শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

গুৱাহাটীত HMPVত আক্ৰান্ত দ্বিতীয়গৰাকী লোকক চিনাক্ত! জানক এই ভাইৰাছৰ পৰা কেনেকৈ বাছিব পাৰি…

HMPV Guwahati: ৰাজ্যত বিয়পিছে HMP ভাইৰাছ। গুৱাহাটীত ২৪ঘণ্টাত দুজন লোকৰ শৰীৰত ধৰা পৰিল HMPভাইৰাছ। মঙলবাৰে এজন লোক এই ৰোগত আক্ৰান্ত হোৱাৰ পাছত আজিও এজন লোক দেহৰ ধৰা পৰে এই ভাইৰাছ। দেহত এই ভাইৰাছ থাকিলে কি কি লক্ষণে দেখা দিব পাৰে?এই ভাইৰাছৰ পৰা কেনেকৈ বাছি থাকিব? সবিশেষ জানো আহক...

গুৱাহাটীত HMPVত আক্ৰান্ত দ্বিতীয়গৰাকী লোকক চিনাক্ত! জানক এই ভাইৰাছৰ পৰা কেনেকৈ বাছিব পাৰি…
প্ৰতীকি ফটো
trishna-kalita
Trishna Kalita | Published: 22 Jan 2025 13:51 PM

দেশত বৃদ্ধি পাইছে HMPVৰ সংক্ৰমণ। এজনৰ পাছত এজন লোক আক্ৰান্ত হৈছে এই ভাইৰাছ। গুৱাহাটীত ২৪ঘণ্টাত দুজন লোকৰ শৰীৰত ধৰা পৰিল HMPভাইৰাছ। মঙলবাৰে এজন লোক এই ৰোগত আক্ৰান্ত হোৱাৰ পাছত আজিও এজন লোক দেহৰ ধৰা পৰে এই ভাইৰাছ।

মঙলবাৰে এগৰাকী ৭৫ বছৰীয়া মহিলা দেহত ধৰা পৰিছিল HMP ভাইৰাছৰ সংক্ৰমণ। বৰ্তমান খ্ৰীষ্টানবস্তিস্থিত এপল’ হাস্পাতালত চিকিৎসাধীন হৈ আছে ৰোগীগৰাকী। ইয়াৰ পাছতে মহিলাগৰাকীৰ স্বামীৰ দেহত ধৰা পৰিছে HMP ভাইৰাছৰ সংক্ৰমণ। মহিলাগৰাকী আক্ৰান্ত হোৱাৰ পাছত মহিলাগৰাকীৰ স্বামীৰো কৰা হৈছিল HMPV পৰীক্ষা। তাৰ পাছতে মহিলাগৰাকীৰ স্বামীৰ দেহত এই ভাইৰাছৰ সংক্ৰমণ ধৰা পৰে। আজি ধৰা পৰে HMP ভাইৰাছত আক্ৰান্ত দ্বিতীয়গৰাকী লোক। এপল’ হাস্পতালত দ্বিতীয়গৰাকী ৰোগী চিনাক্ত কৰা হৈছে।

উল্লেখ্য যে, প্ৰথমে অসমত ১০ মহীয়া শিশুৰ দেহত ধৰা পৰিছিল HMPVৰ অৱস্থিতি। ডিব্ৰুগড়ৰ আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্রত কৰা পৰীক্ষাত ধৰা পৰে HMPV।  শিশুটিক AMCHত আছুতীয়াকৈ ৰাখি কৰা হয় উন্নত চিকিৎসা। আক্ৰান্ত শিশুটি আছিল লখিমপুৰৰ ।

HMPV ৰ লক্ষণ আৰু প্ৰতিৰোধ?

HMPVৰ ফলত কাহ, জ্বৰ, চৰ্দি, ডিঙি বিষ আৰু উশাহ-নিশাহৰ সমস্যা হয়।এই  ভাইৰাছে বেছিভাগ সৰু ল’ৰা-ছোৱালীক আক্ৰমণ কৰে। জ্যেষ্ঠ লোকো এই ৰোগত আক্ৰান্ত হোৱা দেখা যায়। ইয়াক প্ৰতিৰোধ কৰিবলৈ হাত ধুই খাদ্য খাব, সংক্ৰমিত লোকৰ সংস্পৰ্শলৈ নাহি আৰু কাহ, চৰ্দি আৰু জ্বৰ হ’লে পৰীক্ষা কৰাব।  শিশুৰ ক্ষেত্ৰত বিশেষ যত্ন ল’ব।

শিশুৰ ওপৰত HMPVৰ প্ৰভাৱ

HMPV সংক্ৰমিত ৰোগীজনৰ চৰ্দি আৰু জ্বৰ, হাত আৰু ভৰিৰ বিষ আদি লক্ষণে দেখা দিয়ে । ইয়াৰ আটাইতকৈ বেছি প্ৰভাৱ সৰু ল’ৰা-ছোৱালীৰ ওপৰত দেখা গৈছে। তেওঁলোকৰ ভিতৰত, ২ বছৰৰ তলৰ শিশু আটাইতকৈ বেছি প্ৰভাৱিত হৈছে। এই ক্ষেত্ৰত কেন্দ্ৰই ৰাজ্যসমূহক ‘ইনফ্লুৱেঞ্জা সদৃশ ৰোগ’ আৰু  শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ নিৰীক্ষণ বৃদ্ধি কৰিবলৈ আৰু HMPV সম্পৰ্কে সজাগতা বিয়পাবলৈ পৰামৰ্শ প্ৰদান কৰিছে।

কোনো নতুন ভাইৰাছ নহয়: এইমছ আৰু স্বাস্থ্য মন্ত্ৰালয়

দিল্লী এইমছৰ গৱেষণাই দেখুৱাইছে যে HMPV নতুন ভাইৰাছ নহয়। এই ভাইৰাছ ঘটনাবোৰ ভাৰতত আগতেও পোৱা গৈছে। বিগত বছৰ দিল্লী এইমছত এটা গৱেষণা কৰা হৈছিল। য’ৰ পৰা এইটো জনা গৈছিল যে শ্বাসতন্ত্ৰৰ সংক্ৰমণৰ (শ্বাসতন্ত্ৰৰ ৰোগ) মুঠ ঘটনাৰ ৫ শতাংশ HMPV ভাইৰাছৰ ফলত হৈছিল। অৰ্থাৎ, এই ভাইৰাছটো বিগত বছৰো ভাৰতত উপস্থিত আছিল। এই সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰালয়ে লগতে কয় যে এইটো এটা নতুন ভাইৰাছ নহয়, ই বহু বছৰ ধৰি উপস্থিত আছে।