নগাঁও মাছৰ পৰা আৰম্ভ কৰি ট্ৰেডিঙলৈ, কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ

নগাঁওৰ পৰা উজনিলৈ মাছ প্ৰেৰণ নকৰাতো ভাল কথা বুলি উল্লেখ কৰি শৰ্মাই কয় যে, উজনিলৈ যদি মাছ নপঠাই সেয়া ভালহে কথা। এয়া বজাৰ লোৱাৰ সুযোগ। হাই- কাজিয়া নকৰি এনে সময়তে বজাৰ লৈ ল'ব লাগে।

নগাঁও মাছৰ পৰা আৰম্ভ কৰি ট্ৰেডিঙলৈ, কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Published: 

04 Sep 2024 17:30 PM

বুধবাৰে লখিমপুৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবা ঠাই পৰিদৰ্শন কৰে। বিভিন্ন কাৰ্যসূচীত অংশ গ্ৰহণ কৰাৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই শৰ্মাই। স্বাস্থ্যৰ অনুপযোগী মাছৰ পৰা আৰম্ভ কৰি জনজাতিকৰণ প্ৰক্ৰিয়ালৈকে, বিভিন্ন দিশৰ ওপৰত মন্তব্য কৰে শৰ্মাই।

বৰ্তমান অসমত ট্ৰেডিঙৰ নামত সংঘটিত হৈ থকা প্ৰৱঞ্চনা সন্দৰ্ভত শৰ্মাই কয় যে,  এতিয়ালৈকে ৩৮ জনক গ্ৰেপ্তাৰ কৰা হৈছে। কোনো মানুহৰ হাতত এনে যাদু নাই যিয়ে ২০-৩০ শতাংশ লাভ দিব পাৰে। ট্ৰেডিং অবৈধ, গতিকে এনে ষড়যন্ত্ৰৰ বলি হৈ জমা টকা নষ্ট নকৰিবলৈ অসমৰ ৰাইজক আহ্বান জনাই শৰ্মাই।  তেওঁ কয় যে, জমা টকা এনেদৰে নষ্ট হৈ যোৱা কেতিয়াও গ্ৰহণযোগ্য নহয়। আপোনালোকৰ পৰা টকা লৈ সেই টকাৰে ডুবাইলৈ যায় বা বিলাসী জীৱন কটায়। গতিকে ৰাইজ সাৱধান হ’ব আৰু বাকী সকলো ব্যৱস্থা আৰক্ষীয়ে গ্ৰহণ কৰিব।

ইয়াৰোপৰি অসমত চৰ্চাত থকা মাছ বিতৰ্ক সন্দৰ্ভত মন্তব্য কৰি শৰ্মাই কয় যে, নগাঁও, মৰিগাঁও আদিত মাছ উৎপাদনৰ বাবে কিছুমান এনে পন্থা হাতত লয় যি স্বাস্থ্য বাবে উপযোগী নহয়। সেয়ে ৪বছৰৰ আগৰ তুলনাত এতিয়া কিডনী ৰোগৰ সংখ্যা বেছি। শৰ্মাই কয়, জৈৱিক পদ্ধতিৰেও মাছৰ উৎপাদন বৃদ্ধি কৰিব পাৰি, সহজ পদ্ধতিৰে গ’লে সমস্যা। কিছুমানে মাছত পোনে পোনে ইউৰিয়া দি দিয়ে, যি অতি ক্ষতিকাৰক। নগাঁওৰ পৰা উজনিলৈ মাছ প্ৰেৰণ নকৰাতো ভাল কথা বুলি উল্লেখ কৰি শৰ্মাই কয় যে, উজনিলৈ যদি মাছ নপঠাই সেয়া ভালহে কথা। এয়া বজাৰ লোৱাৰ সুযোগ। হাই- কাজিয়া নকৰি এনে সময়তে বজাৰ লৈ ল’ব লাগে। স্বাস্থ্য উপযোগী বস্তুৰ বাবে মানুহে বেছি দাম দিবলৈও বেয়া নাপায় বুলি কয় তেওঁ।

জনজাতিকৰণ সন্দৰ্ভত শৰ্মাই কয় যে, তৰুণ গগৈ চৰকাৰৰ দিনত প্ৰস্তাৱ লৈছিল যে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হওক, কিন্তু পুৰণা জনজাতিৰ কোনো ক্ষতি হ’ব নোৱাৰে। এয়া কংগ্ৰেছে নিমিলা অংক কৰি থৈ গ’ল। মৰাণ, মটক আৰু চুতীয়া সম্প্ৰদায়ৰ ক্ষেত্ৰত কিছু ঐক্যমত হৈছে যদিও বাকীখিনিৰ ক্ষেত্ৰত ঐক্যমত হোৱা নাই বুলি কয় শৰ্মাই। গতিকে আলোচনাৰে সমাধান নহ’লে বিধানসভাত সংশোধনী প্ৰস্তাৱ আনিব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।

ইয়াৰোপৰি সীমা নিৰ্ধাৰ সন্দৰ্ভত শৰ্মাই কয় যে, বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত যি লিখা আছে তাতকৈ আমি বেছি কৰিছো। প্ৰতিবেদনত লিখা থকা মতে সকলো হৈছে। বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত থকা মাত্ৰ কেইটামান কামহে বাকী আছে। অসম- অৰুণাচল প্ৰদেশৰ ৩ টা অঞ্চলক বাদ দি বাকী সমস্যা সমাধান হৈছে বুলি কয় শৰ্মাই।

 

ভোগালী বিহুত খোৱা চিৰা-দৈৰ জলপানৰ উপকাৰিতাৰ বিষয়ে জানেনে?
মাঘ বিহুত মাহ কৰাই আৰু পঁইতা ভাত খোৱাৰ পৰম্পৰাৰ বিষয়ে জানেনে?
উৰুকাৰ নিশা চুৰি কৰা পৰম্পৰাৰ বিষয়ে জানেনে?
ওলাইছে নেকি শালমইনা? এই ঘৰুৱা পদ্ধতিৰে লাভ কৰিব পৰিত্ৰাণ!