আৰক্ষীৰ জোৱানক পিয়াহৰ পানী টুপি দিবলৈ আগবাঢ়ি আহিল ব্যক্তি-সংগঠন | Helpful and Large Hearted Residents Have Come Forward and Provided Aater Bottles to On Duty Police Personnel Assam news - Assam Tv9

জি পি সিঙৰ আহ্বান ৰক্ষা কৰিলে, পিয়াহৰ পানী টুপি দিবলৈ আগবাঢ়ি আহিল ব্যক্তি-সংগঠন

Published: 

25 May 2024 21:16 PM

ব্যক্তিৰ পৰা সংগঠন আৰু বিভিন্ন ৰেংকৰ আৰক্ষী বিষয়ালৈকে ডিজিপি জিপি সিঙৰ আহ্বানৰ পিছতে আগবাঢ়ি আহিল সকলোৱে । ৰাজপথত কৰ্তব্য পালন কৰি থকা আৰক্ষী জোৱানসকলক নিজকে হাইড্ৰেটেড কৰি ৰাখিবলৈ প্ৰদান কৰিলে অতি প্ৰয়োজনীয় পানীৰ বটল ।

1 / 8ডিজিপি

ডিজিপি জি পি সিঙৰ আহ্বানত ডিমা হাচাওৰ লোকসকলে গৰম আৰু ৰ'দত সাহস কৰি আগবাঢ়ি আহি কৰ্তব্যৰত অসম আৰক্ষীৰ কৰ্মীসকলক পানীৰ বটল যোগান ধৰে ।

2 / 8

এছ আই আনন্দ মেধিয়ে প্ৰত্যাহ্বানমূলক পৰিস্থিতিত কৰ্তব্য পালন কৰি থকা যান-বাহন বিষয়া/কৰ্মীসকলক পানীৰ বটল বিতৰণ কৰে।

3 / 8

বৰ্ধিত গৰমৰ সৈতে মোকাবিলা কৰিবলৈ শোণিতপুৰৰ কৰ্তব্যৰত আৰক্ষী জোৱানক পানী বিতৰণ কৰা হৈছে।

4 / 8

কৰিমগঞ্জৰ বদৰপুৰত যাত্ৰী আৰু অসম আৰক্ষীৰ জোৱানক খোৱাপানী যোগান ধৰে স্থানীয় লোকসকলে ।

5 / 8

গুৱাহাটীত কৰ্তব্যৰত নিষ্ঠাবান আৰক্ষী আৰু মহিলা সকলক খোৱাপানী বিতৰণ কৰে অসম আৰক্ষীৰ জ্যেষ্ঠ বিষয়াই ।

6 / 8

যোৱা কেইদিনত বৰ্ধিত তাপমাত্ৰাৰ বাবে ৰাজ্যত ঘৰৰ পৰা ওলাব নোৱাৰা পৰিস্থিতি সৃষ্টি হৈছে । ইয়াৰ মাজতে এই গৰমক নেওচি নিজৰ কৰ্তব্য পালন কৰি আছে আৰক্ষীৰ লোকসকলে ।

7 / 8

এনে পৰিপ্ৰেক্ষিত এক্সৰ পোষ্টৰ জৰিয়তে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে বাসগৃহ, কাৰ্যালয়, ব্যৱসায়িক প্ৰতিষ্ঠান আদিৰ ওচৰত নিয়োজিত হৈ থকা আৰক্ষী বিষয়া-জোৱান সকলক খোৱাপানী যোগান ধৰিবলৈ ৰাইজক আহ্বান জনাইছিল ।

8 / 8

ডিজিপি সিঙে কয়, শেহতীয়া গ্ৰীষ্মকালীন পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ প্ৰতিগৰাকী সদাশয় নাগৰিকলৈ আমাৰ এটি বিনম্ৰ অনুৰোধ— এই প্ৰচণ্ড গৰমৰ সময়ত আপোনাৰ ঘৰ, কাৰ্যালয়, বাণিজ্যিক প্ৰতিষ্ঠান আদিৰ সমীপত কৰ্তব্যৰত আৰক্ষীৰ লোকসকলক অনুগ্ৰহ কৰি পিয়াহৰ পানীটুপি যোগান ধৰক।

দেশৰ প্ৰথমটো মছজিদ ক'ত আছে? কোন হিন্দু ৰজাই ইয়াক নিৰ্মাণ কৰিছিল
নিম পাত আৰু হালধীৰ আছে অলেখ গুণ, এয়া খালে কি হয় জানেনে ?
কেতিয়া দ্বিতীয় বিবাহ পাতিব অভিষেক বচ্চনে? ক'লে এই কথা.
দীপাৱলীৰ পূজাৰ শুভ সময় কেতিয়া?