মহানগৰবাসীৰ বাবে ডাঙৰ খবৰ! সোমবাৰ নিশাৰ পৰা বন্ধ থাকিব এইসমূহ পথ…
Guwahati traffic: মহানগৰবাসীৰ বাবে এক ডাঙৰ খবৰ। কিয়নো যাতায়ত সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে জাৰি কৰিছে এক বিষেশ জাননী। এই জাননী অনুসৰি ছয়মাইলৰ পিনে সকলো বাহন যাব নোৱাৰিব।

Guwahati Road (2)Image Credit source: social media
গুৱাহাটী মহানগৰবাসীৰ বাবে এক ডাঙৰ খবৰ। সোমবাৰ নিশাৰ পৰা জি এছ ৰোডৰ ডাউনটাউনৰ পৰা ছয়মাইললৈ বন্ধ থাকিব যাতায়ত ব্যৱস্থা। এই সন্দৰ্ভত যান-বাহন আৰক্ষীয়ে এক জাননী জাৰি কৰি কৈছে যে,৩ মাৰ্চৰ পৰা প্ৰতিদিনে নিশা ১১.৩০ ৰ পৰা পুৱতি নিশা ৪.৩০ লৈ পথ বন্ধ থাকিব। অঞ্চলটোত চলি থকা উৰণ সেতু নিৰ্মাণ কাৰ্যৰ বাবে প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰোপৰি যাত্ৰীসকলৰ বাবে অন্য বিকল্প পথৰ ব্যৱস্থাও কৰিছে প্ৰশাসনে।
মহানগৰ আৰক্ষীয়ে জাৰি কৰা নিৰ্দেশনাসমূহ-
- গুৱাহাটীৰ জিএছ ৰোডৰ ছয়মাইল উৰণ সেতু আৰু ডাউনটাউনৰ মাজত যাতায়ত বন্ধ থাকিব।
- খানাপাৰা ফালৰ পৰা ভিআইপি ৰোড/পাঞ্জাবাৰী ৰোড/জয়ানগৰ ৰোড অভিমুখে অহা বাহনসমূহ ছয়মাইল ফ্লাই অভাৰৰ চাৰ্ভিচ ৰোডেৰে চলাচল কৰিব পাৰিব।
- খানাপাৰা ফালৰ পৰা দিছপুৰ অভিমুখে অহা যান-বাহন সমূহ ছয়মাইল ফ্লাই অভাৰৰ চাৰ্ভিচ লেনলৈ যাবৰ বাবে জয়নগৰ পথ-বেলতলা বজাৰ পথ, বেলতলা-চাৰ্ভে- লাষ্ট গেট হৈ যাব পাৰে।
- পাঞ্জাবাৰী ফালৰ পৰা দিছপুৰ অভিমুখে অহা বাহন সমূহো জায়নগৰ পথ-বেলতলা বজাৰ পথ, বেলতলা-চাৰ্ভে ৰোড- লাষ্ট গেট হৈ যাব পাৰিব।
- চচল/আনন্দ নগৰ ফালৰ পৰা দিছপুৰ অভিমুখে অহা বাহনসমূহো জয়ানগৰ পথ-বেলতোলা বজাৰ পথ, বেলতলা-চাৰ্ভে ৰোড পথ- লাষ্ট গেট হৈ যাব পাৰিব।
- দিছপুৰ অভিমুখে ৰুক্মিণীগাঁও/ৰুক্মিণীনগৰ অঞ্চলৰ সকলো যান-বাহনে বেলতলা-চাৰ্ভে পথ বা জিএনআৰচি দিছপুৰ পথৰ যিকোনো এটা পথেৰে যাব পাৰে।
- জয়ানগৰ ফালৰ পৰা দিছপুৰ অভিমুখে অহা যান-বাহন সমূহ বেলতলা বজাৰ পথ – বেলতলা-চাৰ্ভে পথ লৈ যাব পাৰে।
- গণেশগুৰি ফালৰ পৰা খানাপাৰা অভিমুখে অহা যান-বাহন সমূহ চুপাৰ মাৰ্কেট ফ্লাই অভাৰ পইণ্টত লাষ্ট গেটৰ ফালে ডাইভাৰ্ট কৰা হ’ব।
- গণেশগুৰি ফালৰ পৰা ডাউনটাউন/ছিক্সমাইল অভিমুখে অহা সকলো বাহনে ছুপাৰ মাৰ্কেট ফ্লাইঅভাৰৰ চাৰ্ভিচ ৰোড লৈ ডাউন টাউন বাইলেন- দ্বাৰকা পথ- আনন্দ নগৰ পথেৰে যাব পাৰে।
- লাষ্ট গেটৰ ফালৰ পৰা ডাউন টাউনৰ ফালে অহা সকলো বাহনেও ছুপাৰ মাৰ্কেট ফ্লাইঅভাৰৰ চাৰ্ভিচ ৰোড ল’ব পাৰে আৰু ডাউন টাউন বাইলেন হৈ যাব পাৰে।
- আন প্ৰধান বাইলেন (পুৰ্বাঞ্চল পথ/ছান ভেলী বাইলেন/ ডাউন টাউন বাইলেন)ৰ পৰা কোনো যান-বাহন জি এছ ৰোডত প্ৰৱেশ কৰিব নোৱাৰিব। এনে আটাইকেইখন বাহনে দ্বাৰকা পথ/আনন্দ নগৰ পথেৰে ছয়মাইল ফাললৈ যাব পাৰে বা হেঙৰাবাৰী পথ/ দিলীপ হুজুৰি পথেৰে দিছপুৰ ফাললৈ যাব পাৰে।
- আন প্ৰধান বাইলেন (টংৰা সত্ৰ পথ/লক্ষ্মী মন্দিৰ পথ/ ৰুক্মিণীগাঁও বাইলেন)ৰ পৰা কোনো যান-বাহন জি এছ ৰোডত প্ৰৱেশ কৰিব নোৱাৰিব। এনে সকলো বাহনে বেলতলা জৰীপ পথ বা জিএনআৰচি দিছপুৰ ৰোড লৈ যাব পাৰে।
- ডাউন টাউন এলেকাৰ পৰা খানাপাৰা অভিমুখে অহা সকলো যান-বাহনে চচল / আনন্দ নগৰ হৈ ভি আই পি পথ লৈ জি এছ ৰোড হৈ খানাপাৰালৈ যাব পাৰিব।
- ডাউন টাউন এলেকাৰ পৰা দিছপুৰ অভিমুখে অহা সকলো বাহনে হেঙৰাবাৰী পথ বা দিলীপ হুজুৰি পথ ল’ব পাৰিব।