হাৰিয়ানাত বিজেপিৰ অভূতপূৰ্ব জয়! আঁৰত আছে এগৰাকী অসমীয়া…
Hariyana election: ৪৮ খন আসনৰ সৈতে হাৰিয়ানা বিধানসভা নিৰ্বাচনত জয়লাভ কৰিলে বিজেপিয়ে। এই যুঁজ বিজেপিৰ বাবে সহজ নাছিল। বিগত কেইটামান মাহত দেখা দিয়া সমস্যা আঁতৰ কৰি এই জয় লাভ কৰে বিজেপিয়ে। অৱশ্যে ইয়াৰ কৰ্তৃত্ব যায় এগৰাকী অসমীয়াৰ ওপৰতো।
মঙলবাৰে ঘোষণা হয় হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ফলাফল। একক সংখ্যাগৰিষ্ঠতা হিচাপে বিজেপিয়ে এই ৰাজ্যখন নিজৰ দখললৈ আনে যদিও এই ফলাফলক অপ্ৰত্যাশিত আখ্যা দি এয়া মানি ল’ব বিচৰা নাই কংগ্ৰেছে। বিৰোধী দল কংগ্ৰেছে এই ফলাফলৰ ক্ষেত্ৰত বিসংগতি থকা বুলি উল্লেখ কৰিছে। কিছুদিন পূৰ্বে হৈ যোৱা এগজিট পলতো বিভিন্ন সংস্থাই কংগ্ৰেছক জয়ী আখ্যা দিছিল। ইয়াৰোপৰি ৰাজ্যখনত বিগত কেইটামান মাহত হোৱা ৰাজনৈতিক অৰাজকতাৰ পাছত প্ৰশ্ন উত্থাপন হৈছে যে কেনেকৈ বিজেপিয়ে হাৰিয়ানাত ৪৮ খন আসন লাভ কৰিবলৈ সক্ষম হ’ল?
হাৰিয়ানা বিধানসভা নিৰ্বাচনত বিজেপি আৰু কংগ্ৰেছৰ মাজত তুমূল প্ৰতিদ্বন্দ্বিতা হোৱা দেখিবলৈ পোৱা গৈছে। যি নহওক, বহু প্ৰচেষ্টাৰ অন্তত তৃতীয়বাৰৰ বাবে হাৰিয়ানাত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ল বিজেপি। হাৰিয়ানাত বিজেপিৰ চমক প্ৰদ এই জয়ৰ আঁৰত আছে এগৰাকী বিশেষ ব্যক্তি। সম্ভৱতঃ এইগৰাকী ব্যক্তি নহ’লে হাৰিয়ানাত নিৰ্বাচনী বৈতৰণী পাৰ কৰিব নোৱাৰিলেহেতেন বিজেপিয়ে।
এইগৰাকী বিশেষ ব্যক্তিৰ নাম ফনীন্দ্ৰ নাথ শৰ্মা। প্ৰায় ১ বছৰ পূৰ্বে ফনীন্দ্ৰ নাথ শৰ্মাই হাৰিয়ানাত সাংগঠনিক সাধাৰণ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছিল। ৰাজনৈতিক জ্ঞানেৰে পৰিপুষ্ট এইগৰাকী নেতাৰ অসমৰ সফলতাৰ পাছতেই হাৰিয়ানালৈ বদলি কৰা হৈছিল। পৰৱৰ্তী সময়ত হাৰিয়ানাত দলৰ ভেটি মজবুত কৰিবলৈ কাম আৰম্ভ কৰিছিল তেওঁ।
বিপদত পৰা দলটোৰ নেতৃত্ব দিছিল তেওঁ আৰু কেমেৰাৰ আঁৰত থাকিয়েই কৰি গৈছিল সকলো। এক কথাত ক’বলৈ হ’লে ফনীন্দ্ৰ নাথ শৰ্মাৰ হাত ধৰি বিজেপিয়ে হাৰিয়ানাত লাভ কৰিলে অভূতপূৰ্ব বিজয়।বছৰ বছৰ ধৰি এইগৰাকী নেতা অসম বিজেপিৰ সাংগঠনিক সম্পাদক পদত অধিষ্ঠিত হৈ আছিল।
লোকসভা নিৰ্বাচনত বিজেপিৰ ফলাফল ইমান ভাল নাছিল। দলক পুনৰ উদ্ধাৰ কৰিবলৈ দেহে কোহে চেষ্টা কৰিছল বিজেপিয়ে। সেই নীতি আগত ৰাখি হাৰিয়ানাত দলৰ গুৰি ধৰিছিল ফনীন্দ্ৰ নাথ শৰ্মাই। উল্লেখ কৰা প্ৰয়োজন যে, দীৰ্ঘদিন ধৰি আৰ এছ এছৰ লগত জড়িত হৈ আছে ফনীন্দ্ৰ নাথ শৰ্মা। এই আৰ এছ এছেও হাৰিয়ানাত বিজেপিৰ পুনৰ উদ্ধাৰ কৰাত যথেষ্ঠ সহায় কৰে। অৱশ্যে আৰ এছ এছৰ কামৰ নেতৃত্ব দিছিল সংগঠনটোৰ মুৰব্বী মোহন ভাগৱতে।
এই একেই নীতি এতিয়া দলটোৱে মহাৰাষ্ট্ৰ ক্ষেত্ৰত প্ৰযোজ্য কৰিব বিচাৰিছে। কিয়নো লোকসভা নিৰ্বাচনৰ ক্ষেত্ৰত মহাৰাষ্ট্ৰতো বিজেপিৰ ফলাফল ইমান ভাল নাছিল।আৰ এছ এছৰ পৰা আহিয়েই বিজেপিৰ ৰাজ্যিক সাংগঠনিক পদত অধিষ্ঠিত হৈছিল ফনীন্দ্ৰ নাথ শৰ্মা। গতিকে হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনত জয় লাভ কৰাৰ ক্ষেত্ৰত ফনীন্দ্ৰ নাথ শৰ্মাৰ যথেষ্ঠ হাত আছে।
জানিব পৰা মতে শীঘ্ৰেই অসমলৈ উভতি আহিব ফনীন্দ্ৰ নাথ শৰ্মা। ২০২৬ চনত অসমত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচন আগত ৰাখি এইগৰাকী নেতাই অসমত কাম আৰম্ভ কৰিব। বৰ্তমান অসম বিজেপিতো যথেষ্ঠ বিসম্বাদে দেখা দিছে। ন- পুৰণি বিজেপি, দল ত্যাগ, লবী কেন্দ্ৰিক ৰাজনীতি আদি বিভিন্ন সমস্যাই জৰ্জৰিত কৰিছে বিজেপিক। তেনে স্থলত এইগৰাকী নেতা অসমলৈ আহি এনে বিসম্বাদ দূৰ কৰাৰ চেষ্টা কৰিব বুলি জানিব পৰা গৈছে।