LGBI Records : নতুন অভিলেখ গুৱাহাটী বিমানবন্দৰৰ, ১০ দিনত যাত্ৰা কৰিলে ১.৭৪ লাখ যাত্ৰীয়ে…

৬ নৱেম্বৰৰ পৰা মাত্ৰ ১০ দিনত গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা যাত্ৰা কৰিছে মুঠ ১.৭৪ লাখ যাত্ৰীয়ে । এই সময়ছোৱাত গুৱাহাটীৰ এল জি বি আই বিমানবন্দৰৰ পৰা ১২০২ খন বিমান চলাচল কৰিছে ।

LGBI Records : নতুন অভিলেখ গুৱাহাটী বিমানবন্দৰৰ, ১০ দিনত যাত্ৰা কৰিলে ১.৭৪ লাখ যাত্ৰীয়ে...

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ

Updated On: 

18 Nov 2024 15:30 PM

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা যোৱা ১০ দিনত ১.৭৪ লাখ যাত্ৰীৰ যাত্ৰাই নত়ুন অভিলেখ সৃষ্টি কৰিছে । এক বিবৃতিত কোৱা হৈছে যে, যোৱা ৬ নৱেম্বৰৰ পৰা মাত্ৰ ১০ দিনত গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা যাত্ৰা কৰিছে মুঠ ১.৭৪ লাখ যাত্ৰীয়ে । উল্লেখ্য যে, এই বিমানবন্দৰটো পৰিচালনা কৰে আদানী গ্ৰুপে ।

প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে, চলিত মাহৰ ৬ তাৰিখৰ পৰা ১০ দিনৰ সময়ছোৱাত গুৱাহাটীৰ এল জি বি আই বিমানবন্দৰৰ পৰা ১২০২ খন বিমান চলাচল কৰিছে । ইয়াৰ লগতে যাত্ৰীসকলৰ যাত্ৰাৰ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত বিমান পৰিচালনাকে ধৰি সকলো ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে বিমানবন্দৰ কৰ্তৃপক্ষই।

কোম্পানীটোৱে কয় যে, ১৪ নৱেম্বৰত এল জি বি আই বিমানবন্দৰত বছৰৰ সৰ্বাধিক যাত্ৰীৰ সংখ্যা ৰেকৰ্ড কৰা হৈছিল আৰু টাৰ্মিনেলৰ মাজেৰে ২০,৪১৩ জনতকৈ অধিক যাত্ৰী আৰু ১৪৬ খন বিমান চলাচল কৰিছিল । একেদৰে ১০ নৱেম্বৰত গুৱাহাটী বিমানবন্দৰটো দ্বিতীয় সৰ্বাধিক যাত্ৰী চলাচলৰ সাক্ষী হৈছিল । এই দিনটোত ১৩১ খন বিমানে ২০,০১৬ জন যাত্ৰীক সেৱা আগবঢ়াইছিল।

বিবৃতিটোত কোৱা হৈছে যে,এল জি বি আই বিমানবন্দৰে অক্টোবৰ মাহত সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় যাত্ৰীৰ পৰিবহণ লাভ কৰিছিল । এই সময়ছোৱাত ১০৪ খন বিমানে ৭,৬৫১ জন যাত্ৰীক সেৱা আগবঢ়োৱা হৈছিল। বৰ্তমান প্ৰতিদিনে এল জি বি আই বিমানবন্দৰ পৰা ১২৭ খন বিমানৰ সহায়ত গড়ে ১৭,৫০০ জন যাত্ৰীয়ে যাত্ৰা কৰে ।

এএআই, চিআইএছএফ, ইমিগ্ৰেচন, কাষ্টমছ, বিমান সংস্থাৰ অংশীদাৰ আৰু এলজিবিআই বিমানবন্দৰৰ দলকে ধৰি সকলো বিমানবন্দৰৰ অংশীদাৰৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ ফলতে ১.৭৪ লাখৰো অধিক যাত্ৰীৰ যাত্ৰাৰ অভিলেখ আৰু নিৰৱচ্ছিন্ন যাত্ৰীৰ চলাচল লাভ কৰা বুলি সদৰী কৰিছে কোম্পানীটোৱে ।

ঘৰত থকা তুলসী গছ শুকাই গৈছে নেকি! তেন্তে লগে লগে কৰক এই কাম, অন্যথা হ’ব পাৰে আৰ্থিক সংকট
ছাল, চুলিৰ বাবে ভাল! আমলখিৰ উপকাৰিতাৰ বিষয়ে জানক...
ঘৰৰ মূল দুৱাৰত আইনা লগাব লাগে নে নাই? জানক ইয়াৰ আঁৰৰ কথা
মহিলাৰ বাবে মহৌষধ গুড়, এইদৰে খালে লাভ কৰিব অনন্য উপকাৰ