চৰমপন্থাৰ অপচেষ্টাৰ পূৰ্বে হাতৰ তলুৱাত কি লিখিছিল ঘাতক ভূপেনে? মৌচুমী হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ…

মৌচুমী গগৈক হত্যা কৰি আত্মহননৰ চেষ্টা চলাইছিল ভূপেন দাসে। কিন্তু চৰমপন্থাৰ অপচেষ্টাৰ পূৰ্বে হাতৰ তলুৱাত ভূপেনে লিখিছিল দুটা বাক্যৰ এটা টোকা। প্ৰেম প্ৰত্যাখ্যানৰ বাবে বৃহস্পতিবাৰে গুৱাহাটীৰ দিছপুৰ লাষ্টগেটৰ নাহৰণি পথত মৌচুমীক হত্যা কৰিছিল ভূপেন দাসে। বৰ্তমান GMCHৰ মৰ্গতে ৰখা হৈছে মৌচুমী গগৈৰ মৃতদেহ।

চৰমপন্থাৰ অপচেষ্টাৰ পূৰ্বে হাতৰ তলুৱাত কি লিখিছিল ঘাতক ভূপেনে? মৌচুমী হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ...

মৌচুমী হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ...

Updated On: 

27 Dec 2024 15:14 PM

গুৱাহাটীৰ নাহৰণি পথত সংঘটিত ভয়ংকৰ ঘটনাৰ ন-ন তথ্য উন্মোচন হৈছে। পোহৰলৈ আহিছে ভূপেন দাসে লিখা এটি টোকা। আত্মহননৰ চেষ্টা চলোৱাৰ পূৰ্বে হাতত লিখিছিল টোকা। সম্প্ৰতি GMCHত চিকিৎসাধীন হৈ আছে ঘাতক প্ৰেমিক ভূপেন দাস। প্ৰেম প্ৰত্যাখ্যানৰ বাবে বৃহস্পতিবাৰে গুৱাহাটীৰ দিছপুৰ লাষ্টগেটৰ নাহৰণি পথত মৌচুমীক হত্যা কৰিছিল ভূপেন দাসে। বৰ্তমান GMCHৰ মৰ্গতে ৰখা হৈছে মৌচুমী গগৈৰ মৃতদেহ।

মৌচুমী গগৈক হত্যা কৰি আত্মহননৰ চেষ্টা চলাইছিল ভূপেন দাসে। কিন্তু চৰমপন্থাৰ অপচেষ্টাৰ পূৰ্বে হাতৰ তলুৱাত ভূপেনে লিখিছিল দুটা বাক্যৰ এটা টোকা। ভূপেনে লিখিছিল- “মই যদি মৰি যাওঁ, মোৰ হাতৰ আঙঠি দুটা মোৰ পত্নীক দিব।” লগতে লিখা আছিল পত্নীৰ ম’বাইলৰ নম্বৰ।  মৌচুমী সৈতে আছিল বিবাহিত ভূপেনৰ গভীৰ প্ৰেম! কাৰণ তেওঁৰ ভাড়ালৈ চলোৱা গাড়ীখনৰ মিউজিক ছিষ্টেমচটো ‘অন’ কৰিলেই ‘ডিছপ্লে’ত ওলাইছিল মৌচুমীৰ নাম। অৰ্ধচেতন হৈ থকা ভূপেনক উদ্ধাৰৰ সময়ত গাড়ীৰ এটা ছিটত পৰি থকা তেওঁৰ মানী বেগত দেখা পোৱা গৈছিল মৌচুমীৰ ২০ খনতকৈও অধিক ফটো।

বৃহস্পতিবাৰে সংঘটিত হৈছিল গাৰ নোম শিয়ৰি উঠা ভয়ংকৰ ঘটনাটো। পুৱা ৰেপিড’ বুক কৰি ভাৰাঘৰৰ গে’টৰ সন্মুখত ৰৈ আছিল মৌচুমী গগৈ। সেই সময়তে এখন ছুইফ্ট ডিজায়াৰ বাহন আহি যুৱতীগৰাকীক আক্ৰমণ কৰে ভূপেন দাসে। মৌচুমীৰ পেট, ডিঙি আৰু হাতত ছুৰিৰে আঘাত কৰিছিল ভূপেনে। আক্ৰমণত গুৰুতৰভাৱে আহত মৌচুমী গগৈ ভৰ্তি কৰোৱা হয় GMCHত। কিন্তু হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে মৌচুমীয়ে। তাৰ পিছতে চোকা অস্ত্ৰৰে নিজকে শেষ কৰাৰ চেষ্টা চলাই ভূপেন দাসে। বৰ্তমান GMCHত চিকিৎসাধীন হৈ আছে আহত ভূপেন।

