Guwahati : পাণবজাৰ থানাৰ নতুন OC নিযুক্তি, ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে একাধিক এজাহাৰ দাখিল…

পাণবজাৰ থানা নতুন ভাৰপ্ৰাপ্ত বিষয়া হিচাপে মনজিৎ তেৰাঙক নিযুক্তি দিয়া হৈছে । ক্ষেত্ৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে আছিল মনজিৎ তেৰাং । ইফালে নিলম্বিত ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে একাধিক এজাহাৰ দাখিল কৰা হৈছে বুলি জানিব পৰা গৈছে ।

Guwahati : পাণবজাৰ থানাৰ নতুন OC নিযুক্তি, ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে একাধিক এজাহাৰ দাখিল...

ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে এজাহাৰ

Updated On: 

16 Nov 2024 21:44 PM

এগৰাকী ফুড ডেলিভাৰী বয়ক নিৰ্মমভাৱে প্ৰহাৰ কৰা ঘটনা পোহৰলৈ অহাৰ পাছতে পাণবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাৰ্গৱ বৰবৰাক নিলম্বন কৰা হৈছে । ট্ৰেফিক চিগনেল অৱমাননা কৰাৰ অভিযোগত জ্ঞানদীপ হাজৰিকা নামৰ যুৱকজনক প্ৰহাৰ কৰিছিল আৰক্ষীৰ বিষয়া ভাৰ্গৱ বৰবৰাই । ইয়াৰ পাছতে তেওঁক নিলম্বন কৰা হয় । এই গৰাকী বিষয়াক নিলম্বন কৰা দিনটোতে পাণবজাৰ থানা নতুন ভাৰপ্ৰাপ্ত বিষয়া হিচাপে মনজিৎ তেৰাঙক নিযুক্তি দিয়া হৈছে । ক্ষেত্ৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে আছিল মনজিৎ তেৰাং ।

ইফালে নিলম্বিত ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে একাধিক এজাহাৰ দাখিল কৰা হৈছে বুলি জানিব পৰা গৈছে । সূত্ৰৰ খবৰ অনুসৰি, দুগৰাকী সচেতন লোকে প্ৰাণবজাৰ আৰক্ষীত থানাত ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে । পলাশ ৰঞ্জন বৰুৱা আৰু হিমাংশু গগৈ নামৰ দুজন লোকে দাখিল কৰিছে এই এজাহাৰ । একেদৰে ভুক্তভোগী জ্ঞানদীপ হাজৰিকায়ো পাণবজাৰ আৰক্ষীৰ থানাত এজাহাৰ দাখিল কৰিছে সূত্ৰই জানিবলৈ দিছে ।

মনকৰিবলগীয়া যে, ফুড ডেলিভাৰীৰ কাম কৰা এজন যুৱকক নিৰ্মমভাৱে প্ৰহাৰ কৰা আৰক্ষী বিষয়া গৰাকীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ আৰু ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগতো অভিযোগ দাখিল কৰা হৈছে বুলি জানিব পৰা গৈছে । সামাজিক ন্যায় কৰ্মী ভবেন সন্দিকৈয়ে এই অভিযোগ দাখিল কৰিছে বুলি জানিব পৰা গৈছে । লগতে বিষয়া গৰাকীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ভবেন সন্দিকৈয়ে ।

লগতে পঢ়ক: Guwahati : ‘সাধাৰণ নাগৰিকৰ বিৰুদ্ধে আৰক্ষীয়ে অপ্ৰয়োজনীয় শক্তি প্ৰয়োগ কৰাৰ উচিত নহয়’, ফাঁচী বজাৰৰ ঘটনাকলৈ আৰু কি ক’লে মুখ্যমন্ত্ৰীয়ে…?

উল্লেখ্য য়ে, এগৰাকী ফুড ডেলিভাৰী বয়ক ৰাজপথত প্ৰহাৰ কৰাৰ আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাক ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ দাবী জনাইছে কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাই । ইতিমধ্যে কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ ফালৰ পৰা এই ঘটনাৰ সন্দৰ্ভত অসম আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰা হৈছে বুলিও জানিব পৰা গৈছে ।

শুকুৰবাৰে ফাঁচী বজাৰৰ জেইল ৰোডৰ সমীপত ফুড ডেলিভাৰী কাম কৰা জ্ঞানদীপ হাজৰিকা নামৰ এজন ছাত্ৰক পাণবজাৰ থানাৰ অ’চি ভাৰ্গৱ বৰবৰাই প্ৰহাৰ কৰা এটা ভিডিঅ’ পোহৰলৈ আহিছিল । ভিডিঅ’টোত ট্ৰেফিক চিগনেল অমান্য কৰাৰ অভিযোগত জ্ঞানদীপ হাজৰিকাক নিৰ্মমভাৱে প্ৰহাৰ কৰে আৰক্ষী বিষয়াজনে । আৰক্ষী বিষয়াজনে যুৱক জনক প্ৰহাৰ কৰাৰ সময়ত ‘মাৰি পেলাম, মাৰি পেলাম’ বুলি কোৱাও শুনা গৈছিল ।

এই ঘটনাৰ ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ লগে লগে সামাজিক মাধ্যমত ব্যাপক চৰ্চা আৰম্ভ হয় । প্ৰায় সংখ্যক লোকেই আৰক্ষী বিষয়া গৰাকীৰ এই কাৰ্যক তীব্ৰ ভাষাৰে গৰিহনা দিয়ে ।

লগতে পঢ়ক: নিলম্বন নহয়, বৰ্খাস্ত কৰক OC ভাৰ্গৱ বৰবৰাক: জ্ঞানদীপক প্ৰহাৰ কৰাক লৈ সৰৱ কটনৰ ছাত্ৰ সমাজ

১৪ বছৰৰ বনবাসৰ সময়ত কিয় এখন শাড়ীয়ে পিন্ধি আছিল মা সীতাই?
মানুহৰ তেজৰ সোৱাদ নিমখীয়া কিয়?
দ্ৰুত গতিত ওজন হ্ৰাস কৰিব বিচাৰিছে নেকি? তেন্তে নিশা এই বস্তুবোৰ নাখাব!
কোন আছিল ভগৱান কৃষ্ণৰ গুৰু, যাৰ পৰা ১৪টা বিদ্যা, ৬৪টা কলা শিকিছিল?