Guwahati News: গুৱাহাটীত ভয়ংকৰ পথ দুৰ্ঘটনা, তীব্ৰবেগী ডাম্পাৰে নিমিষতে প্ৰাণ কাঢ়িলে দুজনৰ

দাম্পাৰৰ দৌৰাত্মৰ বাবে বহু ঘটনা পোহৰলৈ আহিছে। সাধাৰণ ৰাইজৰ দাবী কঠোৰ হ'ব লাগে আৰক্ষী-প্ৰশাসন। নিশা গেমছ ভিলেজৰ সন্মুখত হোৱা দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে ৰাজপথত ছিন্ন-ভিন্ন হৈ পৰিছিল লোক দুজনৰ মৃতদেহ।

Guwahati News: গুৱাহাটীত ভয়ংকৰ পথ দুৰ্ঘটনা, তীব্ৰবেগী ডাম্পাৰে নিমিষতে প্ৰাণ কাঢ়িলে দুজনৰ

গুৱাহাটীত ভয়ংকৰ পথ দুৰ্ঘটনা

Updated On: 

10 Apr 2025 08:29 AM

নিশা লালমাটিৰ গেমছ ভিলেজৰ সন্মুখত ভয়ংকৰ পথ দুৰ্ঘটনা। চকুৰ পলকতে তীব্ৰবেগী ডাম্পাৰে প্ৰাণ ল’লে দুজনৰ। মৃত্যু হোৱা লোক দুজনৰ নাম ৰাজা ৰয় আৰু মৃদুল ডেকা বুলি জানিব পৰা গৈছে। কৰ্মসূত্ৰে ৰাজা ৰয় থাকে মহানগৰীৰ ৰুক্মিণীগাঁৱত আৰু ৰাজা ৰয়ৰ ঘৰ ধুবুৰীত।

প্ৰথমে স্কুটিত খুন্দিয়াই আৰু তাৰ পিছত আন এখন চাৰিচকীয়া বাহনক খুন্দিয়াই ডাম্পৰখনে। ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰবেগী ডাম্পাৰখনে একেলগে মহটিয়াই মুঠ তিনিখনকৈ বাহন। আন এখন বাহনখনত থকা লোকসকলো আঘাতপ্ৰাপ্ত হয় আৰু বৰ্তমান তেওঁলোক চিকিত্‍সালয়ত ভৰ্তি হৈ আছে। মৃত্যুদূতৰূপী ডাম্পাৰখনৰ নম্বৰ AS25 FC 1985।

দাম্পাৰৰ দৌৰাত্মৰ বাবে বহু ঘটনা পোহৰলৈ আহিছে। সাধাৰণ ৰাইজৰ দাবী কঠোৰ হ’ব লাগে আৰক্ষী-প্ৰশাসন। গেমছ ভিলেজৰ সন্মুখত হোৱা দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে ৰাজপথত ছিন্ন-ভিন্ন হৈ পৰিছিল লোক দুজনৰ মৃতদেহ। আনহাতে, বশিষ্ঠ আৰক্ষীয়ে উদ্ধাৰ কৰিছে দুৰ্ঘটনাটো সংঘটিত কৰা চালকৰ পৰিচয়ো। উত্তেজিত ৰাইজে বন্ধ কৰি দিয়ে ৰাষ্ট্ৰীয় ঘাইপথ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মোতায়েন কৰা হয় অৰ্ধসামৰিক বাহিনী। ডাম্পাৰৰ লগতে চালকজনক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। ইউ টাৰ্ণ লোৱাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা। প্ৰত্যক্ষদৰ্শীয়ে দিয়ে শিহৰণকাৰী ভাষ্য।

উল্লেখ্য যে,  পূৰ্বেও বাজপেয়ী ভৱনৰ সন্মুখত সংঘটিত হৈছিল এক ভয়ংকৰ দুৰ্ঘটনাটো। প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি সেই স্থানতে ২৬ ফেব্ৰুৱাৰীৰ নিশা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত দূৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছিল ঘগ্ৰাপাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিৰিঞ্চি কুমাৰ দাসৰ। তথ্যনুসৰি,বিৰিঞ্চি কুমাৰ দাসক মহতিয়াই নিয়া এ এছ-০১ এই ৱাই -৯১০১ নম্বৰৰ ছুইফ্ট ডিজিয়াৰ খনৰ চালকক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছিল।

 

গ্ৰীষ্মকালত কিদৰে চুলিৰ যতন ল'ব, অনুসৰণ কৰক এই নিয়ম!
ফেটি লিভাৰ হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক সকলো...
ফ্লেভাৰযুক্ত কণ্ডমৰ উদ্দেশ্য কি? কিয় জনপ্ৰিয়তা বাঢ়িছে ফ্লেভাৰযুক্ত কণ্ডমৰ ?
ভগৱান হনুমানক পূজা কৰাৰ শুভ সময় কেতিয়া? সঠিক নিয়ম জানক