guwahati flood: গুৱাহাটী বানমুক্ত কৰিব নেদাৰলেণ্ডৰ কোম্পানীয়ে, অসম চৰকাৰে দিব দায়িত্ব | Guwahati flood :MOU with nedarland company firm soon to solve Guwahati flood problem Assam news - Assam Tv9

গুৱাহাটী বানমুক্ত কৰিব নেদাৰলেণ্ডৰ কোম্পানীয়ে, অসম চৰকাৰে দিব দায়িত্ব

Published: 

20 Aug 2024 10:05 AM

বছৰ বছৰ ধৰি কৃত্ৰিম বানে জ্বলা- কলা খুৱাইছে গুৱাহাটীবাসীক। বিশেষকৈ ৫ আগষ্টত গুৱাহাটীত সৃষ্টি হোৱা অভাৱনীয় পৰিস্থিতিয়ে গুৱাহাটীবাসীক চিন্তিত কৰি পেলাইছে। কিয়নো গুৱাহাটীৰ ইতিহাসত হয়তো এনে কৃত্ৰিম বান কেতিয়াও হোৱা নাছিল।

গুৱাহাটী বানমুক্ত কৰিব নেদাৰলেণ্ডৰ কোম্পানীয়ে, অসম চৰকাৰে দিব দায়িত্ব

গুৱাহাটী কৃত্ৰিম বান

Follow Us On

মহানগৰবাসীক জ্বলা- কলা খুৱাই থকা কৃত্ৰিম বানপানী সমস্যা সমাধান কৰিবলৈ অসম চৰকাৰে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। তথ্য অনুসৰি গুৱাহাটীৰ বানপানী সমস্যা সমাধানৰ বাবে নেদাৰলেণ্ডৰ কোম্পানীক দায়িত্ব দিব অসম চৰকাৰে। এই সন্দৰ্ভত ২১ আগষ্টত নেদাৰলেণ্ডৰ কোম্পানীৰ সৈতে অসম চৰকাৰৰ এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ হ’ব। গুৱাহাটী উচ্চ ন্যায়ালয়ত এই তথ্য প্ৰকাশ কৰে মহাধিবক্তাই। ৰাজ্য চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিত শইকীয়াই উচ্চ ন্যায়ালয়ত এই শপতনামা দাখিল কৰি গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান সমস্যাৰে মোকাবিলা কৰাৰ বাবে বৰ্তমান থকা কৰ্ম আঁচনি আৰু ভৱিষ্যতে গ্ৰহণ কৰিবলগীয়া সামগ্ৰিক পৰিকল্পনাৰ বিষয়ে জনায়।

জানিব পৰা মতে, নৰ্থ- ইষ্ট ডেভেলপমেন্ট ছ’চাইটিয়ে গুৱাহাটীৰ পাহাৰ খনন আৰু কৃত্ৰিম বানক লৈ উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজনিত এক আবেদন দাখিল কৰিছিল। ইয়াৰ লগতে ৫ আগষ্টত গুৱাহাটীত বৰষুণৰ ফলত হোৱা অবৰ্ণনীয় পৰিস্থিতি সৃষ্টি কৰা সন্দৰ্ভত আদালতে নিজাববীয়াকৈ এখন জনস্বাৰ্থজনিত আবেদন দাখিল কৰিছিল। এই দুই আবেদনৰ শুনানি গ্ৰহণ কৰি ৭ আগষ্টত ন্যায়ালয়ে ১০ দিনৰ ভিতৰত ৰাজ্য চৰকাৰত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছিল। উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বৈষ্ণৈ আৰু ন্যায়াধীশ সুমন শ্যামৰ দুজনীয়া বিচাৰপীঠে এই নিৰ্দেশ জাৰি কৰিছিল।

এই সন্দৰ্ভত গোচৰীয়া পক্ষৰ অধিবক্ত চাহিজুদ্দিন আহমেদে কয় যে, ৰাজ্য চৰকাৰে শপতনামাত উল্লেখ কৰিছে যে গুৱাহাটী বান সমস্যা নিয়ন্ত্ৰণৰ দায়িত্ব নেদাৰলেণ্ডৰ কোম্পানীক দিব। ২১ আগষ্টত ইয়াক লৈ এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ হ’ব। ইয়াৰ লগতে বান নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰা বিভিন্ন তথ্য এই শপতনামাত উল্লেখ কৰিছে। গুৱাহাটীৰ মাষ্টাৰ প্লেন, ২০৪৫ খচৰাত গুৱাহাটীৰ বান সমস্যা সমাধানৰ সামগ্ৰিক পৰিকল্পনাৰ কথাও উল্লেখ কৰিছে।  জানিব পৰা মতে এই গোচৰৰ পৰৱৰ্তী শুনানি হ’ব ২৭ আগষ্টত।

উল্লেখ্য যে, বছৰ বছৰ ধৰি কৃত্ৰিম বানে জ্বলা- কলা খুৱাইছে গুৱাহাটীবাসীক। বিশেষকৈ ৫ আগষ্টত গুৱাহাটীত সৃষ্টি হোৱা অভাৱনীয় পৰিস্থিতিয়ে গুৱাহাটীবাসীক চিন্তিত কৰি পেলাইছে। কিয়নো গুৱাহাটীৰ ইতিহাসত হয়তো এনে কৃত্ৰিম বান কেতিয়াও হোৱা নাছিল। উক্ত দিনটোত গুৱাহাটীৰ প্ৰায়ভাগ অঞ্চল জলামগ্ন হৈ পৰিছিল। ঘন্টা ঘন্টা ধৰি ৰাজপথত আৱদ্ধ হৈ পৰিছিল জনতা। বহুলোকৰ প্ৰাণো কাঢ়িছে গুৱাহাটীৰ কৃত্ৰিম বানে।

বিগত কেইটামান দিনত গুৱাহাটীৰ বানপানী বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে। গুৱাহাটীৰ কৃত্ৰিম বানৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মেঘালয়স্থিত ইউ এছ টি এম (USTM) ক জগৰীয়া কৰিছিল। তেওঁ কৈছিল যে, USTM য়ে ফ্লাড জিহাদ কৰিছে। ইচ্ছাকৃতভাৱে তেওঁলোকে অসমৰ পিনৰ পাহাৰ কাটি মেঘালয়ৰ পানীৰ ঢল আমাৰ পিনে বোৱাই দিছে। যাৰ বাবে গুৱাহাটীত কৃত্ৰিম বানৰ সৃষ্টি হয়।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version