জানিব পৰা মতে মৌচুমী গগৈৰ ঘৰ টিংখঙত। কেইবছৰমান পূৰ্বে এক দুৰ্ঘটনাত মৃত্যু হৈছিল মৌচুমীৰ স্বামীৰ। স্বামীৰ মৃত্যুৰ পিছতে শহুৰেকৰ অত্যাচাৰত ঘৰলৈ উভতি আহিছিল মৌচুমী। তাৰ পিছতে গুৱাহাটীলৈ আহি এটা NGOত কাম কৰিছিল মৌচুমীয়ে। তাৰ পাছতে গুৱাহাটীতে চিনাকি হৈছিল ভূপেন দাসৰ সৈতে। এনেকৈ দুয়োৰে মাজত গঢ় লৈ উঠিছিল প্ৰেমৰ সম্পৰ্ক।

ইফালে ভূপেন দাসৰো আছে পত্নীৰ লগতে আছে দুই কন্যা। ভূপেন দাসৰ ঘৰ নলবাৰীৰ সৰিয়হতলীৰ মালাকৰ চুবুৰীত। পত্নী আৰু দুই কন্যাৰ সৈতে গুৱাহাটীত থাকে ভূপেন। পেছাত ভূপেন এজন বাছ চালক। কিন্তু মাজে মাজে ভাড়ালৈ লৈ চলাইছিল গাড়ী। বুধবাৰেও খ্ৰীষ্টমাছৰ বাবে ভাড়ালৈ গাড়ী লৈছিল ভূপেনে। দুবছৰ ধৰি ভূপেন দাসৰ সৈতে মৌচুমীৰ প্ৰেমৰ সম্পৰ্ক। কিন্তু ভূপেন যে বিবাহিত সেই কথা গম পোৱা নাছিল মৌচুমীয়ে। কিছুদিন পূৰ্বে বিবাহিত বুলি জনাৰ পাছত ভূপেনৰ সৈতে দূৰত্ব বজাই ৰখাৰ চেষ্টা কৰিছিল মৌচুমীয়ে। কিন্তু এই অৱহেলাই যেন কাল হ’ল মৌচুমীৰ।

ইয়াৰ পাছৰ পৰাই ভূপেন ভাবুকি দি আহিছিল মৌচুমীক। এই সন্দৰ্ভত পাণবজাৰ থানাত এজাহাৰ দিছিল মৌচুমীয়ে। কিন্তু ভূপেন দাস হাজিৰ হোৱা নাছিল থানাত।বুধবাৰে সন্ধিয়া ৫ বজাৰ পৰা ৮.৩০ বজালৈ একেলগে আছিল ভূপেন আৰু মৌচুমী । আজি আছিল মৌচুমীৰ গোচৰৰ মীমাংসাৰ কথা । দুয়োৰে মাজত হৈছিল বুজাবুজি। কিন্তু বৃহস্পতিবাৰে পুৱা ভূপেনে সংঘটিত কৰিলে এই ভয়ংকৰ ঘটনা।

 

একেদিনাই অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰা নীতিশ কুমাৰ ৰেড্ডীৰ দৰমহা কিমান জানেনে ?
আপুনি লক্ষ্য কৰিছিল নে ? মনমোহন সিঙে সদায় নীলা পাগুৰি পৰিধান কৰাৰ কাৰণ কি ?
মেলবৰ্ণত শতক অৰ্জনেৰে ধনাঢ্য হ’ল নীতিশ কুমাৰ ৰেড্ডী, শতকৰ বাবে লাভ কৰিব ইমান ধন
পাকিস্তানৰ সৈতে কি সম্পৰ্ক আছিল মনমোহন সিঙৰ?