5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Assam: গুৱাহাটীৰ ঘৰৰ ভিতৰত নৰকংকাল! মাতৃৰ মৃতদেহৰ সৈতে ৩ মাহ বাস পুত্ৰৰ…

Assam: গুৱাহাটীৰ জ্যোতিকুছিত এটা ঘৰৰ ভিতৰত উদ্ধাৰ এগৰাকী মহিলাৰ নৰ কংকাল। জানিব পৰা মতে প্ৰায় ৩ মাহ ধৰি এই মহিলাগৰাকীক দেখা নাছিল ওচৰ- চুবুৰীয়াই। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Assam: গুৱাহাটীৰ ঘৰৰ ভিতৰত নৰকংকাল! মাতৃৰ মৃতদেহৰ সৈতে ৩ মাহ বাস পুত্ৰৰ…
গুৱাহাটী
barasha-sarma
Barasha Sarma | Published: 21 Oct 2024 15:13 PM

দেওবাৰে গুৱাহাটীৰ জ্যোতিকুছিত সংঘটিত হয় এক শিহৰণকাৰী ঘটনা। জংঘলৰে আৱৰি থকা এটা ঘৰৰ ভিতৰত উদ্ধাৰ হয় এগৰাকী মহিলাৰ নৰ কংকাল। এই নৰ কংকালটো পুৰ্ণিমা দে’ নামৰ এগৰাকী মহিলাৰ বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে। এতিয়া এই ৰহস্যজনক ঘটনাৰ এতিয়া ন ন তথ্য পোহৰলৈ আহিছে। জানিব পৰা মতে এই ঘৰটোত পুৰ্ণিমা দে’ নামৰ মহিলাগৰাকীয়ে নিজ পুত্ৰ জয়দ্বীপ দে’ৰ সৈতে বাস কৰিছিল। অসুখীয়া বৃদ্ধাগৰাকীৰ ৩৬- ৩৭বছৰীয়া পুত্ৰ মানসিকবাৱে অসুস্থ। ওচৰ- চুবুৰীয়াই জনোৱা অনুসৰি জয়দ্বীপৰ আচৰণ আক্ৰমণাত্মক আছিল যাৰ বাবে তেওঁলোকৰ ঘৰলৈ কোনো যোৱা নাছিল।

পুত্ৰৰ আচৰণৰ বাবে এই ঘৰটোত আত্মীয়- স্বজ্বন অহা নাছিল। এই ঘৰটোৰ ভিতৰত কি চলি আছিল সেয়া খবৰ ল’বলৈ ব্যস্ত মহানগৰীৰ ব্যস্ত ওচৰ- চুবুৰীয়াৰ হাতত সময় নাছিল বা আগ্ৰহো নাছিল। অৱশ্যে তাৰ মাজতে ওচৰ- চুবুৰীয়াই পুত্ৰক দেখিলে মাতৃ কেনে আছে বুলি প্ৰশ্ন কৰে। সেই প্ৰশ্নত প্ৰায়ে পুত্ৰই মাতৃ ভাল থকা বুলি কয়। কিন্তু ইয়াৰ পাছতো যোৱা কেইটামান দিনৰ পৰা ওচৰ- চুবুৰীয়াৰ মনত কিছু সন্দেহৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰে। কিয়নো প্ৰায় ৩ মাহ ধৰি মহিলাগৰাকীক কোনোৱে প্ৰত্যক্ষ কৰা নাছিল আৰু ইয়াৰ বিপৰীতে ঘৰৰ চৌপাশে জংঘলে বেছিকৈ আৱৰি ধৰিছিল।

কিছুদিন পূৰ্বে ওচৰৰে এজনলোকে যুৱকজনক ঘৰৰ চৌপাশ চাফা কৰিবলৈ কয়। তাৰ উত্তৰত যুৱকজনে অকলে কেনেকৈনো চাফা কৰিম বুলি কয়। তেতিয়া লোকজনে মাতৃৰ কথা সোধাত যুৱকজনে উত্তৰ দিয়ে যে, তেওঁৰ মাতৃ দেউতাকৰ ওচৰলৈ গৈছে, গতিকে তেওঁ অকলশৰীয়া। উল্লেখ কৰা প্ৰয়োজন যে, কেইমাহমান পূৰ্বে যুৱকজনৰ পিতৃৰ মৃত্যু হৈছিল। এই কথাৰ পাছতেই যুৱকজনৰ ওপৰত ওচৰ- চুবুৰীয়াৰ সন্দেহ আৰু বৃদ্ধি হৈছিল।

পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে মহিলাগৰাকীৰ আত্মীয়ক খবৰ দিয়ে। মহিলাগৰাকীৰ আত্মীয় উক্ত স্থানত উপস্থিত হৈ আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে ঘৰৰ ভিতৰৰ পৰা মহিলাৰ নৰকংকাল উদ্ধাৰ কৰে।  প্ৰায় ৩ মাহ ধৰি এই ঘৰটোতে আছিল মহিলাগৰাকীৰ মৃতদেহ আৰু সেই মৃতদেহৰ সৈতে বাস কৰি আছিল পুত্ৰই।

জানিব পৰা মতে আৰক্ষীয়ে মহিলাগৰাকীৰ মৃতদেহৰ ওচৰৰ পৰা শিৱৰ ফটো আৰু অন্যান্য় কিছু সামগ্ৰী উদ্ধাৰ কৰিছে। মহিলাগৰাকীৰ কেনেকৈ মৃত্যু হ’ল সেয়া এতিয়াও ৰহস্যৰ আঁৰত। ঘটনা সন্দৰ্ভত যুৱকজনক আটক কৰি আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ তদন্ততহে জানিব পৰা যাব কেনেকৈ মৃত্যু হ’ল মহিলাগৰাকীৰ। এই ক্ষেত্ৰত আৰক্ষীয়ে মনোৰোগ বিশেষজ্ঞৰ সহায় ল’ব বুলিও জানিব পৰা গৈছে।

 

Latest News