Guwahati: ষট পূজাৰ বাবে গুৱাহাটীত পথ নিৰ্দেশনা, বাহন চলোৱাৰ পূৰ্বে পঢ়ক এই খবৰ... | guwahati traffic rule for 7th and 8th november chaath puja 2024 assam Assam news - Assam Tv9

Guwahati: ষট পূজাৰ বাবে গুৱাহাটীত পথ নিৰ্দেশনা, বাহন চলোৱাৰ পূৰ্বে পঢ়ক এই খবৰ…

Guwahati: আজি সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হ'ব ষট পূজা। ষট পূজাৰ লগত সংগতি ৰাখি আজি মহানগৰ প্ৰশাসনে জাৰি কৰিছে পথ নিৰ্দেশনা। এই নিৰ্দেশনাত যান-বাহন চলাচল সম্পৰ্কীয় নিৰ্দশনা উল্লেখ কৰাৰ লগতে পথ বিভাজনৰ কথাও উল্লেখ কৰে।

Guwahati: ষট পূজাৰ বাবে গুৱাহাটীত পথ নিৰ্দেশনা, বাহন চলোৱাৰ পূৰ্বে পঢ়ক এই খবৰ...

পথ নিৰ্দেশনা

Updated On: 

07 Nov 2024 09:46 AM

আজি ষট পূজা। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত এই পূজা পালন কৰা হ’ব। ইতিমধ্যে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ ঘাটসমূহ ষট পূজাকলৈ প্ৰস্তুত কৰা হৈছে। কোনো ধৰণৰ বাধা নোহোৱাকৈ যাতে ভক্তসকলে ষট পূজা পালন কৰিব পাৰে তাৰ বাবে কামৰূপ মহানগৰ প্ৰশাসনে বিশেষ পথ নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনাত প্ৰশাসনে ৭ আৰু ৮ নৱেম্বৰৰ বাবে জাৰি কৰিছে। ষট পূজা শেষ নোহোৱালৈ মহানগৰবাসীয়ে এই নিৰ্দেশনা মানি চলিব লাগিব।

যান- বাহন চলাচলত নিৰ্দেশনা

  • ৭ নৱেম্বৰৰ দুপৰীয়া ১২ বজাৰ পৰা ৮ নৱেম্বৰ পূজা সম্পূৰ্ণ নোহোৱালৈ গুৱাহাটী মহানগৰীৰ ভিতৰত কোনো ধৰণৰ বাণিজ্যিক বাহন প্ৰৱেষ কৰিব নোৱাৰিব। বা অন্যান্য গধুৰ সামগ্ৰী কঢ়িয়াই অনা বাহনো চলাচল কৰিব নোৱাৰিব।
  • ৭ নৱেম্বৰৰ পুৱা ১১ বজাৰ পৰা ৮ নৱেম্বৰ পূজা শেষ নোহোৱালৈ ধীৰ গতিত বাহন চলাবলৈ দিয়া নহয়। অৱশ্যে পূজাৰ সামগ্ৰী কঢ়িওৱাৰ বাবে ভক্তসকলে ব্যৱহাৰ কৰা লেহেমীয়া গতিৰ বাবে এই নীতি প্ৰযোজ্য নহয়।
  • ভক্তৰ বাবে পূজাৰ সামগ্ৰী কঢ়িয়াই অনা বাহনৰ বাদে আন কোনো বাহন এম ডি ৰোডৰ মাছখোৱাৰ পৰা মুখ্য ন্যায়াধীশ বাংলো পইন্টলৈ চলাচলত অনুমতি প্ৰদান কৰা নহয়।
  • খানাপাৰাৰ পৰা ভৰলুমুখৰ ফালে অহা চিটি বাছসমূহ জি এন ৰোড- এটি ৰোড হৈ যাব লাগিব । এই বাছসমূহ পানবজাৰ হৈ ঘূৰিব নোৱাৰিব।
  • জালুকবাৰীৰ পৰা অহা আন্তঃ জিলা বাছ আৰু এ এছ টি চিৰ অধীনত চলি থকা ৰঙা ৰঙৰ গ্ৰাম্য সেৱাসহ কোনো গধুৰ বাহন মহানগৰৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে।
  • লাচিত ঘাটৰ ভিতৰত কোনো বাহন পাৰ্কিং কৰিব দিয়া নহয়।
  • এইচ বি ৰোড শনি মন্দিৰৰ পৰা পানবজাৰ পুলিচ পইন্টলৈ দুয়োফালে বাহন চলাচলৰ অনুমতি দিয়া হ’ব।

 

পথ বিভাজন

  • ভৰলুমুখৰ ফালৰ পৰা পানবজাৰ, চানমাৰীৰ ফালে অহা সকলো ধৰণৰ বাহন এইচ বি ৰোড বা এটি ৰোডৰ ফালে এলিভেটেড কৰিডৰ পউন্টত মাছখোৱাক পৰিবৰ্তন কৰা হ’ব।
  • চানমাৰীৰ ফালৰ পৰা অহা সকলো ধৰণ বাহন প্লেনেটৰিয়াম পইন্টত লেম্ব ৰোড, এফ চি ৰোড, টায়েবুলা পইন্ট, জি এন বি ৰোড, জিলা পুথিভঁৰাললৈ সলনি কৰা হ’ব আৰু চেচন কৰ্ট পইন্টত বাওঁফালে ঘূৰিব লাগিব।
  • উজান বজাৰ লতাশিলৰ ফালৰ পৰা ভৰলুৰ ফালে অহা সকলো বাহন প্লেনেটৰিয়াম পইন্টত লেম্ব ৰোড, এফ চি ৰোড,
  • টায়েবুলা পইন্ট, জি এন বি ৰোড, জিলা পুথিভঁৰাললৈ সলনি কৰা হ’ব আৰু চেচন কৰ্ট পইন্টত বাওঁফালে ঘূৰিব লাগিব।

 

কেতিয়াও আদান-প্ৰদান নকৰিব এই সামগ্ৰী, হ'ব ধনৰ সমস্যা
পুৱা উঠি কৰক এই কাম, দূৰ হ'ব সমস্যা, জীৱনত লাভ কৰিব সফলতা...
বিলাহী খালে শৰীৰৰ কি কি উপকাৰ হয়?
শীতকালত চুলিৰ সমস্যা দূৰ কৰা সহজ উপায়