টাটা ট্ৰাষ্টৰ অধ্যক্ষ নোৱেল টাটাক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ, বহু বিশিষ্ট উদ্যোগপতিক আমন্ত্ৰণ জনালে অসমলৈ
টাটা ট্ৰাষ্টৰ অধ্যক্ষ নোৱেল টাটাৰ লগতে দেশৰ কেইবাগৰাকী বিশিষ্ট উদ্যোগপতিক আজি সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই সময়চোৱাত তেওঁ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰাৰ লগতে অসমলৈ তেওঁলোকক আমন্ত্ৰণ জনায়।
দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেশৰ কেইবাগৰাকী বিশিষ্ট উদ্যোগপতিক সাক্ষাৎ অসমলৈ আগবঢ়োৱা বিনিয়োগৰ বাবে কৃতজ্ঞতা প্ৰকাশৰ লগতে এডভান্টেজ আছাম ২.০’ শীর্ষক সন্মিলনলৈ আমন্ত্ৰণ জনায়। শৰ্মাই টাটা ট্ৰাষ্টৰ অধ্যক্ষ নোৱেল টাটা আৰু তেওঁৰ পুত্ৰ নেভিল টাটাক সাক্ষাৎ ট্ৰাষ্টে অসমৰ বাবে আগবঢ়োৱা বিনিয়োগৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে লগতে অসমত অনুষ্ঠিত হবলগীয়া ‘এডভান্টেজ আছাম ২.০’ শীৰ্ষক কাৰ্যসূচীত অংশ গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনায়। ইয়াৰোপৰি শৰ্মাই মুম্বাই ভ্ৰমণৰ সময়চোৱাত মহিন্দ্রা গ্ৰুপৰ অধ্যক্ষ আনন্দ মহিন্দ্রাকো সাক্ষাৎ কৰি ৰাজ্যৰ ঔদ্যোগিক উন্নয়নৰ যাত্ৰাত অসম চৰকাৰৰ সৈতে অংশীদাৰ হোৱাৰ বাবে আমন্ত্রণ জনায়।
মুম্বাইৰ ষ্টিভেন ষ্ট্ৰিটস্থিত গেটৱে ভৱনত আনন্দ মহিন্দ্ৰাৰ সৈতে দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়ত মুখ্যমন্ত্রী ড° শৰ্মাই আনন্দ মহিন্দ্ৰাৰ ঔদ্যোগিকৰণৰ প্ৰতি থকা উদ্যম আৰু বৌদ্ধিক দক্ষতাক প্রশংসা কৰে। লগতে ৰাজ্যখনৰ ঔদ্যোগিক উন্নয়নৰ যাত্ৰাক অধিক গতিশীল কৰাৰ বাবে মহিন্দ্ৰা গ্ৰুপৰ সৈতে অংশীদাৰীত্বৰ বাবে ৰাজ্য চৰকাৰৰ আগ্রহ ব্যক্ত কৰে।অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ‘এডভান্টেজ, আছাম ২.০’ শীর্ষক কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে মহিন্দ্ৰা গ্ৰুপৰ অধ্যক্ষগৰাকীক আমন্ত্ৰণ জনাই শৰ্মাই।
মুখ্যমন্ত্রী ড° শর্মাই এল এণ্ড টিৰ মুখ্য কাৰ্যবাহী বিষয়া এছ এন সুব্রমনিয়মৰ সৈতে আন এক বৈঠকত মিলিত হৈ এই সন্মিলনত অংশগ্রহণ কৰিবলৈ আমন্ত্রণ জনায়। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনত অব্যাহত থকা কেইবাটাও বহু অভিলাষী প্রকল্পৰ বাবে অসম আন্তঃগাঁথনি কোম্পানীসমূহৰ বাবে এক আকর্ষণীয় স্থলী হিচাপে পৰিগণিত হৈছে। গতিকে এল এণ্ড টিয়ে অসম চৰকাৰৰ সৈতে অংশীদাৰ হৈ ৰাজ্যখনক বিনিয়োগৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাত সহায় কৰিব পাৰে। মুখ্যমন্ত্ৰীয়ে নির্মাণখণ্ডত বহনক্ষম আৰু আধুনিক প্রযুক্তি গ্ৰহণৰ সৈতে জৰিত দিশসমূহৰ ওপৰতো আলোচনা কৰে।
