দীঘলীপুখুৰীৰ খাওগলিত পৌৰ নিগমৰ বুলড’জাৰ, উচ্ছেদ ৭০ খন বিপণী…
গুৱাহাটী মহানগৰবাসীৰ বাবে অতি পৰিচিত দীঘলীপুখুৰীৰ খাওগলি। খাদ্যৰ দোকানেৰে ভৰপুৰ এই অঞ্চলটোত মহানগৰীৰ একাংশলোকৰ আড্ডা মৰাৰ বিশেষ স্থান। অৱশ্যে এতিয়াৰ পৰা আৰু আপুনি খাওগলিলৈ যাব নোৱাৰে।
আজিৰ পৰা আৰু নাথাকিব মহানগৰীৰ দীঘলীপুখুৰীস্থিত খাওগলি। মঙলবাৰে নিশা এই ঠাইত চলিল প্ৰশাসনৰ বুলড’জাৰ। কালি নিশা ১০.৩০ বজাৰ পৰা গুৱাহাটী পৌৰ নিগম (GMC) য়ে খাওগলিত চলাই বুলড’জাৰৰে উচ্ছেদ অভিযান। জানিব পৰা মতে প্ৰশাসনে খাওগলিৰ প্ৰায় ৭০ খন বিপণী উচ্ছেদ কৰে। উল্লেখ কৰা প্ৰয়োজন যে, ইয়াৰ পূৰ্বে প্ৰশাসনে এই ঠাই খালী কৰাৰ বাবে বিপণীসমূহক জাননী জাৰি কৰিছিল। জাননী অনুসৰি ২৬ নৱেম্ববৰৰ নিশা ১০ বজাৰ পূৰ্বে তেওঁলোকে সেই ঠাই খালী কৰিব লাগিছিল। কিন্তু নিৰ্ধাৰিত সময়ত ঠাই খালী নকৰাত প্ৰশাসনে ১০.৩০ বজাত এই অভিযান চলায়।
গুৱাহাটীৰ উক্ত অঞ্চলত চলি থকা উৰণ সেতু নিৰ্মাণৰ কামৰ বাবে এই উচ্ছেদ চলাই পৌৰ নিগমে। উচ্ছেদৰ সময়ত একাংশ পদ পথৰ দোকানীয়ে উচ্ছেদকাৰীসকলৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হয়। তেওঁলোকে কয় যে, পৌৰ নিগমৰ এই সিদ্ধান্তৰ ফলত তেওঁলোকে সংস্থাপন হেৰুৱাব লগা হ’ল।কাইলৈৰ পৰা তেওঁলোকৰ হাতত আৰু কাম বুলিবলৈ একো নাই। গুৱাহাটী পৌৰ নিগমৰ এই কাণ্ডত তীব্ৰ গৰিহনা দিয়ে পদপথৰ দোকানীসকলে। ইফালে প্ৰশাসনে জনাই যে আগন্তুক ২টা দিনৰ ভিতৰত এই অঞ্চল সম্পূৰ্ণভাৱে খালী কৰা হ’ব।
গুৱাহাটী মহানগৰবাসীৰ বাবে অতি পৰিচিত দীঘলীপুখুৰীৰ খাওগলি। খাদ্যৰ দোকানেৰে ভৰপুৰ এই অঞ্চলটোত মহানগৰীৰ একাংশলোকৰ আড্ডা মৰাৰ বিশেষ স্থান। সন্ধিয়া প্ৰায়ভাগ মানুহ এই ঠাইলৈ ওলাই আহি কিছু অৱসৰৰ সময় অতিবাহিত কৰে। প্ৰতিদিনে এই অঞ্চললৈ শ শ মানুহৰ সমাগম ঘটে। কলেজীয়া ছাত্ৰ- ছাত্ৰীৰ পৰা বৃদ্ধসকললৈ সকলোৰে পৰিচিত এই স্থান।
মন কৰিবলগীয়া যে, এই অঞ্চলটোত একাংশলোকে দোকান দি জীৱন নিৰ্বাহ কৰি আছিল। বিগত সময়চোৱাতো দীঘলীপুখুৰীৰ পাৰত খাদ্যৰ দোকান দি স্বাৱলম্বী হৈছিল একাংশ নিবনুৱা যুৱক- যুৱতী। কিন্তু প্ৰশাসনৰ এই সিদ্ধান্তৰ পাছতেই এতিয়া তেওঁলোক অনিশ্চিয়তাত ভুগিছে। উল্লেখ্য যে, ৰিজাৰ্ভ বেংকৰ পৰা বামুণী মৈদামলৈ এখন উৰণ সেতু নিৰ্মাণৰ কাম চলি আছে। যাৰ বাবে এই খাওগলি উচ্ছেদ কৰা হ’ব বুলি কিছুমাহ পূৰ্বে ঘোষণা কৰিছিল গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়াই। অৱশ্যে তেওঁ কৈছিল যে সেই বিপণীসমূহৰ বাবে অন্য ব্যৱস্থা কৰা হ’ব।
উল্লেখ কৰা প্ৰয়োজন যে, এই উৰণ সেতু নিৰ্মাণৰ কামৰ বাবে কিছুদিন পূৰ্বে দীঘলীপুখুৰীৰ গছ কটাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল চৰকাৰে। অৱশ্যে ছাত্ৰ- ছাত্ৰী, সাধাৰণ ৰাইজৰ প্ৰতিবাদৰ অন্তত এই সিদ্ধান্ত সলনি কৰিছিল চৰকাৰে। ৰাইজৰ প্ৰতিবাদৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে দীঘলীপুখুৰীৰ পাৰৰ গছ কটা নহয়।