Dighalipukhuri: বিকল্প পথৰ সন্ধান, চিৰদিন গৌৰৱেৰে দীঘলীপুখুৰীৰ ঐতিহ্য বহন কৰি থাকিব শ শ পুৰণি গছসমূহে | Guwahati dighalipukhuri tree will not cut down decision by assam govt himanta biswa sarma assam Assam news - Assam Tv9

Dighalipukhuri: বিকল্প পথৰ সন্ধান, চিৰদিন গৌৰৱেৰে দীঘলীপুখুৰীৰ ঐতিহ্য বহন কৰি থাকিব শ শ পুৰণি গছসমূহে

Dighalipukhuri: বছৰ বছৰ ধৰি গুৱাহাটীৰ ঐতিহ্য বহন কৰি অহা দীঘলীপুখুৰীৰ গছসমূহ ৰক্ষা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। সাধাৰণ নাগৰিক, ছাত্ৰ সমাজে কৰা তীব্ৰ প্ৰতিবাদৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে। গছ কটাৰ সলনি উৰণসেতু নিৰ্মাণৰ বাবে এতিয়া বিকল্প ব্যৱস্থা গ্ৰহণ কৰিব।

Dighalipukhuri: বিকল্প পথৰ সন্ধান, চিৰদিন গৌৰৱেৰে দীঘলীপুখুৰীৰ ঐতিহ্য বহন কৰি থাকিব  শ শ পুৰণি গছসমূহে

দীঘলীপুখুৰীৰ গছ নাকাটে

Published: 

31 Oct 2024 12:10 PM

বছৰ বছৰ ধৰি গুৱাহাটীৰ ঐতিহ্য বহন কৰি অহা দীঘলীপুখুৰীৰ গছসমূহ ৰক্ষা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। গছসমূহ ৰক্ষাৰ বাবে হোৱা আন্দোলনৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে উন্নয়নৰ সমান্তৰালকৈ গছসমূহ ৰক্ষাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গুৱাহাটী মহানগৰীৰ সচেতন নাগৰিক, ছাত্ৰ সমাজ আৰু ৰাজ্যজুৰি হোৱা প্ৰতিক্ৰিয়াৰ পাছতে গছ কটাৰ সিদ্ধান্ত সলনি কৰি বিকল্প ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।

গছসমূহ ৰক্ষাৰ বাবে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ অসমবাসীক গছসমূহ ৰক্ষা কৰাৰ বাবে বিকল্প ব্যৱস্থা সন্ধানৰ আশ্বাস দিছিল। ইয়াৰ পাছতে বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি ৰাজ্যৰ মুখ্য সচিত ড০ ৰবি কোটাই লোক নিৰ্মাণ বিভাগ (পথ)এক গুৰুত্বপূৰ্ণ বৈঠকত অংশ গ্ৰহণ কৰে। এই বৈঠকত নিৰ্মীয়মাণ গোপীনাথ বৰদলৈ উৰণসেতুৰ পশ্চিম আৰু পূৱ দীঘলীপুখুৰীৰ পথ এৰাই চলি বিকল্প দিশ গ্ৰহণ কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়।

এই আলোচনাত শ শ বছৰ গৰকা গছৰ ৰক্ষা, প্ৰতিবাদ আদিৰ ওপৰত আলচনা হয়। এই আলোচনাৰ অন্তত দীঘলীপুখুৰী পাৰৰ গছ কটা পৰিহাৰ কৰিবলৈ আৰু জি এন বি পথ অথবা অন্য বিকল্প পথত উৰণ সেতুৰ শেষৰ অংশ নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই সন্দৰ্ভত শীঘ্ৰেই খচৰা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে বিভাগীয় কৰ্তৃপক্ষক। জানিব পৰা মতে লোক নিৰ্মাণ বিভাগে অহা এসপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব য’ত বিকল্প ব্যৱস্থাৰ কথা উল্লেখ থাকিব।

উল্লেখ্য যে, নাৰেংগীৰ পৰা দীঘলীপুখুৰীলৈ নিৰ্মাণ হ’বলগীয়া উৰণসেতুৰ বাবে দীঘলীপুখুৰী পাৰৰ প্ৰায় ২৫ জোপা পুৰণি গছ কটাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল চৰকাৰে। গছসমূহ কটাৰ সকলো প্ৰস্তুতি চলাই বিভাগীয় কৰ্তৃপক্ষই গছসমূহত হালধীয়া চিহ্ন দি গৈছিল। ইয়াৰ পাছতেই জাঙুৰ খাই উঠিছিল গুৱাহাটীৰ জ্যেষ্ঠ নাগৰিক, সাধাৰণ জনতাৰ লগতে ছাত্ৰ- ছাত্ৰীসকল।  গছৰ কটাৰ বিৰোধিতাৰে শ শ লোক ৰাজপথলৈ ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল।

প্ৰতিবাদ কৰিছিল শিল্পী সমাজেই। জুবিন গাৰ্গ, পাপন আদিকে ধৰি ৰাজনীতিবিদ সকলেও এই কাৰ্যৰ বিৰোধিতা কৰিছিল। সকলোৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গছ কটা সিদ্ধান্ত সলনি কৰাৰ আহ্বান জনাইছিল। জনতাৰ প্ৰতিবাদৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই  সকলোকে আশ্বাস প্ৰদান কৰিছিল যে গছ কটাৰ বিকল্প ব্যৱস্থাৰ সন্ধান কৰা যাব। অৱশেষত আশ্বাস অনুসৰি মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গছ কটা পৰিহাৰ কৰি বিভাগীয় কৰ্তৃপক্ষই উন্নয়নৰ বাবে বিকল্প ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লয়।

দেশৰ প্ৰথমটো মছজিদ ক'ত আছে? কোন হিন্দু ৰজাই ইয়াক নিৰ্মাণ কৰিছিল
নিম পাত আৰু হালধীৰ আছে অলেখ গুণ, এয়া খালে কি হয় জানেনে ?
কেতিয়া দ্বিতীয় বিবাহ পাতিব অভিষেক বচ্চনে? ক'লে এই কথা.
দীপাৱলীৰ পূজাৰ শুভ সময় কেতিয়া?