ভয়ংকৰ! সতীয়া পিতৃ হ’ল কাল, জানক গুৱাহাটীৰ নৃশংস ঘটনাৰ ভয়ংকৰ সত্য…
এক ভয়ংকৰ কাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। এটা কোঠাৰ ভিতৰত উদ্ধাৰ হয় পিতৃ- মাতৃ আৰু কন্যাৰ মৃতদেহ। পিতৃ লোহিত ঠাকুৰীয়াই আজিৰ পৰা কিছুবছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল জুলি ডেকাৰ সৈতে।

প্ৰতীকী ফটো
নৃশংস, বৰ্বৰ,জঘন্য! ১২ ফেব্ৰুৱাৰীত গুৱাহাটী মহানগৰীৰ বামুণীমৈদামৰ ৰে’লৱে কলনীত সংঘটিত হোৱা এক নৃশংস কাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। এটা কোঠাৰ ভিতৰত উদ্ধাৰ হয় পিতৃ-মাতৃকে ধৰি কন্যাৰ মৃতদেহ। পিতৃ লোহিত ঠাকুৰীয়াৰ মৃতদেহ চিপ লোৱা অৱস্থাত উদ্ধাৰ হোৱাৰ বিপৰীতে মাতৃ জুলী ডেকা আৰু কন্যা ঋত্বিকা ডেকাৰ মৃতদেহ ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ হয়। এই ঘটনা সংঘটিত হোৱাৰ পাছতে চাৰিওফালে হুৱা-দুৱা লাগে আৰু স্থানীয়লোকে আৰক্ষীক খবৰ দিয়ে।
পৰৱৰ্তী সময়ত ঘটনাস্থলীক আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰে। আৰক্ষীৰ তদন্তৰ কিছুসময় পাছতে পোহৰলৈ আহে বামুণীমৈদাম ৰেলৱে কলনীৰ K ব্লকৰ ৪২৭ নং কোৱাৰ্টাৰত সংঘটিত হোৱা সেই অভিশপ্ত ঘটনাৰ কথা। আৰক্ষীৰ তদন্তত পোহৰলৈ আহে কিছুমান ভয়ংকৰ তথ্য।
ঘটনাৰ সবিশেষ জানিবলৈ আমি আজিৰ পৰা প্ৰায় ১২ বছৰ পিছুৱাই যাব লাগিব। পোহৰলৈ অহা তথ্য অনুসৰি ৰে’লৱে বিভাগৰ কৰ্মচাৰী ভাস্কৰ নাথ নামৰ এজনলোকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল জুলি ডেকা এগৰাকী মহিলা। কিন্তু এদিন হঠাতে মৃত্যু হয় জুলি ডেকাৰ স্বামী ভাস্কৰৰ। পৰৱৰ্তী সময়ত ভাস্কৰৰ চাকৰিটো লাভ কৰে পত্নী জুলি ডেকাই।
চাকৰিটো আৰম্ভ কৰাৰ পাছতে জুলি ডেকাৰ চিনাকী হয় লোহিত ঠাকুৰীয়া নামৰ এজনলোকৰ সৈতে। প্ৰথমে বন্ধুত্ব, পাছত প্ৰেম আৰু পৰৱৰ্তী সময়ত দুয়োৰা মাজত বিবাহপাশত আৱদ্ধ হয়। ঋত্বিকা আছিল জুলি ডেকাৰ প্ৰথম স্বামীৰ সন্তান। বিয়াৰ পূৰ্বে লোহিত ঠাকুৰীয়াই ঋত্বিকাকো নিজৰ সন্তানৰ দৰে আঁকোৱালি লোৱাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে পিতৃৰ দৰে মৰম কৰিব বুলি কয়। লোহিতৰ প্ৰতিশ্ৰুতিত ভোল হৈ জুলি ডেকা বিবাহপাশত আৱদ্ধ হয় লোহিতৰ সৈতে।
কিন্তু বিয়াৰ কিছু মাহ বাগৰাৰ পাছতে লোহিতৰ স্বভাৱ সলনি হ’বলৈ ধৰে। গেৰেজত কৰ্মৰত লোহিতে মাতৃ-কন্যাৰ ওপৰত প্ৰথমে মানসিক আৰু পৰৱৰ্তী সময়ত শাৰীৰিক নিৰ্যাতন চলাবলৈ আৰম্ভ কৰে। কেৱল ইমানেই নহয়, সতীয়া কন্যা ঋত্বিকাৰ ওপৰত যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত জেললৈ যাবলগীয়া হৈছিল লোহিত ঠাকুৰীয়া। আজিৰ পৰা কিছুদিন আগত লোহিত জেলৰ পৰা ওলাই আহে আৰু তাৰ পাছতে সংঘটিত কৰে এই ভয়ংকৰ ঘটনা।
জানিব পৰা মতে, খঙৰ ভমকত লোহিতে প্ৰথমে মাতৃ-কন্যাক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে আৰু পাছত নিজে চিপ লৈ চৰম পন্থা বাছি লয়। স্থানীয়লোকে জনোৱা মতে, কালি হোৱা হত্যাকাণ্ডৰ পূৰ্বে লোহিতৰ ঘৰত কাজিয়া লাগিছিল। প্ৰায়ে তেওঁলোকৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল। কিন্তু কালিৰ কাজিয়াৰ পৰিণতিত আটাইকেইজনে মৃত্যুক সাৱতি ল’বলগীয়া হয়।
উল্লেখ্য যে, জুলি ডেকা নামৰ মহিলাগৰাকীৰ ঘৰ মৰিগাঁও জিলাৰ দন্দুৱাত। এই ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আনহতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। আৰক্ষীৰ তদন্তৰ অন্তত পৰৱৰ্তী সময়ত আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।