিও আদবাটতেই তেওঁ মৃত্যুক সাৱতি লয়। ইতিমধ্যে আৰক্ষীয়ে আটক কৰে ধৃত ৪ যুৱক বনজিৎ ৰাজবংশী, জিয়াৰুল আলী, দেৱব্রত মল্লিক, তৰুণ বুঢ়াগোহাঁইক। পাৱাৰ হাউচৰ সমীপৰ IMFL দোকানৰ কাষত সংঘটিত হৈছে এই নৃশংস কাণ্ড।

উল্লেখ্য যে, সুৰাপান কৰি থকাৰ সময়তে ৫ বন্ধুৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল। তাৰ পাছত ৪ বন্ধুৱে মিলি আকাশৰ ডিঙি,মূৰ আদিত আঘাত কৰিছিল। ঘটনাৰ পাছত সেই স্থানৰ পৰা ৪ বন্ধুৱে পলায়নৰ চেষ্টা কৰিছিল যদিও স্থানীয়লোকৰ তৎপৰতাত আটাইকেইজন যুৱক আৰক্ষীৰ হাতত আটক হয় আৰু আকাশক হাস্পাতাললৈ লৈ যোৱা হয়। কিন্তু হাস্পাতাল পোৱাৰ পূৰ্বে মৃত্যুৱ সাৱতে আটাইকেইজনে।

ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আটাইকেইজন যুৱকক আটক কৰাৰ লগতে আকাশৰ মৃতদেহ উদ্ধাৰ কৰে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আকাশৰ আত্মীয়ই জনোৱা অনুসৰি পূৰ্বৰে পৰা বন্ধু কেইজনৰ মাজত কিবা কাজিয়া লাগি আছিল। গতিকে এয়া এক পৰিকল্পিত হত্যাকাণ্ড হোৱাৰ সন্দেহ কৰিছে পৰিয়ালবৰ্গই।

অৱশ্যে এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান সময়লৈকে আৰক্ষীয়ে মুখ খোলা নাই। আৰক্ষীয়ে জেৰা চলাই আছে হত্যাকাণ্ডৰ সৈতে জড়িত আটাইকেইজন অভিযুক্তক। গতিকে তদন্তৰ অন্ততহে জানিব পৰা যাব কেনেকৈ মৃত্যু হ’ল আকাশ চৌধুৰীৰ। লগতে জানিব পৰা যাব এই হত্যাকাণ্ডৰ কাৰণ কি বা এয়া এক পৰিকল্পিত হত্যাকাণ্ড নেকি? ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

সন্ন্যাসীসকলে কিয় চুলি নাকাটে? ইয়াৰ আঁৰত আছে বিশেষ কাৰণ...
ভোগালী বিহুত খোৱা চিৰা-দৈৰ জলপানৰ উপকাৰিতাৰ বিষয়ে জানেনে?
মাঘ বিহুত মাহ কৰাই আৰু পঁইতা ভাত খোৱাৰ পৰম্পৰাৰ বিষয়ে জানেনে?
উৰুকাৰ নিশা চুৰি কৰা পৰম্পৰাৰ বিষয়ে জানেনে?