মন্ত্ৰীসকলক বিতৰ্কিত মন্তব্য, সাক্ষাৎকাৰৰ পৰা আঁতৰি থকাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ…

ৰাজ্যৰ মন্ত্ৰীসকললৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাঢ়া নিৰ্দেশ। মন্ত্ৰীসকলক বিতৰ্কিত আৰু ৰাজনৈতিক মন্তব্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাই তেওঁ। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে এক নিৰ্দেশনা জাৰি কৰিছে।

মন্ত্ৰীসকলক বিতৰ্কিত মন্তব্য, সাক্ষাৎকাৰৰ পৰা আঁতৰি থকাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ...

মুখ্যমন্ত্ৰী

barasha-sarma
Published: 

18 Dec 2024 16:10 PM

ৰাজ্যৰ প্ৰতিগৰাকী মন্ত্ৰীলৈ কাঢ়া নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পাছতেই এতিয়া ৰাজ্যৰ মন্ত্ৰীসকলক দেখা নাযাব সংবাদ মাধ্যমৰ আগত বা কোনোবা সাক্ষাৎকাৰত। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ মন্ত্ৰীসকলক বিতৰ্কতি মন্তব্যৰ পৰা দূৰত থাকিবলৈ আহ্বান জনোৱাৰ লগতে ৰাজনৈতিক সাক্ষাৎকাৰতো অংশ গ্ৰহণ কৰাত বাধা প্ৰদান কৰে। ইয়াৰ সলনি ৰাজ্যৰ উন্নয়নমূলত কাম-কাজত মন দিবলৈ আহ্বান জনায় শৰ্মাই। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে ১৫ ডিচেম্বৰত এক জাননী জাৰি কৰিছে।

জাননীখনত উল্লেখ আছে যে, ” আপোনালোকে জানে যে ৰাজ্যৰ উন্নয়নৰ বাবে চৰকাৰে কেইবাটাও অভিলাষী আঁচনিৰ ওপৰত কাম কৰি আছে। ১২ দিনৰ বিকাশৰ কাৰ্যসূচীৰ পাছতো আৰু অন্য পদক্ষেপ গ্ৰহণ কৰা হ’ব। গতিকে এনে সময়ত বিক্ষিপ্ত ঘটনাৰ পৰা আঁতৰি থকা প্ৰয়োজনীয়। দেখা গৈছে যে কিছুমান অনুষ্ঠানত মন্ত্ৰীসকলে সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰাৰ সময়ত ৰাজনৈতিক মন্তব্য প্ৰদান কৰে। এনে ৰাজনৈতিক মন্তব্য অপ্ৰয়োজনীয়, সেয়ে এয়া পৰিহাৰ কৰাতো প্ৰয়োজনীয়। এনে মন্তব্যই ৰাজ্যত বিতৰ্কৰ সৃষ্টি কৰে আৰু উন্নয়নমূলক কাম-কাজৰ পৰা জনসাধাৰণৰ দৃষ্টি আঁতৰাই ৰাখে। ইয়াৰোপৰি দেখা যায় যে একাংশ সংবাদ মাধ্যমে মন্ত্ৰীসকলক উচতনি দি বিতৰ্কিত মন্তব্য কৰিবলৈ বাধ্য কৰায় আৰু ইয়ে পাছত চাঞ্চল্যৰ সৃষ্টি কৰে।ইয়াৰ দ্বাৰা উন্নয়নৰ গতিত বাধা দিয়া হৈছে।

ওপৰৰ কথাখিনিক লক্ষ্য কৰি ৰাজ্যৰ সকলো মন্ত্ৰীকে ৰাজনৈতিক মন্তব্য নকৰিবলৈ আৰু কোনো ৰাজনৈতিক সাক্ষাৎকাৰত অংশ নল’বলৈ আহ্বান জনোৱা হয়। ইয়াৰোপৰি তেওঁলোকে যাতে ৰাজনৈতিক বিষয়ত প্ৰতিক্ৰিয়া, মন্তব্য আদিৰ পৰাও আঁতৰি থাকে। ইয়াৰ সলনি সংবাদ মাধ্যমৰ সৈতে কথা পতাৰ সময়ত মন্ত্ৰীসকলে সংশ্লিষ্ট বিভাগৰ উন্নয়নৰ লগত জড়িত বিষয়সমূহৰ বিষয়ে বিতংভাৱে জনাব লাগে”।  লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্ত্ৰীসকলক ৰাজ্যৰ আৰ্থ-সামাজিক দিশৰ উন্নয়ন দিশৰ ওপৰত মনোনিবেশ কৰি কাম কৰিবলৈ আহ্বান জনায়।

নৱবৰ্ষত ছবিগৃহলৈ আহিব নতুন অসমীয়া ছবি 'বনৰজা'।
Beharbari Outpost:বেহাৰবাৰী আউটপোষ্টত পুনৰ দেখিব কে কে আৰু মোহনক
এটুকুৰা গুৰে বৃদ্ধি কৰিব পাৰে আপোনাৰ আয়ুস!
অৱসৰৰ পিছতে কন্যাৰ পৰা অশ্বিনে পালে এনে বিশেষ উপহাৰ, লাভ কৰিছে ব্যাপক চৰ্চা