মৰম ময়ুৰ দত্তৰ মৰণোত্তৰ পৰীক্ষাত ভয়ংকৰ তথ্য! কেনেকৈ মৃত্যু হৈছিল যুৱকজনৰ..
কিছুদিন পূৰ্বে গুৱাহাটী মহানগৰীত উদ্ধাৰ হৈছিল এজন যুৱকৰ মৃতদেহ। শুকুৰবাৰে মৃতদেহ উদ্ধাৰ হোৱা যুৱকজনৰ নাম মৰম ময়ুৰ দত্ত। এই ঘটনাৰ পাছতেই আজি যুৱকজনৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট পোহৰলৈ আহে, য'ত বহু বিস্ফোৰক তথ্য উল্লেখ থাকে।
বন্ধুয়ে কাল হ’ল নেকি লখিমপুৰৰ মৰম ময়ুৰ দত্তৰ? গুৱাহাটী মহানগৰীৰ ভঙাগড় চিলাৰায় নগৰত মৰম ময়ুৰ দত্তৰ মৃত্যু সন্দৰ্ভত এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। শেহতীয়াকৈ মৰম ময়ুৰ দত্তৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পোহৰলৈ আহিছে য’ত বহু বিস্ফোৰক তথ্য প্ৰকাশ পাইছে। মৰম ময়ুৰৰ মূৰৰ পাছফালে স্পষ্ট হৈ আছে আঘাতৰ চিন। অভিযোগ অনুসৰি নিচাসক্ত অৱস্থাত কোনোৱে আক্ৰমণ কৰিছিল মৰম ময়ুৰক। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পোহৰলৈ অহাৰ পাছতে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। এই সন্দৰ্ভত ভঙাগড় আৰক্ষী আৰু অপৰাধ অনুসন্ধান শাখাক ঘটনা সন্দৰ্ভত প্ৰথমৰ পৰা তদন্ত কৰাৰ নিৰ্দেশ দিছে শীৰ্ষ আৰক্ষী বিষয়াই।
উল্লেখ কৰা প্ৰয়োজন যে,শুকুৰবাৰে চিলাৰায় নগৰৰ পথৰ দাঁতিত উদ্ধাৰ হৈছিল মৰম ময়ুৰ দত্তৰ মৃতদেহ।ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছতেই আৰক্ষীয়ে মৰম ময়ুৰৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ফৰেন্সিক দলে যাৱতীয় তথ্য সংগ্ৰহ কৰিছিল। ইতিমধ্যেই আৰক্ষীয়ে মৰম ময়ুৰৰ দুই বন্ধুক গ্ৰেপ্তাৰ কৰিছে। অসীম দত্ত আৰু মাধুৰ্য গগৈ নামৰ ২ যুৱক আৰক্ষীৰ জালত পৰিছে। জানিব পৰা মতে, ঘটনাৰ দিনা অভিযুক্ত অসীম দত্তৰ ভাৰাঘৰত তিনিও বন্ধুই মিলি ড্ৰাগছ সেৱন কৰিছিল। এই কথা আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে অসীমে।
আনহাতে ঘটনা সন্দৰ্ভত মাধুৰ্য নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে। ঘটনাৰ দিনাৰ চিচিটিভিৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতেই মাধুৰ্য গগৈ পলায়ন কৰিছিল। জানিব পৰা মতে অসীমৰ ঘৰতে প্ৰাণ হেৰুৱাইছিল মৰম ময়ুৰ দত্তই। বন্ধুৰ মৃত্যুৰ পাছত মৃতদেহৰ সৈতে কি কৰিব একো ভাবিব নোৱাৰি দুয়ো মিলি মৃতদেহটো ৰাজপথত পেলাই থৈ আহিছিল। তাৰ পাছতেই উদ্ধাৰ হৈছিল মৰম ময়ুৰ দত্তৰ মৃতদেহ।
আনহাত এই ২ যুৱকৰ লগতে ৩ বন্ধুক ড্ৰাগছ যোগান কৰা প্ৰদীন বৰ্মনকো গ্ৰেপ্তাৰ কৰিছে অপৰাধ অনুসন্ধান শাখাই। বৰ্তমান ভঙাগড় আৰক্ষীয়ে এই তিনিওজনকে জেৰা চলাই তদন্ত অব্যাহত ৰাখিছে। জেৰাৰ অন্তত আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। জানিব পৰা মতে, মৰম ময়ুৰ দত্ত লখিমপুৰৰ অগপ নেতা গগন দত্তদেৱৰ পুত্ৰ। যুৱকজনৰ মৃত্যুত মন্ত্ৰী অতুল গগৈৰ লগতে বিভিন্নজনে শোক প্ৰকাশ কৰিছে। ইয়াৰোপৰি মৰম ময়ুৰ দত্তৰ মৃত্যুৰ ঘটনাটোত মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰাৰ পাছত অপৰাধ অনুসন্ধান শাখাই তদন্ত ক্ষীপ্ৰতৰ কৰে। গতিকে এই যুৱকজনৰ মৃত্যুত কোন, কেনেকৈ জড়িত হৈ আছে সেয়া তদন্তৰ অন্তত পোহৰলৈ আহিব।