শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Assam police DGP: হৰমীত সিঙক ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্ব…

Assam DGP: শীঘ্ৰেই অসম এৰিব অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে। ইয়াৰ মাজতে আজি অসমৰ গৃহ বিভাগে হৰমীত সিঙত ভাৰপ্ৰাপ্ত সঞ্চালক প্ৰধান হিচাপে নিযুক্ত প্ৰদান কৰে।

Assam police DGP: হৰমীত সিঙক ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্ব…
হৰমীত সিংImage Credit source: social media
barasha-sarma
Barasha Sarma | Updated On: 27 Jan 2025 19:43 PM

ৰাজ্যৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান হৰমীত সিং। অসম আৰক্ষীৰ ভাৰপ্ৰাপ্ত সঞ্চালক প্ৰধান হিচাপে হৰমীত সিঙক দায়িত্ব প্ৰদান গৃহ বিভাগৰ। বুধবাৰে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ সম্ভাৱনা হৰমীত সিঙৰ। তথ্য অনুসৰি, ১৯৯২ চনৰ অসম- মেঘালয় কেডাৰৰ আই পি এছ বিষয়া হৰমীত সিং। ১৯৯৮ চনত তেওঁ অসমৰ পৰা ডেপ্যুটেছনত দিল্লীলৈ গৈছিল। সেই সময়ত নগাঁৱত আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত আছিল হৰমীত সিং।

ডেপ্যুটেশ্যনত গৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত যোগদান কৰিছিল হৰমীত সিঙে। কেইবাবছৰ ধৰি এই পদত কৰ্মৰত হৈ  আছিল আই পি এছ বিষয়াগৰাকী। ইয়াৰোপৰি ইন্টেলিজেন্স ব্যুৰ’ত দীৰ্ঘদিন কাম কৰিছিল সিঙে। ইয়াৰ পাছত তেওঁ ২০১৭ চনত পুনৰ অসমলৈ ঘূৰি আহিছিল। জ্যেষ্ঠ আই পি এছ বিষয়াগৰাকী গুৱাহাটী আৰক্ষী আয়ুক্ত হিচাপেও কৰ্মৰত আছিল। ইয়াৰোপৰি তেওঁ আছিল SDGP।

উল্লেখ্য যে, বৰ্তমান অসম আৰক্ষীত জি পি সিং আৰক্ষী সঞ্চালক প্ৰধান হিচাপে কৰ্মৰত অৱস্থাত আছে। কিন্তু অহা ২৯ জানুৱাৰীত জি পি সিঙে অসম ত্যাগ কৰিব। তেনেস্থলত আজি গৃহবিভাগে হৰমীত সিঙত ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্ব প্ৰদান কৰে। অসম ত্যাগৰ পাছতে জি পি সিঙে দিল্লীত CRPFৰ সঞ্চালক প্ৰধান (DG-CRPF) হিচাপে যোগদান কৰিব। ১৮ জানুৱাৰীত কেবিনেটে সিঙক এই দায়িত্ব প্ৰদান কৰে আৰু ২০২৭ চনৰ ৩০ নৱেম্বৰ পৰ্যন্ত কোনো নিৰ্দেশনা জাৰি নোহোৱালৈকে জি পি সিঙে নতুন দায়িত্ব পালন কৰিব।

২০২১ চনত অসমত কা আন্দোলনে ভয়ংকৰ ৰূপ লোৱাৰ সময়ত জি পি সিং অসমলৈ আহিছিল। ইয়াৰ পূৰ্বে সিঙে নেশ্যনেল ডেপ্যুটেশ্যনত নিয়া ( National Investigation Agency) ত কৰ্মৰত অৱস্থাত আছিল। নিয়াত তেওঁৰ কাৰ্যকাল ২০২০ চনলৈ আছিল যদিও অসমৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে তেওঁক মাতি অনা হৈছিল।  জি পি সিং ১৯৯১ চনৰ অসম-মেঘালয় কেডাৰৰ আই পি এছ বিষয়া।

 

অন্য খবৰ পঢ়কঃ কোন হ’ব অসম আৰক্ষীৰ পৰৱৰ্তী সঞ্চালক প্ৰধান? তালিকাত আছে এইসকলৰ নাম…