সলনি হ’ব ৰাজ্যৰ চিকিৎসা ক্ষেত্ৰ ! দেশৰ অন্যতম বৃহৎ চিকিৎসালয়লৈ ৰূপান্তৰিত হ’ব GMCH, এইলৈ কি ক’লে মুখ্যমন্ত্ৰীয়ে ?
অন্যতম বৃহৎ চিকিৎসালয়লৈ ৰূপান্তৰিত হ'ব গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়। অসমীয়া নৱবৰ্ষৰ দ্বিতীয় দিনটোত গুৱাহাটীৰ কালাপাহাৰত নির্মীয়মান প্রাগজ্যোতিষ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় আৰু জি এম চি এইচ চৌহদত নির্মীয়মান মাতৃ আৰু শিশু চিকিৎসালয়খনৰ নিৰ্মাণস্থলী পৰিদৰ্শনৰ অন্তত এই কথা সদৰী কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই।

সমগ্ৰ দেশৰ ভিতৰতে এখন অন্যতম বৃহৎ চিকিৎসালয়লৈ ৰূপান্তৰিত হ’ব গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়। এই অভিলাষী পৰিকল্পনাক বাস্তৱ ৰূপ দিয়াৰ উদ্দেশ্যে ইতিমধ্যে ইয়াৰ নক্সা আদিকে ধৰি যাৱতীয় প্রাথমিক প্রস্তুতি সম্পূর্ণ হৈ উঠিছে। অসমীয়া নৱবৰ্ষৰ দ্বিতীয় দিনটোত গুৱাহাটীৰ কালাপাহাৰত নির্মীয়মান প্রাগজ্যোতিষ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় আৰু জি এম চি এইচ চৌহদত নির্মীয়মান মাতৃ আৰু শিশু চিকিৎসালয়খনৰ নিৰ্মাণস্থলী পৰিদৰ্শনৰ অন্তত এই কথা সদৰী কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই।
তেওঁ কয় যে আগন্তুক ৫০-৭৫ বছৰৰ প্ৰয়োজনীয়তাসমূহলৈ লক্ষ্য ৰাখি সম্পূর্ণ নতুন ভৱন নিৰ্মাণৰ লগতে বিভিন্ন অত্যাধুনিক সা-সুবিধা সংযোজিত কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ক নৱৰূপ দিয়াৰ পৰিকল্পনা গ্রহণ কৰা হৈছে। ইতিমধ্যে প্রস্তুত হোৱা নক্সাৰ আধাৰত অগ্রণী চিকিৎসা মহাবিদ্যালয়খনত ৰোগীৰ বাবে তিনি হাজাৰখন বিচনা সন্নিৱিষ্ট কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰীয়ে ।
লগতে তেওঁ কয় যে,এই নির্মাণকার্য সম্পূর্ণ হৈ উঠিলে চিকিৎসা মহাবিদ্যালয়খনৰ চৌহদত সংলগ্ন কর্কট চিকিৎসালয় আৰু অন্যান্য চিকিৎসালয়সমূহক ধৰি সৰ্বমুঠ পাঁচ হাজাৰখন বিচনাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় বিহাৰৰ পাটনা চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ পিছতে দেশৰ সর্ববৃহৎ চিকিৎসালয়লৈ ৰূপান্তৰিত হ’ব বুলি কয় মুখ্যমন্ত্ৰীয়ে।
