শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

সেইদিনা সোনকালে কলেজলৈ গৈছিল ছাত্ৰীগৰাকী, তাৰ পাছতে আহিছিল মৃত্যুৰ খবৰ…

সোমবাৰে গুৱাহাটীত এগৰাকী ছাত্ৰীৰ ৰহস্যজনক মৃত্যু হৈছিল। গীতানগৰৰ কন্যা মহাবিদ্যালয়ত ছাত্ৰীৰ মৃত্যুই এতিয়া লৈছে নতুন মোৰ। সমগ্ৰ ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত।

সেইদিনা সোনকালে কলেজলৈ গৈছিল ছাত্ৰীগৰাকী, তাৰ পাছতে আহিছিল মৃত্যুৰ খবৰ…
ছাত্ৰীগৰাকীImage Credit source: news18assam
barasha-sarma
Barasha Sarma | Published: 05 Mar 2025 18:17 PM

সোমবাৰে গুৱাহাটী মহানগৰীত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ঘটনা। পুৱা মহাবিদ্যালয়লৈ বুলি ওলাই যোৱা এগৰাকী ছাত্ৰীৰ কিছুসময় পাছতেই মৃৃত্যুৰ খবৰ লাভ কৰিছিল পৰিয়ালৰ লোকে। জানিব পৰা মতে মহাবিদ্যালয়ৰ চতুৰ্থ মহলাৰ পৰা পৰি মৃত্যুক সাৱতি লৈছিল ছাত্ৰীগৰাকীয়ে। কিন্তু কেনেকৈ মৃত্যু হ’ল, এয়া হত্যা নে আত্মহত্যা সেয়া সকলো এতিয়া ৰহস্যৰ আৱৰ্তত।

ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। এই তদন্তৰ আওতাত আহিব মহাবিদ্যালয়খনৰ অধ্যক্ষ, অধ্যাপক-অধ্যাপিকা আদি সকলো। বুধবাৰে ভুক্তভোগী ছাত্ৰীগৰাকীৰ ঘৰত উপস্থিত হৈ পৰিয়ালৰ সৈতে কথা পাতে মহানগৰ আৰক্ষীৰ শীৰ্ষ তদন্তকাৰীয় বিষয়াই। ইয়াৰোপৰি শিলপুখুৰীৰ বাসগৃহত সন্দীপস্না ৰাজ নামৰ ছাত্ৰীগৰাকীৰ কিতাপ-বহী নিৰীক্ষণ কৰে আৰক্ষীয়ে। ছাত্ৰীগৰাকীৰ মাতৃৰ জবানবন্দী সংগ্ৰহ কৰে চেন্ট্ৰেল ডিচিপিয়ে।

ছাত্ৰীগৰাকীৰ পৰিয়ালে এই মৃত্যু সন্দৰ্ভত বহু অভিযোগ উত্থাপন কৰিছে। পৰিয়ালে কৰা অভিযোগ অনুসৰি মহাবিদ্যালয় কৰ্তৃপক্ষই চিচিটিভিৰ ভিজুৱেলৰ সৈতে খেলি-মেলি কৰিছে। যাৰ বাবে প্ৰকৃত চিচিটিভি ভিজুৱেল এতিয়াও আৰক্ষীয়ে লাভ কৰা নাই।

পৰিয়ালে কৰা অভিযোগ অনুসৰি ৩ মাৰ্চৰ দিনা এগৰাকী অধ্যাপিকাৰ ফোন পাই কলেজলৈ গৈছিল সন্দীপস্না। কিন্তু তাৰ পাছতে মহাবিদ্যালয়খনৰ চতুৰ্থ মহলাৰ পৰা পৰি মৃত্যু হৈছিল যাত্ৰীগৰাকীৰ। এই সমগ্ৰ ঘটনা সন্দৰ্ভত ছাত্ৰীগৰাকীৰ পৰিয়ালে এজাহাৰ দাখিল কৰিছে আৰু তাৰ ভিত্তিতে আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত চলাই আছে।

এই ঘটনাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ আছে। য’ত দেখা গৈছে যে ছাত্ৰীগৰাকী ছিৰিৰে বিল্ডিঙৰ ওপৰলৈ উঠি গৈছে। ইয়াৰ মাজতে বিল্ডিঙৰ ওপৰত থকা গ্ৰীলখন এগৰাকী মহিলাই খুলি দিছে, আৰু তাৰ কিছুসময় পাছতেই বিল্ডিঙৰ পৰা পৰি মৃত্যু হয় যুৱতীগৰাকীৰ।

উল্লেখ্য যে, সোমবাৰে পুৱা প্ৰায় ৮.৩০ মান বজাত সংঘটিত হৈছে এই ঘটনা। মহাবিদ্যালয়খনৰ অধ্যাপিকাই জনোৱা অনুসৰি ঘটনাৰ সময়ত মহাবিদ্যালয়খনত মাত্ৰ এগৰাকী অধ্যাপিকা উপস্থিত আছিল। কলেজ খুলিবৰ সময় হৈছিল, যাৰ বাবে ছাত্ৰীগৰাকীক গ্ৰীলখন খুলি দিয়া হৈছিল। ইয়াৰ পাছত লগে লগে ছাত্ৰীগৰাকী ওপৰলৈ উঠি যায় আৰু কিছুসময় পাছত তলত পৰি মৃত্যুক সাৱকি লয়। গীতানগৰৰ কন্যা মহাবিদ্যালয়ত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ ঘটনা।

ঘটনাৰ পাছতে স্থানীয়লোকে আৰক্ষীক খবৰ দিয়ে। লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ছাত্ৰীগৰাকীক হাস্পাতালত ভৰ্তি কৰাই যদিও তেতিয়ালৈকে মৃত্যু হয় তেওঁৰ। এই সমগ্ৰ ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰি আছে। আৰক্ষীৰ তদন্তৰ অন্তত এই ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা যাব। ইয়াৰোপৰি এয়া হত্যা নে আত্মহত্যা, সেয়াও এতিয়া ৰহস্যৰ আৱৰ্তত।

 

 

অন্য খবৰ পঢ়কঃ গুৱাহাটীৰ কন্যা মহাবিদ্যালয়ত ছাত্ৰীৰ মৃত্যু, কেনেকৈ তলত পৰিল ওপৰৰ মহলাৰ পৰা?