5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

গুৱাহাটীত ১৬৩ ধাৰা জাৰিঃ কৰিব নোৱাৰিব প্ৰতিবাদ, সমবেত হ’ব নোৱাৰিব ৫জনতকৈ অধিক

ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰা জাৰি গুৱাহাটী মহানগৰীত। আজিৰ পৰা মহানগৰীত বলবৎ হৈছে এই নিৰ্দেশনা । এই নিৰ্দেশনাৰ অধীনত একেঠাইত সমবেত হ'ব নোৱাৰিব ৫ জনতকৈ অধিকলোক। কৰিব নোৱাৰিব প্ৰতিবাদ।

গুৱাহাটীত ১৬৩ ধাৰা জাৰিঃ কৰিব নোৱাৰিব প্ৰতিবাদ, সমবেত হ’ব নোৱাৰিব ৫জনতকৈ অধিক
গুৱাহাটীত ১৬৩ ধাৰা
barasha-sarma
Barasha Sarma | Published: 19 Dec 2024 11:30 AM

গুৱাহাটীত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰা জাৰি জিলা প্ৰশাসনৰ। উপ- আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা জাননী অনুসৰি এই ধাৰা কাৰ্যকৰী হোৱাৰ বাবে গুৱাহাটীৰ কোনো স্থানত সমৱেত হ’ব নোৱাৰিব ৫ জনতকৈ অধিকলোক। ইয়াৰোপৰি প্ৰতিবাদ, শ্লোগান , ধৰ্ণা আদি প্ৰদৰ্শনতো বাধা আৰোপ কৰিছে। জাননী অনুসৰি দিছপুৰৰ ৰাজধানী চৌহদৰ ১ কিলোমিটাৰ ব্যাসাৰ্ধত কোনোৱে কোনোধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰিব নোৱাৰে। বুধবাৰে প্ৰতিবাদত এগৰাকী কংগ্ৰেছ কৰ্মীয়ে প্ৰাণ হেৰুওৱাৰ পাছতেই এই জাননী জাৰি কৰে জিলা প্ৰশাসনে।

প্ৰশাসনে উল্লেখ কৰা অনুসৰি ১৯ ডিচেম্বৰ, ২০২৪ ৰ পৰা বলবৎ হৈছে এই নিৰ্দেশনা । ইয়াৰোপৰি আৰক্ষীয়ে গুৱাহাটীৰ বিভিন্ন প্ৰান্তত কটকটীয়া কৰি তুলিছে নিৰাপত্তা ব্যৱস্থা।  উল্লেখ্য যে, সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো কালি প্ৰদেশ কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছিল। গুৱাহাটীত অনুষ্ঠিত হোৱা ‘ৰাজভৱন চলো’ কাৰ্যসূচীত অংশ গ্ৰহণ কৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি, নেতা কৰ্মীৰ লগতে প্ৰায় ৫ শতাধিক লোকে। কিন্তু এই প্ৰতিবাদ অবৈধ বুলি আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক বাধা দিয়াৰ চেষ্টা কৰিছিল।

প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰিছিল। এই কন্দুৱা গেছৰ ফলতেই প্ৰতিবাদকাৰী কংগ্ৰেছ কৰ্মীৰ লগতে সাংবাদিকো অসুস্থ হৈ পৰিছিল।  পৰৱৰ্তী সময়ত গুৰুত্বৰভাৱে অসুস্থ হোৱা কংগ্ৰেছ কৰ্মীসহ সাংবাদিকক ভৰ্তি কৰোৱা হৈছিল হাস্পাতাল। কিন্তু চিকিৎসাধীন অৱস্থাতে প্ৰাণ হেৰুৱাই কংগ্ৰেছ কৰ্মী মৃদুল ইছলামে। তেওঁ আছিল কংগ্ৰেছ আইনী কোষৰ নেতা।

এই নেতাগৰাকীৰ মৃত্যুৰ পাছতেই  কংগ্ৰেছকৰ্মীসকল বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে। আৰক্ষীৰ কাণ্ড বিভিন্ন দল সংগঠনৰ লগতে অসম সন্মিলিত মৰ্চাইও গৰিহনা দিয়ে।  ইয়াৰোপৰি উত্তৰ প্ৰদেশক কংগ্ৰেছৰ প্ৰতিবাদৰ মাজত আন এজন দলীয় কৰ্মী প্ৰভাত পাণ্ডেৰ মৃত্যু হয়। কংগ্ৰেছ কৰ্মীৰ মৃত্যুত শোক প্ৰকাশ কৰি সাংসদ ৰাহুল গান্ধীয়ে কয় যে, দুই কংগ্ৰেছ কৰ্মীৰ পৰিয়ালৰ ন্যায়ৰ অধিকাৰ আছে। কংগ্ৰেছে সদায় সত্য আৰু সংবিধানৰ বাবে সংঘৰ্ষ কৰি যাব।

উল্লেখ্য যে, মঙলবাৰে সদনত উত্থাপন হৈছিল এক ৰাষ্ট্ৰ এক নিৰ্বাচন বিধেয়ক। এই বিধেয়ক উত্থাপনৰ পাছতেই কংগ্ৰেছে দেশৰ বিভিন্ন প্ৰান্তত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। ইয়াৰোপৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বি আৰ আম্বেদকাৰ সন্দৰ্ভত প্ৰদান কৰা এক মন্তব্যৰ বিৰোধিতা কৰিও কংগ্ৰেছে প্ৰতিবাদ কৰে। কংগ্ৰেছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী কৰাৰ লগতে আম্বেদকাৰত অপমান কৰা বুলি কয়। এনে ধৰণৰ বহু দাবীৰ বিৰোধিতা কৰিয়েই কালি গুৱাহাটীতো প্ৰদেশ কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছিল।

 

অন্য খবৰ পঢ়কঃ গুৱাহাটীৰ প্ৰতিবাদস্থলীত কন্দুৱা গেছ নিক্ষেপ, নিহত কংগ্ৰেছ কৰ্মী মৃদুল ইছলাম

Latest News