শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

জ্যেষ্ঠ সাংবাদিক দিলোৱাৰ হুছেইনক গ্ৰেপ্তাৰক লৈ চাঞ্চল্য, শীঘ্ৰে মুকলি কৰি দিয়াৰ দাবী

গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক পদত আছে দিলোৱাৰ হুছেইন মজুমদাৰ। এটা ৱেব প’ৰ্টেলৰ সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰ। সাংবাদিকগৰাকীৰ বিৰুদ্ধে ৰুজু কৰা হৈছে দুটাকৈ গোচৰ। প্ৰথমে অনুসূচীত জনজাতিৰ লোকক অপমান কৰাৰ অভিযোগ। তাৰ উপৰিও বেংকৰ মূখ্য কাৰ্যালয়ত অনাধিকাৰ প্ৰৱেশ আৰু মূল্যৱান নথি-পত্ৰ চুৰি কৰাৰ অভিযোগ সাংবাদিকগৰাকীৰ বিৰুদ্ধে।

জ্যেষ্ঠ সাংবাদিক দিলোৱাৰ হুছেইনক গ্ৰেপ্তাৰক লৈ চাঞ্চল্য, শীঘ্ৰে মুকলি কৰি দিয়াৰ দাবী
জ্যেষ্ঠ সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰ
trishna-kalita
Trishna Kalita | Updated On: 26 Mar 2025 13:15 PM

জ্যেষ্ঠ সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰৰ পাছতে ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। মঙলবাৰে নিশা পাণবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সাংবাদিকগৰাকীক সাংবাদিকগৰাকীৰ মুক্তিৰ দাবী সংবাদকৰ্মীৰ লগতে একাংশ দল-সংগঠনৰ ।ইয়াৰ বিৰোধীতাৰে আজি গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত ৰাজ্যৰ প্ৰতিটো সংবাদ গোষ্ঠীৰ জ্যেষ্ঠ, কনিষ্ঠ সাংবাদিক একত্ৰিত হৈ প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে। পৰিস্থিতি উত্তপ্ত হৈ পৰাত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হৈছে তীব্ৰ হতাহতি।

গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক পদত আছে দিলোৱাৰ হুছেইন মজুমদাৰ। এটা ৱেব প’ৰ্টেলৰ সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰ। সাংবাদিকগৰাকীৰ বিৰুদ্ধে ৰুজু কৰা হৈছে দুটাকৈ গোচৰ। প্ৰথমে অনুসূচীত জনজাতিৰ লোকক অপমান কৰাৰ অভিযোগ। তাৰ উপৰিও বেংকৰ মূখ্য কাৰ্যালয়ত অনাধিকাৰ প্ৰৱেশ আৰু মূল্যৱান নথি-পত্ৰ চুৰি কৰাৰ অভিযোগ সাংবাদিকগৰাকীৰ বিৰুদ্ধে। ইফালে পত্নীয়ে বেংকৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ।পত্নীৰ মতে ভুৱা অভিযোগত প্ৰেপ্তাৰ কৰা হৈছে দিলোৱাৰ হুছেইনক। আজি আদালতত হাজিৰ কৰোৱা হ’ব জ্যেষ্ঠ সাংবাদিকগৰাকীক।

জানিব পৰা মতে, এপেক্স বেংকৰ কেলেংকাৰি সন্দৰ্ভত প্ৰশ্ন কৰিছিল দিলোৱাৰে।  বেংকটোৰ MD ডম্বৰু শইকীয়াক প্ৰশ্ন কৰিছিল সাংবাদিকগৰাকীয়ে। তাৰ পাছতে সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক, গুৱাহাটী উচ্চ ন্যায়ালয়ৰো অধিবক্তা দিলোৱাৰ হুছেইনক মঙলবাৰে পাণবজাৰ আৰক্ষী থানালৈ মাতি নি  দিনৰ ১১ বজাৰ পৰা নিশা ১১ বজালৈ বহুৱাই ৰাখে। তাৰ পৰৱৰ্তী সময়ত এগৰাকী জনজাতীয় ব্যক্তিক অপমানজনক মন্তব্য কৰাৰ অভিযোগ তুলি তেওঁক ভাৰতীয় ন্যায় সংহিতাৰ 351(2)/3(1)(R) আৰু Sheduled Cast and Sheduled Tribe  (Prevention of Atrocities) Act 2015 SC ৰ অধীনত পাণবজাৰ আৰক্ষী থানাত ১১০/২০২৫  নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি গ্ৰেপ্তাৰ কৰে।

ঘটনা সন্দৰ্ভত জ্যেষ্ঠ সাংবাদিক মনোজ গোস্বামীৰ ফেচবুক পোষ্ট- “সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰৰ ঘটনাই স্তম্ভিত কৰিলে। বহু নিশালৈকে মই ইজন সিজনক ফোন কৰিছো, মেচেজ কৰিছো। সকলোৱে গা এৰাই গৈছে। তথাপি মই ভাবিছিলো এটা সময়ত তেওঁক থানাৰ পৰা যাবলৈ দিব। কাৰণ দিলৱাৰ কোনো নিষিদ্ধ ঠাইলৈ যোৱা নাছিল,বেংকলৈহে গৈছিল, কৰ্তব্যৰত অৱস্থাত আছিল আৰু কৰ্তৃপক্ষই তেওঁক নিজেই ভিতৰলৈ মাতি নিছিল। সেয়ে পুলিচে বহু সময়লৈকে এজাহাৰেই সাজু কৰিব পৰা নাছিল। এয়াই যদি অভিযোগ হয়,এয়াই যদি গ্ৰেপ্তাৰৰ যুক্তি হয় তেন্তে কাইলৈ আপুনি ৰাস্তাৰ সোঁ হাতেৰে কিয় গৈছে বুলিও মানুহক পুলিচে ধৰি নিব। খুব বেয়া দৃষ্টান্ত দেখুৱালে পুলিচ আৰু চৰকাৰে।”

ইফালে সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰক লৈ সৰৱ কংগ্ৰেছ। সাংবাদিকৰ আগত ভূপেন বৰাৰ মন্তব্য- “বিজেপিৰ শাসনত সংঘটিত হৈছে এই জালিয়াতি।এপেক্স বেংক অসমৰ জাতীয় অনুষ্ঠান। এই অনুষ্ঠানত সংঘটিত হৈছে জালিয়াতি। এপেক্স বেংকত সংঘটিত দুৰ্নীতি তল পেলাবলৈকে  গ্ৰেপ্তাৰ কৰা হৈছে সাংবাদিকক। সাংবাদিকৰ প্ৰতিবাদৰ প্ৰতি কংগ্ৰেছৰ সমৰ্থন আছে।”