গুৱাহাটীত সুৰাপায়ী যুৱতীৰ তাণ্ডৱ! মদ খাই গালি-গালাজ,মাৰপিট, ভাইৰেল হৈ পৰিল ভিডিঅ’…
সুৰাপান কৰি উদ্ভাণ্ডলী কৰা এতিয়া যেন ট্ৰেণ্ডলৈ ৰূপান্তৰিত হৈছে। শেহতীয়াকৈ এগৰাকী যুৱতীৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

গুৱাহাটী
বিশৃংখল হৈ পৰিছে সমাজ! সুৰাপান কৰি উদ্ভাণ্ডলী কৰা এতিয়া যেন এক ট্ৰেণ্ডলৈ ৰূপান্তৰিত হৈছে। একাংশ যুৱক-যুৱতীৰ অতপালিৰ বাবে গুৱাহাটী মহানগৰীৰ পৰা নিতৌ ন ন কাণ্ডৰ কথা পোহৰলৈ আহে। কিছুদিন পূৰ্বে সুৰাপান কৰা এগৰাকী যুৱতীৰ অভদ্ৰামীৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। ইয়াৰ মাজতে পুনৰ অনুৰূপ এক ঘটনাই জোকাৰিছে সামাজিক মাধ্যম। বুধবাৰে নিশা সুৰাপান কৰি এগৰাকী যুৱতীয়ে চলাই তাণ্ডৱ।
জানিব পৰা মতে, বুধবাৰে নিশা সুৰাপায়ী যুৱতীৰ অসভ্যালী সহিব নোৱাৰি এপাৰ্টমেন্টৰ পৰা ওলাই আহিবলগীয়া হ’ল আৱাসী। এই ঘটনা ছয়মাইলৰ চন্দৰ নগৰৰ ত্ৰিবেণী পথৰ ছানৰাইজ এপাৰ্টমেন্টৰ। অভিযোগ অনুসৰি, যুৱতীগৰাকীয়ে দৈনিক সুৰা-ড্ৰাগছ সেৱন কৰি এপাৰ্টমেন্টৰ আৱাসীৰ সৈতে অভদ্ৰামী কৰে। ইমানেই নহয়, বিভিন্নজনক মাৰপিটো কৰে। দীৰ্ঘদিন ধৰি যুৱতীগৰাকীয়ে এপাৰ্টমেন্টৰ আৱাসীসকলক অশ্লীল গালি- গালাজ পাৰি অশান্তি কৰি আহিছিল। যুৱতীগৰাকীৰ এনে কাৰ্যৰ বাবে কেতিয়াবা ওৰে নিশা উজাগৰে কটাবলগীয়া হয় আৱাসী।
কালি নিশাও একেই ঘটনা সংঘটিত কৰে যুৱতীগৰাকীয়ে। যুৱতীগৰাকীয়ে এপাৰ্টমেন্টৰ নিৰাপত্তাৰক্ষীক চৰ মৰাৰ অভিযোগ উত্থাপন হৈছে। চিচিটিভিত বন্দী হোৱা এই দৃশ্য ছ’চিয়েল মিডিয়াত তীব্ৰগতিত ভাইৰেল হৈ পৰিছে। য’ত দেখা গৈছে যে গাড়ীৰ পৰা চিঞৰি চিঞৰি অশ্লীল কথা কৈ গালি গালাজ দি আছে যুৱতীগৰাকীয়ে। কালি সংঘটিত হোৱা এই ঘটনাৰ পাছতে এপাৰ্টমেন্টৰ আৱাসীসকলে আৰক্ষীক খবৰ দিয়ে, কিন্তু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ বিপৰীতে পুৱতি নিশা ৩ বজালৈকে এপাৰ্টমেণ্টটোৰ আৱাসী আৰু আৰক্ষীৰ তৰ্ক যুদ্ধ লিপ্ত হয় যুৱতীগৰাকী।
ইয়াৰ পূৰ্বেও যুৱতীগৰাকীৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছিল এপাৰ্টমেণ্টৰ কমিটীৰ। কিন্তু দিছপুৰ আৰক্ষীয়ে কোনোধৰণৰ গুৰুত্ব নিদিয়াা অভিযোগ কমিটীৰ। এপাৰ্টমেন্টটোৰ আৱাসীসকলে জনাই যে, এই যুৱতীগৰাকীৰ বাবে তেওঁলোকে দীৰ্ঘদিন ধৰি সমস্যাত পৰি আহিছে। মহিলা আৰক্ষী থকাৰ পাছতো কালি যুৱতীগৰাকীৰ বিৰুদ্ধে কোনো ব্যৱস্থা নল’লে। শীঘ্ৰেই আৰক্ষীক যুৱতীগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা লবলৈ অনুৰোধ জনাইছে আৱাসীসকলে।
উল্লেখ্য যে, এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও বহু যুৱক-যুৱতীয়ে সুৰামত্ত অৱস্থাত গুৱাহাটীৰ মাজ মজিয়াত উদ্ভাণ্ডলী কৰাৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে। কিছুদিন পূৰ্বে হোলীৰ সময়ত দুই যুৱতীয়ে মাজ পথতেই তৰ্কযুদ্ধত লিপ্ত হৈছিল। ইমানেই নহয়, সুৰাপান কৰি যুৱতীগৰাকীয়ে ৰাস্তাৰ গাড়ী-মটৰ ৰখাই হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি কৰিছিল। যুৱক-যুৱতীসকলৰ এনে বিশৃংখলতাই এতিয়া চিন্তিত কৰিছে সচেতন নাগৰিকক।