5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

গুৱাহাটীৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে যুৱক-যুৱতীয়ে…

গুৱাহাটী মহানগৰীত সংঘটিত হোৱা পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ২ জনলোকে। দেওবাৰৰ নিশা গুৱাহাটী মহানগৰীৰ কেইবাটা স্থান প্ৰায় ৩ টাকৈ পথ দুৰ্ঘটনা সংঘটিত হয়। এই পথ দুৰ্ঘটনাত এজন যুৱক আৰু এগৰাকী যুৱতীয়ে প্ৰাণ হেৰুৱায়।

গুৱাহাটীৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে যুৱক-যুৱতীয়ে…
গুৱাহাটীImage Credit source: social media
barasha-sarma
Barasha Sarma | Published: 23 Dec 2024 12:15 PM

দেওবাৰে নিশা গুৱাহাটী মহানগৰীত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী বাহনৰ খুন্দাত মৃত্যু হয় এজন যুৱক আৰু এগৰাকী যুৱতীৰ। মহানগৰীৰ ছুপাৰ মাৰ্কেটৰ উৰণ সেতুত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে বাইকেৰে দুই যুৱক- যুৱতী গৈ থকা অৱস্থাত এখন তীব্ৰবেগী বাহনে দুয়োকে মহটিয়াই লৈ যায়। যাৰ ফলত যুৱকজন থিতাতে নিহত হয়। প্ৰথম অৱস্থাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা যুৱতীগৰাকীক হাস্পাতাললৈ লৈ যোৱা হৈ যদিও আদবাটতে তেওঁ মৃত্যুক সাৱতি লয়। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

দুৰ্ঘটনাত মৃত্যু হোৱা বাইক চালকজন নলবাৰীৰ ৰঞ্জিত ৰাজবংশী বুলি চিনাক্ত হৈছে। তেওঁ গুৱাহাটীত ৰেপিড’ চলাই জীৱন নিৰ্বাহ কৰি আছিল। AS01BU7601নম্বৰৰ বাইক চলাই আহিছিল যুৱকজনে। আনহাতে যুৱতীগৰাকী প্ৰিয়া সোণাৰ বুলি চিনাক্ত হৈছে। যুৱতীগৰাকীৰ ঘৰ লামডিঙত আৰু তেওঁ গুৱাহাটীৰ জয়ানগৰৰ ছয়মাইলত ভাৰাতীয়া হিচাপে আছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্ত আছিল ২৫ বছৰীয়া প্ৰিয়া সোণাৰ।  ঘটনাৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

ৰাজধানী মছজিদৰ সন্মুখত দুৰ্ঘটনা

দেওবাৰে নিশা গুৱাহাটী মহানগৰীত আন এক পথ দুৰ্ঘটনা সংঘটিত হয়। দিছপুৰ যান-বাহন আৰক্ষীৰ বাহনে খুন্দিয়াই এগৰাকী ব্যক্তিৰ বাহনত। অভিযোগ অনুসৰি যান-বাহন আৰক্ষীৰ বাহনখনৰ চালকজন সুৰামত্ত অৱস্থাত আছিল। এই ঘটনাৰ পাছতেই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। এই ঘটনাৰ কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয় ব্যক্তিজন। ভুক্তভোগীয়ে কৰা অভিযোগ অনুসৰি অভিযুক্তক ৰক্ষণা বেক্ষণ দিয়াৰ চেষ্টা চলাইছে যান-বাহন আৰক্ষীয়ে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

উল্লেখ্য যে, গুৱাহাটীত মহানগৰীত প্ৰায়ে হিট এণ্ড ৰাণৰ ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা যায়। এফালে যান-বাহন আৰক্ষীয়ে সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখে আনফালে একাংশ বাহনচালকৰ অতপালিয়ে প্ৰাণ কাঢ়ে একাংশৰ। কিছুদিন পূৰ্বে গুৱাহাটী মহানগৰ আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত বছৰসমূহতকৈ গুৱাহাটীত চলিত বৰ্ষত পথ দুৰ্ঘটনাৰ সংখ্যা যথেষ্ঠ বৃদ্ধি পাইছে।

মহানগৰ আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ২০২২ চনত গুৱাহাটীত পথ দুৰ্ঘটনাৰ সংখ্যা আছিল ৭৬১ টা। ইয়াৰে প্ৰাণ হেৰুৱাইছিল ২৫৩জন লোকে আৰু আহত হৈছিল ৫১২ জন। ঠিক তেনেদৰে ২০২৩ বৰ্ষত ৭৫৫ টা পথ দুৰ্ঘটনাৰ ঘটনা গুৱাহাটী মহানগৰীত সংঘটিত হৈছিল। যত ২৬৭ জনৰ মৃত্যু হোৱাৰ বিপৰীতে ৫৩৫ জন আহত হৈছিল। ইয়াৰ বিপৰীতে ২০২৪ চনৰ অক্টোবৰ মাহলৈ গুৱাহাটীত পথ দুৰ্ঘটনাৰ সংখ্যা ৯৯২ টা। অক্টোবৰ মাহলৈ ২০২৪ বৰ্ষত পথ দুৰ্ঘটনাৰ ফলত মৃত্যু হৈছে ২৬৯ জনৰ।

 

অন্য খবৰ পঢ়কঃ গুৱাহাটী মহানগৰীৰ ভয়ংকৰ তথ্য! চলিত বৰ্ষত বৰ্তমানলৈ পথ দুৰ্ঘটনাৰ সংখ্যা ৯৯২ টা

Latest News