5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

কোনে দিব বিচাৰিছিল ১ কোটি? মুখ্যমন্ত্ৰীয়ে অসমবাসীক ক’লে এক ডাঙৰ ৰহস্যৰ কথা…

বিগত কেইটামান দিনত অসমত এজনৰ পাছত আন এজন প্ৰৱঞ্চক আৰক্ষীৰ জালত পৰিছে। বিশাল ফুকন, স্বপ্ননীল দাস, ৰঞ্জিত কাকতি আদিকে ধৰি ৪০ ৰো অধিক ট্ৰেডিঙৰ লগত জড়িত প্ৰৱঞ্চক গ্ৰেপ্তাৰ হৈছে।

কোনে দিব বিচাৰিছিল ১ কোটি? মুখ্যমন্ত্ৰীয়ে অসমবাসীক ক’লে এক ডাঙৰ ৰহস্যৰ কথা…
অবৈধ ট্ৰেডিঙক লৈ কঠোৰ মুখ্যমন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মা
Follow Us
barasha-sarma
Barasha Sarma | Published: 08 Sep 2024 21:45 PM

ৰাজ্যত অনলাইন ট্ৰেডিঙক লৈ চৰ্চা অব্যাহত থকাৰ মাজতে দেওবাৰে পুনৰবাৰ এই প্ৰৱঞ্চনাৰ বিৰুদ্ধে সৰৱ হৈ উঠে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।  এই প্ৰৱঞ্চনা কাণ্ডৰ লগত যিয়ে জড়িত আছে সকলোৱে শাস্তি লাভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। লগতে অসমবাসীক আহ্বান জনাই যাতে কোনোৱে এনে ব্যক্তিক বিশ্বাস কৰি টকা নিদিয়ে।

ফেচবুক লাইভৰ জৰিয়তে শৰ্মাই কয় যে, “বহুতে কৈ আছে ট্ৰেডিঙৰ সৈতে জড়িত অপৰাধীসকলক ধৰিব পাৰিবনে নাই। মই যেতিয়াই সাংবাদিকক  লগ পাওঁ এগৰাকী বিশেষ অভিনেত্ৰীৰ কথা সোধে। মই কোনো ব্যক্তিৰ বিৰুদ্ধে ক’ব নোখোজো বা ব্যক্তিগতভাৱে বিষয়টো চাব বিচৰা নাই। কিন্তু আৰক্ষীক নিৰ্দেশ দিছো অভিনেতাই হওক বা অভিনেত্ৰীয়ে হওক ট্ৰেডিঙৰ সৈতে জড়িত প্ৰত্যেকগৰাকী ব্যক্তিকে আমি গ্ৰেপ্তাৰ কৰিব লাগিব”।

তেওঁ কয়,  ট্ৰেডিঙৰ লগত জড়িত ঘটনাৰ পুনৰাবৃত্তি যাতে অসমত নহয় তাৰ বাবে আমি ব্যৱস্থা ল’ব লাগিব। সকলোৱে ষ্টকত টকা বিনিয়োগ কৰিব পাৰে। তাৰ বাবে ডিমেট একাউন্ট খুলি ষ্টকত ধন বিনিয়োগ কৰিব পাৰি। আজিকালি কলেজ, বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীসকলে এনেদৰে ধন বিনিয়োগ কৰে। কিন্তু কোনোৱে আন কাৰোবাৰ টকা ষ্টকত বিনিয়োগ কৰিব নোৱাৰে। ই অবৈধ। ইয়াৰোপৰি ৩০ শতাংশ, ৬০ শতাংশ লাভৰ প্ৰলোভন দিয়া এক অপৰাধ বুলি কয়  শৰ্মাই। তেওঁ কয় যে, এই সন্দৰ্ভত এছ আই টি গঠন কৰা হৈছে যি বিষয়টোৰ তদন্ত কৰিব।

 

কেনেকৈ এই ঘটনা পোহৰলৈ আহে সেই সন্দৰ্ভত শৰ্মাই কয় যে, এই ঘটনা চলি আছে। কিছুদিন আগতে এটা ট্ৰেডিং কোম্পানীয়ে মুখ্যমন্ত্ৰীৰ সাহাৰ্য নিধিত ১ কোটি টকা দান দিব বিচাৰিছিল। তেতিয়া মোৰ সন্দেহ হৈছিল যে এই ডেকা যুৱক কেইজনে ইমান টকা কিয় দিয়ে আৰু ক’ত পালে এই টকা। পৰৱৰ্তী সময়ত এই বিষয়টোত যেতিয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে তেতিয়া সকলো কথা পোহৰলৈ আহে। এই সন্দৰ্ভত তদন্তৰ বাবে ইডি আৰু আয়কৰ বিভাগকো পত্ৰ লিখা বুলি কয় শৰ্মাই।

উল্লেখ্য যে, বিগত কেইটামান দিনত অসমত এজনৰ পাছত আন এজন প্ৰৱঞ্চক আৰক্ষীৰ জালত পৰিছে। বিশাল ফুকন, স্বপ্ননীল দাস, ৰঞ্জিত কাকতি আদিকে ধৰি ৪০ ৰো অধিক ট্ৰেডিঙৰ লগত জড়িত প্ৰৱঞ্চক গ্ৰেপ্তাৰ হৈছে। এই ঘটনাৰ লগত জড়িত চুমি বৰা নামৰ অভিনেত্ৰীগৰাকী এতিয়াও পলাতক অৱস্থাত আছে। অভিযোগ অনুসৰি এই ঘটনা বহু নামী- দামীলোক জড়ত হৈ আছে। অৱশ্যে আৰক্ষীৰ তদন্তহে এনে বহু ৰৌ- বৰালী জালত পৰাৰ সম্ভাৱণা আছে।

Latest News