অসমৰ আকাশত ঘূৰি ফুৰিব ৬-৭ টা চেটেলাইট- ISRO ৰ অধ্যক্ষৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক…
অসমৰ থাকিব নিজাকৈ কৃত্ৰিম উপগ্ৰহ। এই সন্দৰ্ভত ইছৰোৰ অধ্যক্ষৰ সৈতে সোমবাৰে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

অসমে নিজাকৈ উৎক্ষেপণ কৰিবলগীয়া উপগ্ৰহ আছামছাট (ASSAMSAT) সম্পৰ্কে ISROৰ অধ্যক্ষ ড০ ভি নাৰায়নৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সোমবাৰে অনুষ্ঠিত হোৱা এই বৈঠকৰ সময়ত শৰ্মাই ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ অধ্যক্ষগৰাকীৰ সৈতে উপগ্ৰহ সন্দৰ্ভত বিভিন্ন দিশৰ ওপৰত আলোচনা কৰে। এই বৈঠকতে ড° ভি নাৰায়ণনৰ (Dr V. Narayanan)য়ে আশ্বাস দিয়ে যে অসমে উপগ্ৰহণ উৎক্ষেপণ কৰাৰ ক্ষেত্ৰত ইছৰোই সকলো সহায়-সহযোগিতা আগবঢ়াব।
ভি নাৰায়ণৰ সৈতে শৰ্মাই উপগ্ৰহ নিৰ্মাণ, ইয়াত সংযুক্ত হ’বলগীয়া প্ৰযুক্তি সম্পৰ্কত বিশদভাৱে আলোচনা কৰে। উল্লেখ কৰা প্ৰয়োজন যে, অসম চৰকাৰে কিছুদিন পূৰ্বে উত্থাপন কৰা বাজেটত অসমৰ কৃত্ৰিম উপগ্ৰহ আছামছাটৰ কথা ঘোষণা কৰিছিল। তাৰ পাছতেই এতিয়া এই সিদ্ধান্ত কাৰ্যকৰী কৰাৰ দিশে পদক্ষেপ লৈছে চৰকাৰে।
বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, “এয়া এখন গুৰুত্বপূৰ্ণ বৈঠক আছিল। আমি অসমে নিজাকে চেটেলাইট ৰাখিব বিচাৰো। অসমৰ আকাশত সকলো সময়তে ৬-৭ টা চেটেলাইট ঘূৰি থাকিব। ইয়াক আমি খুব ল’ অৰ্বিটত মুকলি কৰিম। গতিকে ইছৰোৰ সৈতে এই ক্ষেত্ৰত কেতিয়া বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিব পৰা যাব তাক লৈ আলোচনা কৰা হ’ল। ইয়াৰোপৰি ইছৰোৰ চন্দ্ৰপুৰত স্থাপন হ’বলগীয়া স্পেছ অবজাৰ্ভেটেৰি চেন্টাৰ (space observatory ) সন্দৰ্ভতো আলোচনা কৰা হয়। জানুৱাৰী মাহত ৰাডাৰ চন্দ্ৰপুৰত স্থাপন হ’ব”।
উল্লেখ্য যে, কিছুদিন পূৰ্বে বাজেটত আছামছাটৰ ঘোষণা কৰি বিত্তমন্ত্ৰী অজন্তা নেওগে কৈছিল যে, অসমৰ কৃষি, দুৰ্যোগ ব্যৱস্থাপনা, আন্তঃগাঁথনি বিকাশ, সীমান্ত সুৰক্ষা ব্যৱস্থাপনা আৰু আৰক্ষীৰ অভিযান আদিৰ দৰে সেৱাত ই সহায় কৰিব। কেন্দ্ৰীয় চৰকাৰৰ মহাকাশ বিভাগৰ অধীনস্থ ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ উদগনি আৰু কৰ্তৃত্ব প্ৰদান কেন্দ্ৰ (IN-SPACe) ৰ সহযোগত জটিল আৰ্থ-সামাজিক প্ৰকল্পসমূহৰ কাৰ্য ৰূপায়নৰ স্বাৰ্থত বিশ্বাসযোগ্য আৰু অবিৰত তথ্যৰ সৰবৰাহ নিশ্চিত কৰাৰ বাবে অসম চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। জানিব পৰা মতে, এই প্ৰকল্পত কৃত্ৰিম উপগ্ৰহ নিৰ্মাণ কাৰ্যত ইনস্পেচ (INSPACe) আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO) ৰ সহযোগত অসমৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক জড়িত কৰা হ’ব।
ইয়াৰোপৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে, অসমৰ কৃত্ৰিম উপগ্ৰহই ৰাজ্যৰ সীমান্ত সুৰক্ষা কৰিব। বাংলাদেশী অনুুপ্ৰৱেশকাৰীৰ ক্ষেত্ৰত ই এক ডাঙৰ ভূমিকা পালন কৰিব। ইয়াৰোপৰি অসমত হবলগীয়া বানপানী আদিৰ ক্ষেত্ৰত আগতীয়াকৈ তথ্য দিব পাৰিব আছামছাটে।
অন্য খবৰ পঢ়কঃ Assamsat: অসমত স্থাপন হ’ব নিজা কৃত্ৰিম উপগ্ৰহ ‘আছামছাট’…