লখিমপুৰত কেইবাটাও ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…

বিকাশৰ ১২ দিনৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ ঘোষণা কৰে। ৰেচন কাৰ্ড সন্দৰ্ভতো বহু গুৰুত্বপূৰ্ণ মন্তব্য় আগবঢ়ায়। তেওঁ কয় যে, এতিয়াৰ পৰা অৰুণোদয়ৰ ধন পাবলৈ হ'লে ৰেচন কাৰ্ড থাকিবই লাগিব।

লখিমপুৰত কেইবাটাও ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ...

হিমন্ত বিশ্ব শৰ্মা

Published: 

22 Dec 2024 15:16 PM

বিকাশৰ ১২ দিনৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰত হাজাৰ হাজাৰ হিতাধিকাৰীৰ মাজত ৰেচন কাৰ্ড বিতৰণ কৰে। এক বিশাল জনসভা সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও ডাঙৰ ঘোষণা কৰে। শৰ্মাই কয় যে, আজি এক গুৰুত্বপূৰ্ণ  দিন। কিয়নো আজি উত্তৰ লখিমপুৰ আৰু লখিমপুৰ জিলাৰ বাবে কেইবাটাও আঁচনি আজি আৰম্ভ হ’ব। এই সময়চোৱাত শৰ্মাই পূৰ্বৰ কামৰ খাতিয়ানো দাঙি ধৰে।

শৰ্মাই কয় যে, অসম ৰাজ্য়িক গ্ৰাম্য জীৱিকা অভিযানৰ অধীনত নিয়োজিত ৩৫৪ টা আত্মসহায়ক গোটক আজি ১ কোটি ২৭ লাখ টকা প্ৰাৰম্ভিক মূলধন হিচাপে প্ৰদান কৰা হ’ব। তেনে ১৮ টা আত্মসহায়ক গোট লখিমপুৰৰ পৰা আছে। বিধায়ক মানৱ ডেকাৰ প্ৰচেষ্টাত পানীগাঁও- খাৰকাটি- আহোমমণি- মিৰিগাঁও পথত ফটাখুটি গাঁতত ৰঙানদীৰ ওপৰত লোক নিৰ্মাণ বিভাগে ২৬  কোটি টকাৰে নিৰ্মাণ কৰা দলঙৰ শুভাৰম্ভ হ’ব। লখিমপুৰত এখন আইন মহাবিদ্যালয়ৰ প্ৰয়োজন আছিল।  গতিকে আজি এই আইন মহাবিদ্যালয়খনো ১৫ কোটি ৫০ লাখ টকাৰে নিৰ্মাণ কৰি ৰাইজৰ বাবে আগবঢ়োৱা হ’ল বুলি কয় শৰ্মাই।

ইয়াৰোপৰি আজি লখিমপুৰত বি এছ চি নাৰ্ছিং কলেজৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই নাৰ্চিং কলেজৰ বাবে চৰকাৰে পূৰ্বৰ ১০ কোটিৰ লগতে আতিৰিক্ত ১৫ কোটি দিয়াৰ কথা ঘোষণা কৰে। বগী নদীত ১৫ কোটি টকাৰে ৭০০ আসনযুক্ত অত্যাধুনিক প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন কৰাৰ কথাও কয় শৰ্মাই।

শৰ্মাই কয় যে, আজিৰ এই সভাখনৰ জৰিয়তে অসমৰ ৩৭ টা বিধানসভা সমষ্টিত ৫ লাখৰো অধিকলোকক ৰেচন কাৰ্ড প্ৰদান কৰা হয়। তেওঁ কয় , ৰেচন কাৰ্ড ১৫ তাৰিখৰ পৰা ২৮ তাৰিখলৈ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ নিৰ্বাচন কৰি থকা হৈছে। গতিকে অৰুণোদয় পাবলৈ ৰেচন কাৰ্ড থাকিব লাগিব। যিসকলৰ ৰেচন কাৰ্ড নাই, সেইসকলে অৰুণোদয় আঁচনিৰ ধন লাভ নকৰে।

ইয়াৰোপৰি ৰেচন কাৰ্ড লাভ কৰিলে প্ৰধানমন্ত্ৰীৰ আয়ুষ্মাণ ভাৰত, মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসমৰ জৰিয়তে ৫ লাখ টকাৰ বিনামূলীয়া চিকিৎসা  ৰাইজে লাভ কৰিব বুলি শৰ্মাই কয়। তেওঁ কয় যে, যদি কাৰোবাৰ আয়ুষ্মান কাৰ্ড নাথাকে তেন্তে ৰেচন কাৰ্ড দেখুৱাই সেই ব্যক্তিগৰাকীয়ে বিনামূলীয়া স্বাস্থ্য সেৱা লাভ কৰিব।

ৰেচন কাৰ্ডৰ সুবিধাৰ কথা উল্লেখ কৰি শৰ্মাই কয় যে, আগতে ল’ৰা-ছোৱালীৰ কলেজত নামভৰ্তিৰ বাবে আয়ৰ প্ৰমাণ পত্ৰ দেখুৱাব লগা হৈছিল। কিন্তু এতিয়াৰ পৰা ৰেচন কাৰ্ড দেখুৱালে সকলো হৈ যাব।  ৰেচন কাৰ্ড সন্দৰ্ভত এক নতুন ঘোষণা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, পূৰ্বতে ৰেচন কাৰ্ডৰ অধীনত হিতাধিকাৰীয়ে মাহে ৫ কেজিকৈ বিনামূলীয়া চাউল লাভ কৰিছিল। কিন্তু এতিয়াৰ পৰা চাউলৰ লগতে সুলভ মূল্যত দাইল আৰু চেনি দিয়াৰো ব্যৱস্থা কৰা হ’ব।

 

শীতকালত সুন্দৰ হৈ পৰিব আপোনাৰ ছাল, মন কৰক এইসমূহ দিশলৈ...
চুলি হৈ পৰিব দীঘল, ক'লা, ঘন আৰু মজবুত! মাত্ৰ ব্যৱহাৰ কৰক এই সামগ্ৰী
নতুন বছৰত গ্ৰাহকলৈ সুখৰ বতৰা আনিছে Jioই, নানা সুবিধাৰে আগবঢ়াইছে বেষ্ট প্লেন
কমেডি ষ্টাৰ গোবিন্দাৰ সেইসমূহ ছবি, যিবোৰৰ নিৰ্মাণ এতিয়ালৈ সম্পূৰ্ণ নহ'ল...