ইয়াৰ পূর্বে মুখ্যমন্ত্রীয়ে বুধবাৰে কালাপাহাৰত নির্মীয়মান প্রাগজ্যোতিষ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় পৰিদৰ্শন কৰি নির্মাণকার্যৰ অগ্রগতিৰ বুজ লয়। উল্লেখ্য যে, গুৱাহাটী মহানগৰীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত পৰিণত হ’বলগীয়া প্রাগজ্যোতিষ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ বহিঃবিভাগৰ সেৱা মুখ্যমন্ত্রী ড° শর্মাই চলিত বৰ্ষৰ ১ ফেব্ৰুৱাৰী তাৰিখে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিছিল।
এই পৰিদৰ্শনৰ পিছত মুখ্যমন্ত্রীয়ে উপস্থিত সংবাদ মাধ্যমৰ আগত কয় যে, প্রায় ৬০০ খন বিচনাযুক্ত এই চিকিৎসালয়খনৰ নির্মাণকার্য প্রায় ৮০ শতাংশ সম্পূর্ণ হৈছে আৰু অৱশিষ্ট কাম চলিত বৰ্ষৰ ১৫ আগষ্টৰ ভিতৰত সম্পূর্ণ কৰাৰ পৰিকল্পনা গ্রহণ কৰা হৈছে। নির্মাণকার্য সম্পূর্ণ হৈ উঠাৰ পিছত প্রাগজ্যোতিষ চিকিৎসা মহাবিদ্যালয়ৰ এমবিবিএছ পাঠ্যক্ৰমত ১০০ গৰাকী শিক্ষার্থীয়ে নামভর্তি কৰিব পাৰিব বুলি সদৰী কৰিছে মুখ্যমন্ত্রীয়ে ।
তেওঁ কয় যে, এই চিকিৎসা মহাবিদালয়খনত প্রসূতিৰোগ, অস্থিৰোগৰ চিকিৎসাকে ধৰি অন্যান্য স্নাতকোত্তৰ পাঠ্যক্রম অধ্যয়নৰো সুবিধা থাকিব। তদুপৰি ৰোগীৰ সুবিধার্থে চিকিৎসালয়খনত ১০০ টা পেয়িং কেবিনো উপলব্ধ হ’ব। ভৱিষ্যতে এই চিকিৎসা মহাবিদ্যালয়খনত ৫০০ খন বিচনাযুক্ত অন্য এটা ভৱন নির্মাণৰ পৰিকল্পনা গ্রহণ কৰা হৈছে বুলিও মুখ্যমন্ত্রীয়ে সদৰী কৰে।
আনহাতে মুখ্যমন্ত্রীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় চৌহদত নির্মীয়মান মাতৃ আৰু শিশু চিকিৎসালয়খন পৰিদৰ্শন কৰি নিৰ্মাণৰ অগ্রগতিৰ বুজ লয়। এই পৰিদৰ্শনৰ পিছত উপস্থিত সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ নৱতম সংযোজন হিচাপে পৰিগণিত হ’বলগা এই চিকিৎসালয়খনৰ নিৰ্মাণকাৰ্য চলিত বর্ষৰ অক্টোবৰ মাহত সম্পূর্ণ হ’ব।
তেওঁ লগতে জানিবলৈ দিয়ে যে, ৮০০ খন বিচনাযুক্ত এই চিকিৎসালয়খনৰ নির্মাণ সম্পূর্ণ হৈ উঠাৰ পিছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধ্যক্ষৰ কাৰ্যালয় এই নতুন চিকিৎসালয়খনলৈ স্থানান্তৰিত হ’ব। আনহাতে পানবজাৰত মহেন্দ্র মোহন চৌধুৰী চিকিৎসালয়ৰ নতুন ভৱন নির্মাণৰ কাম সম্প্রতি দ্রুতগতিত চলি আছে বুলি সদৰী কৰে মুখ্যমন্ত্রীয়ে । তেওঁ কয় যে, এই চিকিৎসালয়খনত নিউৰ’লজি, কার্ডিঅ’লজি আদিকে ধৰি বিভিন্ন অতিবিশিষ্ট (ছুপাৰ স্পেচিয়েলিটি) সেৱা উপলব্ধ হ’ব। তদুপৰি বৃক্ককে ধৰি বিভিন্ন অংগ সংৰোপনৰো সুবিধা এই চিকিৎসালয়খনত থাকিব। মুখ্যমন্ত্রী শর্মাই লগতে কয় যে, আগন্তুক ৫০-৭৫ বছৰলৈ এই চিকিৎসালয়সমূহ যাতে প্রাসংগিক হৈ থাকে সেই দিশত লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে পদক্ষেপসমূহ গ্রহণ কৰিছে।