মুখ্যমন্ত্রীয়ে ৱেলছপুন গ্ৰুপৰ অধ্যক্ষ বি কে গোৱেংকাৰ সৈতেও এক বৈঠকত মিলিত হৈ গুৰু উদ্যোগ আৰু বস্ত্ৰ খণ্ডত অসমে আগবঢ়োৱা উল্লেখযোগ্য সুযোগ-সুবিধাসমূহৰ ওপৰত আলোকপাত কৰে। তেওঁ ৰাজ্যখনত অসম চৰকাৰে গ্ৰহণ কৰা বিনিয়োগৰ পৰিকল্পনাৰ প্ৰতিও ৱেলছপুন গ্ৰুপৰ অধ্যক্ষৰ মনোযোগ আকর্ষণ কৰে।
ইয়াৰ পূৰ্বে মুখ্যমন্ত্রী ড° শর্মাই এইছ ডি এফ চি বেংকৰ মুখ্য কাৰ্যবাহী বিষয়া শশীধৰ জগদীশনৰ সৈতেও এক বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্রীয়ে বিশেষকৈ ডিবিটিক অগ্রাধিকাৰ দি অসমৰ অৰ্থনীতি সংগঠিতকৰণত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাসমূহৰ বিষয়ে বিষদ ব্যাখ্যা দাঙি ধৰে। তেওঁ কয় যে দক্ষ আৰু অনুশাসিত কর্ম শক্তি থকা অসম ভাৰতৰ বেংকিং উদ্যোগৰ এক সম্ভাৱনাপূর্ণ ক্ষেত্ৰ হিচাপে পৰিগণিত হৈছে। মুখ্যমন্ত্রীয়ে বিভিন্ন খণ্ডত এইছ ডি এফ চিৰ সৈতে ৰাজ্য চৰকাৰৰ সম্ভাব্য সহযোগিতাসমূহৰ ওপৰতো আলোচনা কৰে আৰু অসমৰ উন্নয়নৰ বাবে নতুন পথৰ অন্বেষণ কৰিবলৈ তেওঁক এডভান্টেজ আছাম সন্মিলনত অংশগ্ৰহণৰ বাবে আমন্ত্রণ জনায়।
দুপৰীয়াৰ ভাগত মুখ্যমন্ত্রী ড° শর্মাই হিন্দুস্তান ইউনিলিভাৰৰ ৰোহিত জাৱা, দেৱ বাজপেয়ী আৰু যোগেশ মিশ্ৰৰ সৈতেও এক বৈঠকত মিলিত হয়। বৈঠকত তেওঁ অসমৰ চাহ উদ্যোগৰ উন্নয়নৰ ক্ষেত্ৰত নতুন পথৰ সন্ধানৰ বিষয়ে আলোচনা কৰে। তেওঁ ঔদ্যোগিক প্রতিষ্ঠানটোক ৰাজ্যত নিজৰ উপস্থিতি বৃদ্ধি কৰাৰ লগতে এডভান্টেজ আছাম সন্মিলনত অংশগ্ৰহণ কৰি নতুন বিনিয়োগৰ সম্ভাৱনাসমূহ অন্বেষণ কৰিবলৈ আহ্বান জনায়।
শীর্ষ উদ্যোগপতি সকলৰ সৈতে অনুষ্ঠিত হোৱা বৈঠকৰ অংশ হিচাপে মুখ্যমন্ত্ৰীয়ে ‘লক্ষ্মী টি’ৰ পৰিচালন সঞ্চালক ৰুদ্র চট্টোপধ্যায়কো সাক্ষাৎ কৰি আগন্তুক এডভান্টেজ আছাম সন্মিলনলৈ আমন্ত্রণ জনায়। মুখ্যমন্ত্রী ড° শর্মাই আজি আদানী অনলাইনৰ সঞ্চালক জিৎ আদানীৰ সৈতেও এক বৈঠকত মিলিত হৈ আন্তঃগাঁথনি, শক্তি আৰু প্ৰতিৰক্ষা খণ্ডত অসমত থকা সুযোগ-সুবিধাসমূহৰ অন্বেষণ কৰাৰ বাবে ব্যৱসায়িক গোষ্ঠীটোৰ অংশগ্ৰহণৰ ক্ষেত্ৰত তীব্র আগ্রহ প্রকাশ কৰে। বৈঠকত মুখ্যমন্ত্ৰীয়ে ব্যৱসায়িক গোষ্ঠীটোৰ সম্প্ৰসাৰণৰ পৰিকল্পনাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সদিচ্ছা তথা আগ্ৰহৰ কথাও ব্যক্ত কৰে।