5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

উৎকট গৰমত ৰাজ্যত মৃত্যু ৩ জনৰ! কামৰূপ(ম) বিদ্যালয়ত পাঠদানৰ নতুন সময়সূচী

আনহাতে পদুপাৰাৰ আব্দুৰ ৰহমান নামৰ লোকজনৰো মৃত্যু হয় গৰমত। চাইকেলৰে বজাৰলৈ গৈ থকা অৱস্থাত স্বাস্থ্যৰ অৱনতি ঘটে তেওঁৰ।

উৎকট গৰমত ৰাজ্যত মৃত্যু ৩ জনৰ! কামৰূপ(ম) বিদ্যালয়ত পাঠদানৰ নতুন সময়সূচী
গৰম
barasha-sarma
Barasha Sarma | Published: 25 May 2024 09:43 AM

উৎকট গৰমে দহিছে ৰাজ্য়। অসমৰ কেইবাখনো জিলাত তাপমান ৩৫ ডিগ্ৰী ছেলচিয়াছ পাৰ কৰিছে। Iগুৱাহাটীত উষ্ণ প্ৰবাহে ৪০ ডিগ্ৰী ছেলচিয়াছৰ ঘৰ অতিক্ৰম কৰিছে।ঊ এনে পৰিস্থিতিত সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰা সকললৈ ভাবুকি আহি পৰিছে। দাবী অনুসৰি গৰমৰ বাবেই গোৱালপাৰাত প্ৰাণ যায় ৩ জনকৈ লোকৰ। জিলাখনৰ খেকাপাৰাৰ নকুল দাস নামৰ লোকজনৰ গৰমত মৃত্যু হয়।  প্ৰখৰ ৰ’দত নকুল দাস বাগৰি পৰে। যাৰ ফলত মৃত্যু হয় তেওঁৰ।

আনহাতে পদুপাৰাৰ আব্দুৰ ৰহমান নামৰ লোকজনৰো মৃত্যু হয় গৰমত। চাইকেলৰে বজাৰলৈ গৈ থকা অৱস্থাত স্বাস্থ্যৰ অৱনতি ঘটে তেওঁৰ । যাৰ ফলত মৃত্যু হয়। ইয়াৰ লগতে টিপলাইৰ তৰুলতা নাথ নামৰ এগৰাকী মহিসাক মৃত্যু হোৱাৰ খবৰো আহি পৰিছে।

কামৰূপত পাঠদানৰ নতুন সময়সূচী

দিনক দিনে অসমত বৃদ্ধি হৈছে গৰমৰ প্ৰকোপ। আজিৰ দিনটোত গুৱাহাটী মহানগৰীত তাপমান প্ৰায় ৩৮ ডিগ্ৰী ছেলচিয়াছ। প্ৰচণ্ড গৰমৰ বাবে ব্যাহত হৈছে জনজীৱন। স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবেও সমস্যা হৈ পৰিছে। গৰমৰ ওপৰত লক্ষ্য লাখি কামৰূপ(ম) ত বিভাগীয় কৰ্তৃপক্ষই বিদ্যালয় সমূহলৈ  জাৰি কৰিছে বিশেষ নিৰ্দেশনা। এই নিৰ্দেশনা অনুসৰি প্ৰাক আৰু প্ৰাক-প্ৰাথমিকৰ পাঠাদন চলিব পুৱা ৭.৩০ বজাৰ পৰা দুপৰীয়া বাৰ বজালৈ। মাধ্যমিক বিদ্যালয়ৰ পাঠদানৰ সময় ৭.৩০ৰ পৰা ১২.৩০ বজালৈ আৰু উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ পাঠদানৰ সময় ৭.৩০ৰ পৰা ১ বজালৈ কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে।

কেৱল কামৰূপতেই নহয়, ৰাজ্যৰ কেইবাখনো জিলাত নতুন পাঠদানৰ সময়সূচী ঘোষণা কৰিছে। যোৰহাট, লখিমপুৰ, মাজুলী আদি জিলাত গৰমৰ বাবে বিদ্যালয়ত নতুন পাঠদানৰ সময়সূচী ঘোষণা কৰিছে।

Latest News