বেলুচিস্তানৰ স্বাধীনতা আন্দোলনৰ প্ৰসংগৰে পাকিস্তানক তুলাধূনা মুখ্যমন্ত্ৰীৰ! উদঙালে গোপন ৰহস্য…
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়া হেণ্ডেল এক্সত পোষ্ট কৰি বেলুচিস্তান আন্দোলনক লৈ পাকিস্তানক শলঠেকত পেলায়। তেওঁ কয়, "বেলুচিস্তানৰ স্বাধীনতা আন্দোলনৰ শিপা ১৯৪৭-১৯৪৮ চনৰ উত্তাল পৰিঘটনাৰ পৰাই আৰম্ভ হৈছে, যেতিয়া বৰ্তমানৰ বেলুচিস্তানক প্ৰতিনিধিত্ব কৰা ৰাজকীয় ৰাজ্য কালাত বিভাজন হৈছিল। ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ অন্ত পৰাৰ পিছতো ৰাজকীয় ৰাষ্ট্ৰখনে নিজৰ সাৰ্বভৌমত্ব অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰিছিল।"

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা উত্তেজনাৰ মাজতে দেওবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বেলুচিস্তানক লৈ পাকিস্তানক সমালোচনা কৰে। পাকিস্তান চৰকাৰৰ বিৰুদ্ধে বেলুচিস্তান আন্দোলনৰ প্ৰশংসা কৰে মুখ্যমন্ত্ৰীয়ে। শেহতীয়াকৈ জম্মু-কাশ্মীৰৰ পহলগামত পাকিস্তানে ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছিল। এই আক্ৰমণত ২৬ জন পৰ্যটকৰ মৃত্যু হয়। ইয়াৰ পিছত পাকিস্তানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ভাৰতে। ইফালে পহলগাম আক্ৰমণৰ পিছৰ পৰাই পাকিস্তানক লক্ষ্য কৰি ল’বলৈ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই।
বেলুচিস্তান আন্দোলনক প্ৰশংসা মুখ্যমন্ত্ৰীৰ
মুখ্যমন্ত্ৰী ড০ শৰ্মাই ছ’চিয়েল মিডিয়া হেণ্ডেল এক্সত পোষ্ট কৰি বেলুচিস্তান আন্দোলনক লৈ পাকিস্তানক আক্ৰমণৰ লক্ষ্য কৰি লয়। তেওঁ কয়, “বেলুচিস্তানৰ স্বাধীনতা আন্দোলনৰ শিপা ১৯৪৭-১৯৪৮ চনৰ উত্তাল পৰিঘটনাৰ পৰাই উদ্ভৱ হৈছে, যেতিয়া বৰ্তমানৰ বেলুচিস্তানক প্ৰতিনিধিত্ব কৰা ৰাজকীয় ৰাজ্য কালাতে ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ অন্ত পৰাৰ পিছত নিজৰ সাৰ্বভৌমত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিছিল।”
The Balochistan freedom movement traces its roots to the tumultuous events of 1947–1948, when the princely state of Kalat, representing much of what is today Balochistan, sought to maintain its sovereignty after the end of British colonial rule. Despite initial negotiations for…
— Himanta Biswa Sarma (@himantabiswa) April 27, 2025
পাকিস্তানৰ গোপন কথা ফাদিল
মুখ্যমন্ত্ৰী শৰ্মাই আৰু কয়, “স্বায়ত্তশাসনৰ বাবে প্ৰাৰম্ভিক আলোচনা হোৱাৰ পিছতো ১৯৪৮ চনৰ মাৰ্চ মাহত পাকিস্তানে বলপূৰ্বকভাৱে এই অঞ্চল দখল কৰিছিল, যাৰ ফলত বেলুচ জনসাধাৰণৰ মাজত গভীৰ ক্ষোভৰ সৃষ্টি হৈছিল।” তেওঁ লগতে কয়, “দশক দশক ধৰি ৰাজনৈতিক ভোটাধিকাৰৰ পৰা বঞ্চিত হোৱা, অৰ্থনৈতিক প্ৰান্তীয়কৰণ আৰু সাংস্কৃতিক দমনৰ অনুভূতিয়ে বালোচ জনসাধাৰণৰ বিদ্ৰোহক বাৰে বাৰে ইন্ধন যোগাই আহিছে, বিশেষকৈ ১৯৫৮, ১৯৬২, ১৯৭৩ আৰু ২০০০ চনৰ আৰম্ভণিতে।” মুখ্যমন্ত্ৰীয়ে কয়, “প্ৰাকৃতিক সম্পদেৰে সমৃদ্ধ প্ৰদেশত বাস কৰিও দীৰ্ঘদিন ধৰি অনগ্ৰসৰতা আৰু কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পদ্ধতিগত শোষণৰ অভিযোগৰ সৈতে যুঁজি আছে বেলুচ জনসাধাৰণে ।”
মুখ্যমন্ত্ৰীয়ে আৰু কয়, “২০০৬ চনত সন্মানীয় জনজাতীয় নেতা নবাব আকবৰ বুগটিৰ হত্যাকাণ্ডই এটা দুখজনক অধ্যায়ৰ সূচনা কৰিছিস। যিয়ে পুনৰ আত্মনিয়ন্ত্ৰণ আৰু ন্যায়ৰ দাবীৰ জন্ম দিলে। আজি বেলুচিস্তান আন্দোলন খিলঞ্জীয়াৰ মৰ্যাদা, অধিকাৰ আৰু নিজৰ ভাগ্যৰ ওপৰত নিয়ন্ত্ৰণৰ চিৰস্থায়ী আকাংক্ষাৰ প্ৰতীক হিচাপে থিয় দিছে – অপৰিসীম ত্যাগ আৰু স্বাধীনতাৰ অদম্য মনোভাৱৰ দ্বাৰা চিহ্নিত সংগ্ৰাম।”
পহলগামত সংঘটিত আক্ৰমণৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধাৰাবাহিকভাৱে পাকিস্তানক লক্ষ্য কৰি লোৱা দেখা গৈছে। ইয়াৰ পূৰ্বে দেওবাৰে অসমৰ মুখ্যমন্ত্ৰী আৰু কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ মাজত পাকিস্তানত যোৱা আৰু থকাক লৈ ছ’চিয়েল মিডিয়াত তীব্ৰ বাক-বিতণ্ডা চলিছিল। মুখ্যমন্ত্ৰী শৰ্মাই গগৈক তিনিটা প্ৰশ্ন কৰে, সাংসদগৰাকীয়েও মুখ্যমন্ত্ৰী এই প্ৰশ্নৰ উত্তৰ দিয়ে।
লগতে পঢ়ক: তেওঁৰ দুয়োটা ল’ৰা-ছোৱালী ভাৰতীয় নাগৰিক নহয়: এগৰাকী কংগ্ৰেছ সাংসদলৈ মুখ্যমন্ত্ৰীৰ ৩টা প্ৰশ্ন