সম্পন্ন হ’ল বহুচৰ্চিত বিয়াখন, ৬৫ বছৰীয়া কইনাক সেন্দূৰ পিন্ধালে ৭১ বছৰীয়া দৰাই
সকলো পৰম্পৰাৰে সম্পন্ন হ'ল বহুচৰ্চিত ককা-আইতাৰ বিবাহ। ছাটিৰ আঁৰত দৰা সাজি মঠঘৰীয়াৰ মাদাৰ্ছ অ'ল্ড এজ হোমলৈ আহিল পদ্মেশ্বৰ ককা। দৰা আগুৰি কইনাঘৰীয়াই সুধিলে প্ৰশ্ন। ইফালে জেতুকাৰ ৰঙেৰে ৰঙীণ হ’ল আইতাৰ দুহাত। বিয়ালৈ বুলি কইনা সাজ পিন্ধি সাজু ৰৈ আছিল জয়াপ্ৰভা বৰা আইতা। তাৰ পাছত অগ্নিক সাক্ষী কৰি চিৰদিনলৈ এক হোৱাৰ পণ ল’লে ককা-আইতাই।
আজি উদুলি-মুদুলি হৈ পৰিছে মঠঘৰীয়াৰ মাদাৰ্ছ অ’ল্ড এজ হোম। বৃদ্ধা আবাসৰ সকলোৰে আজি মনত মাঁথো আনন্দ আৰু ফুৰ্তি। অতিথিৰে ভৰিছে চোতাল। আয়তীয়ে দিছে উৰুলী, গাইছে বিয়া নাম। হাতত জেতুকাৰ ৰং , শিৰত সেন্দূৰ, বাবুৰ জোৰোণ পিন্ধি কইনা জান সাজু নতুন জীৱনৰ বাবে । কিয়নো আজি যে সকলোৰে মৰমৰ ককা-আইতাৰ বিয়া। নিভাজ প্ৰেমে পালে পূৰ্ণতা । ইয়াকে কয়, প্ৰেমে নামানে বয়সৰ সীমা। বিয়াত বহিল ৭১ বছৰীয়া পদ্মেশ্বৰ গোৱালা। জীৱনসংগী হ’ল ৬৫ বছৰীয়া আইতা জয়াপ্ৰভা বৰা।
ইফালে বেলতলা প্ৰমোদ তালুকদাৰ সোঁৱৰণী বৃদ্ধাৱাসত বাস কৰা ৭১ বছৰীয়া ককা পদ্মেশ্বৰ গোৱালাই আদৰিব মঠঘৰীয়াৰ মাতৃ নিৱাসত বাস কৰা ৬৩ বছৰীয়া জয়া প্ৰভা বৰা আইতাক। প্ৰায় ২ বছৰীয়া প্ৰেমৰ অন্তত জয়া প্ৰভা বৰা জীৱনসংগী হিচাপে পালে পদ্মেশ্বৰ গোৱালাই। দুখ-সুখবোৰ ভগাই ল’ব পৰাকৈ আজিৰে পৰা ককা-আইতাই আৰম্ভ কৰিলে এক নতুন জীৱন৷ ৭১ বছৰীয়া ককা পদ্মেশ্বৰ গোৱালাৰ জীৱনসংগী হ’ল আইতা জয়াপ্ৰভা বৰা। মঠঘৰীয়াৰ মাদাৰ্ছ অ’ল্ড এজ হোমত সম্পন্ন হ’ল বিৱাহৰ অনুষ্ঠান। দীৰ্ঘদিন ধৰি চৰ্চাত আছিল বিশেষ বিয়াখন।
সকলো পৰম্পৰাৰে সম্পন্ন হ’ল বহুচৰ্চিত ককা-আইতাৰ বিবাহ। ছাটিৰ আঁৰত দৰা সাজি মঠঘৰীয়াৰ মাদাৰ্ছ অ’ল্ড এজ হোমলৈ আহিল পদ্মেশ্বৰ ককা। দৰা আগুৰি কইনাঘৰীয়াই সুধিলে প্ৰশ্ন। ইফালে জেতুকাৰ ৰঙেৰে ৰঙীণ হ’ল আইতাৰ দুহাত। বিয়ালৈ বুলি কইনা সাজ পিন্ধি সাজু ৰৈ আছিল জয়াপ্ৰভা বৰা আইতা। তাৰ পাছত অগ্নিক সাক্ষী কৰি চিৰদিনলৈ এক হোৱাৰ পণ ল’লে ককা-আইতাই। ৬৫ বছৰীয়া কইনাক সেন্দূৰ পিন্ধালে ৭১ বছৰীয়া দৰাই। তাৰ পাছত সাতজনমৰ বাবে দুয়ো দুয়োৰে হোৱাৰ সংকল্প ল’লে ৬৫ বছৰীয়া জয়াপ্ৰভা আৰু ৭১ বছৰীয়া পদ্মেশ্বৰ গোৱালাই ।
বিশেষ বিয়াখনক লৈ উদুলি-মুদুলি হৈ পৰিল মঠঘৰীয়াৰ মাতৃ নিবাসৰ ৰভাতলি। পৰম্পৰাগত ৰীতি-নীতিৰে নুনমাটিৰ মাডাৰ্ছ অ’ল্ড এজ হোমত সম্পন্ন হ’ল বহুচৰ্চিত বিয়াখন৷ ককা-আইতাৰ বিয়ালৈ স্ব-ইচ্ছাই আহিল বহু শুভাকাংক্ষী৷ ৰাইজৰ দান-বৰঙণিৰে আয়োজন কৰিলে বিয়াখন।
জানিব পৰা মতে, সৰুৰে পৰা এঘৰলোকৰ ঘৰত বনকৰা লোক হিচাপে আছিল বোকাখাতৰ পদ্মেশ্বৰ গোৱালা নামৰ লোকজনে । বয়স বাঢ়ি অহাত এক- ডেৰ বছৰমান পূৰ্বে তেওঁ প্ৰমোদ তালুকদাৰ সোঁৱৰণী বৃদ্ধাশ্ৰমলৈ গুচি আহিছিল । নিজৰ বুলিবলৈ কোনো নথকা পদ্মেশ্বৰ গোৱালা কাৰো ওপৰত বোজা হ’ব বিচৰা নাছিল। সেয়ে গুচি আহিছিল এই বৃদ্ধাশ্ৰমলৈ।
সেই একেই বৃদ্ধাশ্ৰমৰ আৱাসী এগৰাকী আইতা জয়া প্ৰভা বৰা। নিজৰ বুলিবলৈ আইতাৰ আছিল দুজন ভায়েক। কিন্তু দুই ভায়েক ঢুকোৱাৰ পাছত বিবাহ পাশত নবহা জয়াপ্ৰভা বৰা অকলশৰীয়া হৈ পৰিছিল। পাছত এইগৰাকী আইতাই বৃদ্ধাশ্ৰমতে থাকিবলৈ লয়। সম্বন্ধীয় ভাগিনীয়েক তেওঁক এই বৃদ্ধাশ্ৰমলৈ লৈ আহিছিল। এই বৃদ্ধাশ্ৰমখনতেই পদ্মেশ্বৰ আৰু জয়াপ্ৰভাৰ মাজত বন্ধুত্ব হৈছিল আৰু পাছলৈ প্ৰেম হয়। অৱশেষত আজি উলহ-মালহেৰে সম্পন্ন হয় দুয়োৰে বিবাহ।