অখিল গগৈলৈ শুভকামনা, মইয়েই তেওঁক ২ মন্ত্ৰী দিব পাৰোঃ হিমন্ত বিশ্ব শৰ্মা…
মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়ালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰোপৰি অখিল গগৈৰ শেহতীয়া মন্তব্য সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে শৰ্মাই। তেওঁ কয় যে, মই অখিল গগৈক মুখ্যমন্ত্ৰী বুলি ভাবো।
অব্যাহত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ মাজৰ বাকযুদ্ধ। মঙলবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিমগঞ্জ জিলাৰ নাম সন্দৰ্ভত এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰি চৰকাৰে কৈছিল যে, কৰিমগঞ্জ জিলাৰ নতুন নাম হ’ব শ্ৰীভূমি। শৰ্মাই কৈছিল কৰিমগঞ্জৰ কোনো অভিধানিক অৰ্থ নাই। গতিকে নাম সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। লগতে যিসমূহ গাঁও বা চহৰৰ নাম আভিধানিক নহয় সেই নামসমূহো সলনি কৰা হ’ব বুলি সদৰী কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ।
ইয়াৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে। ছ’চিয়েল মিডিয়াত গগৈয়ে লিখিছে যে- “নাম সলনি আৰু ইতিহাস নতুনকৈ লিখা দুয়োটাই হঠকাৰী আৰু ভয়ংকৰ। কথা আছিল উন্নয়নৰ অভিলেখেৰে ৰাজ্যৰ মানচিত্ৰ দেশত সলনি কৰাৰ, জিলাৰ নাম সলনিৰে নহয়।হাল এৰি শিয়াৰ খেজাৰ মুখ্যমন্ত্ৰী নীতিৰ প্ৰতিবাদ হ’ব লাগে”।
অখিল গগৈৰ এই কথাৰ প্ৰত্যুত্তৰ জনাই বুধবাৰে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, মোৰ নাম যদি ৰবীন্দ্ৰ নাথ ঠাকুৰে দি থৈ গ’লহেতেন তেন্তে ভালেই পালোহেতেন। যদি ১৯১৯ চনত ৰবীন্দ্ৰ নাথ ঠাকুৰ বা লক্ষ্মীনাথ বেজবৰুৱাই মোৰ নাম সলনি দি থৈ গ’লহেতেন তেন্তে মই হাঁহি সলনি কৰিলোহেতেন। উল্লেখ কৰা প্ৰয়োজন যে, কৰিমগঞ্জ জিলাৰ নাম শ্ৰীভূমি ৰখাৰ কাৰণ উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল- ১৯১৯ চনত প্ৰখ্যাত কবি ৰবীন্দ্ৰনাথ ঠাকুৰে চিলেট ভ্ৰমণৰ সময়ত এই অঞ্চলটোক “সুন্দৰী শ্ৰীভূমি” বুলি উল্লেখ কৰিছিল । তেওঁ লগতে কয় যে, শ্ৰীভূমি শব্দটোৱে অসমীয়া আৰু বাংলা উভয় অভিধানতে তাৎপৰ্য বহন কৰিছে । সেই অনুসৰি কৰিমগঞ্জ জিলাৰ নাম শ্ৰীভূমি নামেৰে নামাকৰণ কৰা হৈছে বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই ।
ইয়াৰোপৰি মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সন্দৰ্ভতো মন্তব্য কৰে শৰ্মাই। তেওঁ কয় যে, মন্ত্ৰী সভাৰ সম্প্ৰসাৰণ বুলি কোনো কথা নাই, কেৱল বৰাকৰ এজন প্ৰতিনিধি দিব লাগে। ইয়াৰোপৰি অখিল গগৈয়ে ২০২৬ চনত দুজন মন্ত্ৰী লাগিব বুলি প্ৰচাৰ কৰি থকা সন্দৰ্ভত সোধা সাংবাদিকৰ প্ৰশ্নত শৰ্মাই কয় যে, অখিল গগৈ ভালে থাকক, ৰাইজৰ হৈ কাম কৰি থাকক তাৰ বাবে শুভেচ্ছা। ইয়াৰপৰি গগৈক কটাক্ষ কৰি শৰ্মাই কয় যে, অখিল গগৈয়ে মন্ত্ৰী কিয় বিচাৰিছে, মইতো তেওঁক মুখ্যমন্ত্ৰী বুলি ভাবি আছিলো। ভবা নাছিলো যে মাত্ৰ ২ জন মন্ত্ৰীতে সন্তুষ্ট হ’ব, মই ভাবিছিলো তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ চেষ্টা কৰি আছে। ২ টা মন্ত্ৰী লাগিলে মইয়ে চোন দি দিব পাৰো।
উল্লেখ্য যে, প্ৰায়েই মুখ্যমন্ত্ৰী আৰু অখিল গগৈৰ মাজত এনে বাকযুদ্ধ দেখা যায়। শেহতীয়াকৈ অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ নাম সলনি কৰাৰ কথাও কৈছে। গগৈয়ে কৈছে যে, হিমন্ত নামটো ভাল নালাগে, গতিকে তেওঁক এটা নতুন নাম দিব। গতিকে এই বাকযুদ্ধ কি পৰ্যায় পায়গৈ সেয়া সময়ত হ’ব লক্ষণীয়।