গুৱাহাটী মহানগৰীৰ ভয়ংকৰ তথ্য! চলিত বৰ্ষত বৰ্তমানলৈ পথ দুৰ্ঘটনাৰ সংখ্যা ৯৯২ টা
গুৱাহাটীৰ বাৰ বা একাংশ ৰেষ্টুৰেন্টক সকীয়নি প্ৰদান কৰিলে আৰক্ষী আয়ুক্ত দিগন্ত বৰাই। নিশা বাৰসমূহত কিহৰ ব্যৱসায় চলে, কোনে, কেনেকৈ ব্যৱসায় চলাই এই সকলো তথ্য আৰক্ষীৰ হাতত আছে বুলি তেওঁ জনায়। ইয়াৰোপৰি যুৱতীসকলক অধিক সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাই আৰক্ষী আয়ুক্তগৰাকীয়ে।
বুধবাৰে গুৱাহাটী কৰ ভৱনত আৰক্ষী আয়ুক্ত দিগন্ত বৰাই এক বিশেষ বৈঠকৰ আহ্বান জনায়। এই বৈঠকত মহানগৰীৰ বাৰ, ৰেষ্টুৰেন্টসমূহৰ স্বত্বাধিকাৰৰ লগতে প্ৰতিখন থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, আবকাৰী বিষয়া উপস্থিত থাকে। বৈঠকৰ সময়ত আৰক্ষী আয়ুক্তগৰাকীয়ে বাৰ, ৰেষ্টুৰেন্টৰ স্বত্বাধিকাৰীসকলক সকীয়নি প্ৰদান কৰি নিয়মৰ ভিতৰত থাকি ব্যৱসায় চলাবলৈ আহ্বান জনায়। তেওঁ কয় যে, আপোনালোক নিজৰ ইচ্ছামতে ব্যৱসায় চলাই আছে, আৰু এয়া আপোনালোকৰ অধিকাৰ। কিন্তু চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষই বান্ধি দিয়া নিয়ম পালন কৰিব লাগিব।
বৰাই কয়, শনিবাৰ আৰু দেওবাৰে নিশা গুৱাহাটীৰ মাজেৰে যাব নোৱাৰি। মহানগৰীৰ কেইবাখনো বাৰ এণ্ড ৰেষ্টুৰেন্টত ড্ৰাগছ বিক্ৰী কৰে। এয়া বাৰখনৰ ডিজে হ’ব পাৰে বা বাৰত কাম কৰা মানুহ হ’ব পাৰে। মহানগৰীৰ কোনখন বাৰত কি চলে সকলো তথ্য় আমাৰ হাতত আছে। কোনে কোনখন বাৰত গৈ ড্ৰাগছ সেৱন কৰিছে সকলো তথ্য আৰক্ষীয়ে লাভ কৰিছে। যদি এইবোৰ সোনকালে বন্ধ নকৰে তেন্তে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
বৰাই কয় যে, আজিকালি বহু যুৱতীৰ বাবে বাৰ বা ৰেষ্টুৰেন্টসমূহ পিকআপ পইন্ট। বহুত বাৰত যুৱতীসকলক ফ্ৰীকৈ সুৰা দিয়ে, তাৰ সুযোগ লৈ যুৱতীসকল তালৈ যায় আৰু অচিনাকী ব্যক্তিক টাৰ্গেট কৰি লয়। তাৰ পাছত বহু নহ’বলগীয়া ঘটনা হয়।
ব্যৱসায় বৃদ্ধি কৰিবলৈ যাওতে কাৰো যাতে অপকাৰ নহয় তাৰ প্ৰতি গুৰুত্ব দিব লাগিব বুলি আৰক্ষী আয়ুক্তগৰাকীয়ে কয়।ইয়াৰোপৰি বাৰসমূহক চিচিটিভিৰ ফুটেজ ৰাখিবলৈ আহ্বান জনাই আৰক্ষী আয়ুক্তগৰাকীয়ে।
এই বৈঠকত গুৱাহাটী মহানগৰীত বিগত সময়চোৱাত সংঘটিত হোৱা পথ দুৰ্ঘটনাৰ তথ্যও দাঙি ধৰে। আৰক্ষীয়ে প্ৰদান কৰা তথ্য অনুসৰি গুৱাহাটীত বাৰ কাম ৰেষ্টুৰেন্টৰ সংখ্যা ২২৯ খন।
- ২০২২ চনত গুৱাহাটীত পথ দুৰ্ঘটনাৰ সংখ্যা ৭৬১ টা। ইয়াৰে প্ৰাণ হেৰুৱাইছে ২৫৩জন লোকে আৰু আহত হৈছে ৫১২ জন।
- ২০২৩ বৰ্ষত ৭৫৫ টা। ইয়াৰে ২৬৭ জনৰ মৃত্যু হোৱাৰ বিপৰীতে ৫৩৫ জন আহত হৈছে
- ২০২৪ চনৰ অক্টোবৰ মাহলৈ গুৱাহাটীত পথ দুৰ্ঘটনাৰ সংখ্যা ৯৯২ টা। বৰ্তমানলৈ ২০২৪ বৰ্ষত পথ দুৰ্ঘটনাৰ ফলত মৃত্যু হৈছে ২৬৯ জনৰ।
সুৰাপান কৰি গাড়ী চলোৱাৰ গোচৰ
- ২০২২ চনত ১৪২৮ টা গোচৰ ৰুজু। লগতে ১০৮৮ খন লাইচেন্স বাতিল।
- ২০২৩ চনত ২৬৫৫ টা গোচৰ ৰুজু। লগতে ১১৮৫ খন লাইচেন্স বাতিল।
- ২০২৪ চনৰ অক্টোবৰ মাহলৈ ২১৩১ টা গোচৰ ৰুজু, লাইচেন্স বাতিল ১০৭৪ ।
হেলমেট পৰিধান নকৰাৰ গোচৰ
- ২০২২ চনত ২৫,০৮২ টা
- ২০২৩ চনচ ৩২,৮২১ টা
- ২০২৪ চনৰ অক্টোবৰ মাহলৈ ৫৬,৬৫৭ টা।
ইয়াৰ লগতে ২০২৪ চনৰ অক্টোবৰ মাহলৈ কৰ্তন কৰা চালানৰ পৰিমাণ প্ৰায় ৪৪ কোটি ৮৬ লাখ টকা।