চাহ বিক্ৰীৰে অভিলেখ গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ, ২০২৪-২৫ বৰ্ষত চাহ বিক্ৰী ৩,৮৫১ কোটি টকা, বৃদ্ধি প্ৰতি কিলোগ্ৰাম চাহৰ গড় মূল্য…
প্ৰতি বছৰে চাহ নিলাম কেন্দ্ৰৰ জৰিয়তে বৃদ্ধি পাইছে চাহ বিক্ৰী হাৰ । সেই অনুপাতে যোৱা ২০২৪-২৫ বৰ্ষত কেন্দ্ৰটোৰ জৰিয়তে ১৬৯.১৩ নিযুত কিলোগ্ৰাম চাহ বিক্ৰী কৰা হৈছে । ২০২৩-২৪ বৰ্ষত এই পৰিমাণ আছিল ১৬৬.৩৪ নিযুত কিলোগ্ৰাম ।

পুনৰ চাহ বিক্ৰী কৰি অভিলেখ গঢ়িলে গুৱাহাটী চাহ নিলাম কেন্দ্ৰই । প্ৰতি বছৰে চাহ নিলাম কেন্দ্ৰৰ জৰিয়তে বৃদ্ধি পাইছে চাহ বিক্ৰী হাৰ । সেই অনুপাতে যোৱা ২০২৪-২৫ বৰ্ষত কেন্দ্ৰটোৰ জৰিয়তে ১৬৯.১৩ নিযুত কিলোগ্ৰাম চাহ বিক্ৰী কৰা হৈছে । ২০২৩-২৪ বৰ্ষত এই পৰিমাণ আছিল ১৬৬.৩৪ নিযুত কিলোগ্ৰাম ।
একেদৰে দেখা গৈছে যে, প্ৰতি কিলোগ্ৰাম চাহৰ গড় মূল্যও পূৰ্বৰ বছৰতকৈ এই বছৰ বৃদ্ধি পাইছে । ২০২৩-২৪ বৰ্ষত গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ জৰিয়তে বিক্ৰী কৰা চাহৰ প্ৰতি কিলোগ্ৰামৰ গড় মূল্য আছিল ১৮৩.২০ টকা । কিন্তু ২০২৪-২৫ বৰ্ষত এই গড় মূল্য বৃদ্ধি পাই ২২৭.৭০ টকা হয় ।
প্ৰকাশিত খবৰ অনুসৰি, গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰ ক্ৰেতা সংস্থাৰ সচিব দীনেশ বিহানীয়ে জানিবলৈ দিছে যে, পূৰ্বৰ বছৰৰ তুলনা ২০২৪-২৫ বৰ্ষত প্ৰতি কিলোগ্ৰাম চাহৰ মূল্য গড়ে ৪৪.৫০ টকা বৃদ্ধি পাইছে । একেসময়তে এই বৰ্ষটোত চাহ নিলাম কেন্দ্ৰটোৰ জৰিয়তে মুঠ প্ৰায় ৩,৮৫১ কোটি টকাৰ চাহ বিক্ৰী কৰা হৈছে বুলি জানিবলৈ দিছে দীনেশ বিহানীয়ে ।
ইফালে, বিহানীয়ে উল্লেখ কৰিছে যে, সুখমল বেণ্ডৰ এবিধ চাহ প্ৰতি কিলোগ্ৰাম সৰ্বাধিক ৭৫১ টকাত বিক্ৰী কৰা হৈছে । মনকৰিবলগীয়া যে, বট লীফ ফেক্টৰীসমূহেও চাহৰ উচিত মূল্য লাভ কৰিছে বুলি উল্লেখ কৰিছে বিহানীয়ে । তেওঁ জানিবলৈ দিছে যে, এইবাৰ বেজোপথাৰ চাহ প্ৰতি কিলোগ্ৰাম সৰ্বাধিক ৪৭১ টকাত বিক্ৰী কৰা হয় । লগতে ধেমাজিৰ বট লীফ ফেক্টৰীসমূহৰ চাহ গড়ে সৰ্বাধিক দামত বিক্ৰী হয় বুলি জানিবলৈ দিছে বিষয়াগৰাকীয়ে ।
তদুপৰি ২০২৪-২৫ বৰ্ষত গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰৰ টী লাউঞ্জৰ জৰিয়তে প্ৰায় ১ কোটি টকাৰ ব্যৱসায় হোৱা বুলি জানিব পৰা গৈছে ।