5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

হিংসাত্মক পৰিস্থিতি! কিয় বন্ধ কৰি দিয়া হ’ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২টাকৈ ছাত্ৰাবাস…

Gauhati university: বন্ধ কৰি দিয়া হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২টাকৈ ছাত্ৰাবাস। গুৱাহাটী বিশ্ববিদ্যালয় নিৰ্বাচনত আৰ চি চি-১ ৰ পৰা ৩ টা পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই দুজন জয়ী হৈছে আৰু আৰ চি চি- ২ ৰ পৰা ৪ জন ছাত্ৰই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল যদিও জয়ী হৈছিল এজন।

হিংসাত্মক পৰিস্থিতি! কিয় বন্ধ কৰি দিয়া হ’ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২টাকৈ ছাত্ৰাবাস…
গুৱাহাটী বিশ্ববিদ্যালয়
barasha-sarma
Barasha Sarma | Published: 01 Oct 2024 14:18 PM

সাময়িকভাৱে বন্ধ কৰি দিয়া হ’ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ দুটাকৈ ছাত্ৰাবাস। বিশ্ববিদ্যালয়খনৰ RCC- 1 আৰু RCC-2 ছাত্ৰাবাস দুটা বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিভাগীয় কৰ্তৃপক্ষই। শেহতীয়াকৈ উদ্ভৱ হোৱা কিছু পৰিস্থিতিৰ লক্ষ্য ৰাখি তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ হোষ্টেল দুটা সাময়িকভাৱে বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। উল্লেখ কৰা প্ৰয়োজন যে নিৰ্বাচনৰ পাছতেই এই দুই ছাত্ৰবাসৰ মাজৰ আবাসীৰ মাজত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল। আইন- শৃংখলাজনিত পৰিস্থিতি অৱনতিৰ আশংকাত গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জনাইছে।

জানিব পৰা মতে বুধবাৰে বিয়লিৰ ভিতৰত হোষ্টেলৰ প্ৰতিগৰাকী আবাসিক হোষ্টেল এৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে। যোৱা ২৭ ছেপ্টেম্বৰত দুটা ছাত্ৰাবাসৰ ছাত্ৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছিল। অভিযোগ অনুসৰি এই কাণ্ডত বাহিৰৰ লোক আৰু দুস্কৃতিকাৰী জড়িত হোৱাৰ ফলত একাংশ ছাত্ৰ আৰু নিৰাপত্তাৰক্ষী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। পৰৱৰ্তী সময়ত একাংশ আহতক আই চি ইউত ভৰ্তি কৰিলগীয়াও হৈছিল।

২৭ ছেপ্টেম্বৰত হোৱা এই সংঘাতত প্ৰায় ৭ জন ছাত্ৰ গুৰুতৰভাৱে আহত হৈছিল।উল্লেখ কৰা প্ৰয়োজন যে, গুৱাহাটী বিশ্ববিদ্যালয় নিৰ্বাচনত আৰ চি চি-১ ৰ পৰা ৩ টা পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই দুজন জয়ী হৈছে আৰু আৰ চি চি- ২ ৰ পৰা ৪ জন ছাত্ৰই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল যদিও জয়ী হৈছিল এজন। গতিকে এনেবোৰ কাৰণতে এই কাজিয়াৰ সূত্ৰপাত হ’ব পাৰে বুলি আশংকা কৰা হৈছে।

ইয়াৰ পাছতে ৩০ ছেপ্টেম্বৰত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এক অধিসূচনা জাৰি কৰি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ আৰ চি চি- ১ আৰু আৰ চি চি- ২ হোষ্টেল সাময়িকভাৱে বন্ধ ঘোষণা কৰা হয়। হিংসা ৰোধ কৰা আৰু ছাত্ৰ- ছাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰাই এই সিদ্ধান্তৰ মূল লক্ষ্য বুলি কয় বিভাগীয় কৰ্তৃপক্ষই।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে জাৰি কৰিছে এই জাননী। লগতে উল্লেখ কৰিছে যে হোষ্টেল দুটাপ আৱাসীসকলৰ বাবে কেম্পাচৰ ভিতৰতে বিকল্প হোষ্টেলত থকাৰ ব্যৱস্থা কৰা হয়। স্থানচ্যুত আৱাসীসকলক ৰখাৰ বাবে বিশ্ববিদ্যালয়খনে কিছু ছাত্ৰক গেষ্ট হাউচ. ইউ জি চি- এম এম টি টি চি, এলমনাই হাউচ, পুৰণি ৰিক্ৰিয়েশ্যনৰ লগতে এ টি- ৪. এ টি-৫ , এ টি- ৭, এ টি -৯ (আইন). এ টি- ১০, আৰ চি চি- ৩ আৰু আৰ চি চি -৪ ছাত্ৰাবাসত ৰখাৰ ব্যৱস্থা কৰা হৈছে।

Latest News