শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ছাত্ৰ-ছাত্ৰী পৰা মহিলা আৰু কৃষকলৈ, মুখ্যমন্ত্ৰীৰ ১০ টা ডাঙৰ ঘোষণা…

বিহালীত উপস্থিত হৈ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ ঘোষণা কৰে। মহিলা উদ্যমিতা আঁচনিৰ অধীনক চেক বিতৰণ কৰাৰ লগতে কৃষক, ছাত্ৰ-ছাত্ৰীসকললৈ ডাঙৰ ঘোষণা কৰে।

ছাত্ৰ-ছাত্ৰী পৰা মহিলা আৰু কৃষকলৈ, মুখ্যমন্ত্ৰীৰ ১০ টা ডাঙৰ ঘোষণা…
হিমন্ত বিশ্ব শৰ্মাImage Credit source: Facebook (himanta biswa sarma)
barasha-sarma
Barasha Sarma | Published: 01 Apr 2025 15:29 PM

মঙলবাৰে বিহালীত উপস্থিত থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলা উদ্যোমিতা আঁচনিৰ অধীনত চেক বিতৰণ কৰে। এই সময়চোৱাত মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও ডাঙৰ ঘোষণা কৰে।  উল্লেখ কৰা প্ৰয়োজন যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত ৰাজ্যৰ লাখ লাখ মহিলা উপকৃত হ’ব। ইয়াৰ অধীনত তেওঁলোকে কিস্তি হিচাপত ব্যৱসায় কৰিবলৈ আৰ্থিক সাহাৰ্য লাভ কৰিব।

চেক বিতৰণৰ সময়ত বিশাল জনসভা সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ ঘোষণা কৰে।  সেই ঘোষণাসমূহ তলত উল্লেখ কৰা হ’ল-

  1. বৰ্তমান ২৮ লাখ মহিলাই অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আছে। পৰৱৰ্তী সময়ত ৪০ লাখ মহিলাই এই সুবিধা লাভ কৰিব। ইয়াৰ অধীনত প্ৰতিমাহে মহিলাসকলে ১,২৫০ টকাকৈ লাভ কৰিব।
  2. যিসকলে বৰ্তমান পৰ্যন্ত ৰেচন কাৰ্ড পোৱা নাই, তেওঁলোকক ৰেচন কাৰ্ড দিয়া হ’ব। ইয়াৰ অধীনত বিনামূলীয়া চাউলৰ পৰা বিনামূলীয়া চিকিৎসা  (৫ লাখলৈ) লাভ কৰিব।
  3. যিসকলে ছাত্ৰীয়ে ফাৰ্ষ্ট য়েৰত নামভৰ্তি কৰিব তেওঁলোকক নতুনকৈ নিযুত মইনা আঁচনি দিয়া হ’ব।
  4. মেট্ৰিক পৰীক্ষা দিব লগা ছাত্ৰ-ছাত্ৰীসকলে মাহে ৩০০ টকা লাভ কৰিব। মেট্ৰিকৰ ৬ মাহ আগৰ পৰা এই ধন লাভ কৰিব।
  5. স্নাতক উত্তীৰ্ণ যুৱকসকলে প্ৰতিমাহে ২,৫০০ টকা লাভ কৰিব। ১বছৰৰ বাবে তেওঁলোকক এই ধন দিয়া হ’ব।
  6. ১ এপ্ৰিলৰ পৰা প্ৰতি ইউনিট বিদ্যুতৰ মাচুল ১ টকাকৈ হ্ৰাস পাব। নৱেম্বৰ-ডিচেম্বৰত সম্ভৱ হ’লে পুনৰ ৫০ পইচা কমাই দিয়া হ’ব।
  7. আজিৰ পৰা খেতিয়কৰ পৰা ধান ২,৫৫০ টকাত ক্ৰয় কৰা হ’ব। ইয়াৰ পূৰ্বে ইয়াৰ মূল্য আছিল ২,৩০০ টকা।
  8. মহিলা উদ্যমিতা আঁচনিৰ অধীনত অহা বছৰ পুনৰ ২৫,০০০ টকা দিয়া হ’ব।
  9. মহিলা উদ্যমিতা আঁচনিৰ দ্বাৰা প্ৰায় ৩০ লাখ মহিলা উপকৃত হ’ব।
  10. এই ধনৰ সৎ ব্যৱহাৰ হ’লে পৰৱৰ্তী সময়ত আৰু ধন মুকলি কৰি দিয়া হ’ব।

 

 

অন্য খবৰ পঢ়কঃ ভাল খবৰ! ৰাজ্যৰ এইসকল যুৱকে প্ৰতিমাহে লাভ কৰিব ২,৫০০ টকা…

অন্য খবৰ পঢ়কঃ ৰাজ্যৰ এইসকল ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিমাহে লাভ কৰিব চৰকাৰী ধন, মুখ্যমন্ত্ৰীৰ ঘোষণা…