Dengue cases in Guwahati: মহানগৰীত ডেংগিত আক্ৰান্ত হৈ মহিলাৰ মৃত্যু! ৪টা অঞ্চলক ৰেড জ’ন ঘোষণা | guwahati grapples with rising dengue cases woman died in bhaskar nagar Assam news - Assam Tv9

Dengue cases in Guwahati: মহানগৰীত ডেংগিত আক্ৰান্ত হৈ মহিলাৰ মৃত্যু! ৪টা অঞ্চলক ৰেড জ’ন ঘোষণা

দীৰ্ঘদিন ধৰি গুৱাহাটীৰ ভাস্কৰনগৰ অঞ্চলত বৃদ্ধি পাইছে ডেংগিৰ প্ৰাদুৰ্ভাৱ। ভাস্কৰ নগৰৰ একেটা পৰিয়ালৰে ৫জন সদস্য আক্ৰান্ত হৈছে ডেংগিত। বিগত সপ্তাহৰ শনিবাৰেও ডেংগিত আক্ৰান্ত হৈ ভাস্কৰনগৰৰ সুনিতা বসুমতাৰী নামৰ মহিলাগৰাকীৰ মৃত্যু হৈছিল।

Dengue cases in Guwahati: মহানগৰীত ডেংগিত আক্ৰান্ত হৈ মহিলাৰ মৃত্যু! ৪টা অঞ্চলক ৰেড জ’ন ঘোষণা

মহানগৰীত ডেংগিত আক্ৰান্ত হৈ মহিলাৰ মৃত্যু!

Updated On: 

23 Oct 2024 13:30 PM

গুৱাহাটী মহানগৰীত ডেংগিৰ আতংক। ডেংগিত আক্ৰান্ত হৈছে মহানগৰীৰ বিভিন্ন অঞ্চলৰ লোক ।  প্ৰতিদিনে মহানগৰীত বৃদ্ধি হৈছে ডেংগিত আক্ৰান্ত ৰোগীৰ সংখ্যা। মঙলবাৰে পুনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় ডেংগিত আক্ৰান্ত এগৰাকী মহিলাৰ। মৃত মহিলাগৰাকীৰ ঘৰ গুৱাহাটীৰ ভাস্কৰনগৰত। বিগত কেইবাধিন ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল মহিলাগৰাকী। ইয়াৰ পাছতে এতিয়া শংকিত হৈ পৰিছে মহানগৰবাসী।

দীৰ্ঘদিন ধৰি গুৱাহাটীৰ ভাস্কৰনগৰ অঞ্চলত বৃদ্ধি পাইছে ডেংগিৰ প্ৰাদুৰ্ভাৱ। ভাস্কৰ নগৰৰ একেটা পৰিয়ালৰে ৫জন সদস্য আক্ৰান্ত হৈছে ডেংগিত। বিগত সপ্তাহৰ শনিবাৰেও ডেংগিত আক্ৰান্ত হৈ ভাস্কৰনগৰৰ সুনিতা বসুমতাৰী নামৰ মহিলাগৰাকীৰ মৃত্যু হৈছিল। স্বাস্থ্য বিভাগৰ সূত্ৰ অনুসৰি, বিগত এটা মাহত বৃহত্তৰ ভাস্কৰ নগৰ অঞ্চলত ৩০জনৰো অধিক লোক ডেংগিত আক্রান্ত হৈছে।

ডেংগিৰ সংক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ ৪টা অঞ্চলক ৰেড জ’ন ঘোষণা কৰিছে গুৱাহাটী জিলা প্ৰশাসনে। গুৱাহাটীৰ ভাস্কৰ নগৰ, কাৰ্বি পথ, জু-ৰোডৰ অম্বিকাগিৰি নগৰ আৰু বামুণীমৈদাম ৰে’লৱে কলনীক ৰেড জ’ন ঘোষণা কৰিছে জিলা প্ৰশাসনে।

ভাস্কৰ নগৰ, হাতীগড় চাৰিআলি, গীতানগৰ, কাৰ্বি পথ আদিত নিতৌ ইজনৰ পিছত আনজন ডেংগি ৰোগত আক্ৰান্ত হৈছে। ডেংগিৰ আতংকৰ মাজতে স্বাস্থ্য বিভাগে ডেংগিক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি, ডেংগিৰ পৰা হাত সাৰিবলৈ কি কি উপায় অৱলম্বন কৰিব পাৰি সেই বিষয়ে ৰাইজক সজাগ কৰিবলৈ মাইকযোগে ঘোষণা কৰিছে। সমান্তৰালকৈ অঞ্চলটোত ফ’গিঙৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে।

আপুনি গুৱাহাটী মহানগৰীৰ বাসিন্দা নেকি বা আপুনি গুৱাহাটী মহানগৰীত বসবাস কৰে নেকি? যদিহে আপুনি মহানগৰীৰ বাসিন্দা বা আপুনি যদি গুৱাহাটী মহানগৰীত কৰ্মসূত্ৰে হ’লেও বসবাস কৰি আছে, তেন্তে সজাগ আৰু সতৰ্ক হওক আপুনি। ডেংগিৰ পৰা ৰক্ষা কৰক নিজক আৰু আপোনাৰ পৰিয়ালক।

LICৰ আকৰ্ষণীয় পলিচি: এবাৰতে পাব ২৪ লাখ টকা
আৰ্থিক সমস্যা দূৰ কৰিবলৈ ঘৰ মোচা পানীত মিহলি কৰক এই সামগ্ৰী...
ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ এই পাঁচবিধ শাক খাদ্যৰ তালিকাত ৰাখক...
কঁঠালৰ তৰকাৰিত কি কি ভিটামিন পোৱা যায় জানক